Logo
image

ছবিৰ মাজেৰে অভিজিতৰ নীৰৱ ভাষা বুজি পালে মোদীয়ে

আমাৰ অসম, ২৩ জুলাইঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্যৰ এগৰাকী দিব্যাংগ যুৱকৰ সপোন পুৰণ কৰিলে৷ শিলচৰৰ ২৮ বছৰীয়া মূক-বধিৰ চিত্ৰশিল্পী অভিজিত গোটানিৰ সপোন আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এদিন সোশৰীৰে সাক্ষাৎ কৰাৰ৷ দুমাহমান আগতে অভিজিতে শিলচৰৰ পৰা গুৱাহাটীলৈ আহিছিল মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে৷ সিদিনা তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি নিজে অংকন কৰা ডঃ শৰ্মাৰ এখন ছবি উপহাৰ দিছিল৷ ভৱিষ্যতে প্ৰধানমন্ত্ৰীকো অনুৰূপভাৱে সাক্ষাত কৰাৰ নিজৰ হেঁপাহৰ কথা মুখ্যমন্ত্ৰীৰ সমুখত দাঙি ধৰিছিল৷ মুখ্যমন্ত্ৰীয়েও সেই হেঁপাহ পুৰণ কৰিব বুলি তেওঁক আশ্বাস প্ৰদান কৰিছিল৷ অৱশেষত মাত্ৰ দুমাহৰ ভিতৰত অভিজিতৰ সেই ইচ্ছাও পুৰণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে৷ মুখ্যমন্ত্ৰী শৰ্মা আৰু নিজৰ মাতৃৰ সৈতে অভিজিতে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে৷ সংসদভৱনস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মোদীক সাক্ষাত কৰি অভিজিতে প্ৰধানমন্ত্ৰীৰ জীৱনযাত্ৰাৰ একাধিক ছবিৰ ক’লাজ আঁকি উপহাৰ হিচাপে প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়েও অভিজিতৰ পিঠি চাপৰি উৎসাহিত কৰে৷ পিছত অংগীভংগীৰ [চাইন লেংগুয়েজ] জৰিয়তে উতফুল্লিত অভিজিতে সাংবাদিকৰ আগত কয় যে নিতৌ মই প্ৰধানমন্ত্ৰীক টিভিত দেখো৷ কিন্তু আজি মই সোশৰীৰে তেওঁক সাক্ষাৎ কৰিলো৷ এয়া যে কিমান আনন্দৰ বিষয় সেয়া মই ব্যক্ত কৰিব নোৱাৰো৷ প্ৰধানমন্ত্ৰীয়ে মই খুৱ সুন্দৰ আঁকিছো বুলি প্ৰশংসা কৰিছে৷ মোৰ পিঠি চাপৰি তেওঁ মোক উদগনী দিছে৷ আজি মোৰ সপোন পুৰণ হল৷ প্ৰধানমন্ত্ৰীয়ে বৰ সৰল আৰু সহৃদয় প্ৰকৃতিৰ ব্যক্তি বুলি অভিজিতে প্ৰকাশ কৰি কয়  প্ৰধানমন্ত্ৰীক সাক্ষাত কৰাৰ বাবে মোৰ পৰিয়ালে আজি গৰ্ব বোধ কৰিব পাৰিছে৷ ‘মোৰ নিছিনা দিব্যাংগ লোকসকলে কেতিয়াও ভাবিব নালাগে যে এই পৃথিবীখনত আমাৰ কোনো মূল্য নাই৷ বৰঞ্চ গোটেই পৃথিবীখনক দেখাব লাগে যে আমিও ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰো৷ চাইন লেংগুয়েজেৰে কোৱা অভিজিতৰ এই অভিব্যক্তিৰ অনুবাদ কৰি দিয়ে তেওঁ মাতৃয়ে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰীক উপহাৰ দিয়া অভিজিতৰ পেইণ্টিঙত মাতৃৰ পৰা আশীৰ্বাদ লোৱাৰ দৃশ্যৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত দিয়া ভাষণ, বালক নৰেন্দ্ৰ মোদীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ যাত্ৰাৰ বহুতো দৃশ্য৷ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অভিজিত বৰ ভাল ল’ৰা৷ কেবাটাও অতি সুন্দৰ ছবি তেওঁ আঁকিছে৷ সেয়েহে যেতিয়া প্ৰধানমন্ত্ৰীক সাক্ষাত কৰাৰ বাসনাৰ কথা মোক ক’লে তেতিয়া মই লগে লগে প্ৰধানমন্ত্ৰীলৈ সময় বিচাৰি চিঠি লিখিছিলো৷ আৰু আজি অভিজিতৰ সেই সপোন পুৰণ হ’ল৷ অভিজিতে তিনি বছৰ বয়সৰ পৰাই ছবি আঁকে৷ আনকি কোনো বিশেষ বিদ্যালয়ত নহয় এখন সাধাৰণ বিদ্যালয়ত পাঠদান কৰি ৮০ শতাংশ লাভেৰে মাধ্যমিক পাছ কৰিছে অভিজিতে৷