Logo
image

নগ্নতাৰে পৰীক্ষা-নিৰীক্ষা ৰণবীৰৰ! বিতৰ্কৰ ধুমুহা যদিও দীপিকাৰ আপত্তি নাই

আমাৰ অসম, ২৪ জুলাইঃ ১৯৯৫ চনত এদাল অজগৰ সাপেৰে শৰীৰৰ সামান্য অংশ গোপন কৰি নগ্ন দেহেৰে এটা বিজ্ঞাপনত ভাগ লৈ মডেল মিলিন্দ সুমন আৰু মধু ছাপ্ৰেই দেশ তোলপাৰ লগাইছিল৷ এতিয়াৰ পৰা ২৭ বছৰ পূৰ্বে, ছ’চিয়েল মিডিয়াবিহীন আৰু ইণ্টাৰনেটহীন যুগত মিলিন্দ সুমন আৰু মধু ছাপ্ৰেৰ সেই যৌন উদ্দীপক বিজ্ঞাপনে প্ৰশংসা আৰু কৌতুহল যিমান বুটলিছিল, নিন্দা গোটাইছিল তাতকৈ বেছি৷ আনকি বিজ্ঞাপনত নগ্ন হৈ দুয়ো আদালতৰো সন্মুখীন হ’বলগীয়া হৈছিল৷ তাৰ প্ৰায় তিনিটা দশকৰ পাছত, দেশৰ জনতা নগ্নতাৰ ক্ষেত্ৰত অনেক ‘লিবাৰেল’ হৈ পৰাৰ সময়ত আৰু ছ’চিয়েল মিডিয়াৰ প্ৰসাৰে তুংগী অৱস্থান লোৱাৰ দিনত বলীউডৰ অভিনেতা ৰণবীৰ সিঙে নগ্ন হৈ ফটোশ্বুট কৰি প্ৰায় একে সমালোচনা আৰু নিন্দাই লাভ কৰিছে৷ এখন কাশ্মীৰি কাৰ্পেটত অৰ্ধশায়িত হৈ, শৰীৰ সম্পূৰ্ণ অনাবৃত কৰি, দেহৰ গোপন অংগ এখন হাতেৰে ঢাকি ৰাখি ৰণবীৰ সিঙে কৰা এই ‘নুড ফটো শ্বুটে’ অৱশ্যে একেসময়তে বলীউডৰ সতীৰ্থ অভিনেতা-অভিনেত্ৰীৰ মনত জুয়ো জ্বলাইছে৷ কোৱা বাহুল্য মাথোঁ এখন আলোচনীৰ বাবে কৰা এই দুঃসাহসী ফটোশ্বুটে সমগ্ৰ দেশতে প্ৰবল বিতৰ্কৰ সৃষ্টি কৰিছে৷ ৰংচঙীয়া অদ্ভুত পোছাক, বিসদৃশ ছুটেৰে ডাঙৰ ডাঙৰ অনুষ্ঠানতো ভাগ লোৱা ৰণবীৰ সিঙৰ অনুৰাগী তেওঁৰ তেনে পোছাকতে অভ্যস্ত৷ ৰণবীৰ সিঙৰ অনাবৃত শৰীৰৰ ক্ষেত্ৰত তেওঁলোক অনভ্যস্ত আৰু তেওঁৰ এনে ৰূপৰ প্ৰতি সাধাৰণ অনুৰাগী সেয়ে সমালোচনাত মুখৰ৷ 

বলীউডৰ একঘেয়ামীৰে ভৰা অভিনয়, সদায় একেই শ্বুটিং ছিডিউল ইত্যাদিৰ পৰা ওলাই ৰণবীৰ সিঙে নগ্নতাক লৈ যি পৰীক্ষা-নিৰীক্ষা কৰিছে সেয়া পিছে তেনেই স্বকীয় নহয়৷ ইটালীৰ বাটে-পথে এনে অসংখ্য ভাস্কৰ্য দেখা যায়৷ ৰোমান আৰু প্ৰাচীন গ্ৰীক ভাস্কৰ্যত এনে নগ্নতা অতি সুলভ৷ পিছে ৰণবীৰ সিঙে এখন কাশ্মীৰি কাৰ্পেটত অৰ্ধশায়িত যিদৰে নিৰাভৰণ শৰীৰ প্ৰদৰ্শন কৰিছে, ঠিক সেই একেই ভংগীমাত বহুদিন পূৰ্বে নিজৰ অনাবৃত শৰীৰ প্ৰদৰ্শন কৰিছিল হলীউডৰ  অভিনেতা বাৰ্ট ৰেনল্ডছে৷ বাৰ্ট ৰেনল্ডছৰ সেই অনাবৃত শৰীৰৰ ফটোৰ সৈতে ৰণবীৰ সিঙৰ ভংগীৰ হুবহু সাদৃশ্য আছে৷ সেই দিশৰ পৰা এয়া ৰণবীৰ সিঙৰ নগ্নতাক লৈ যিমান পৰীক্ষা-নিৰীক্ষা বুলি চৰ্চা হৈছে, ঠিক সিমানেই এয়া তেওঁ প্ৰচাৰৰ জৰিয়তে চৰ্চাত থাকিবলৈ কৰা প্ৰয়াস বুলিও অনেকেই অভিমত দিছে৷ 

সমালোচনা সপক্ষেই হওক বা বিপক্ষে, ৰণবীৰৰ ‘বাজীৰাও মস্তানি’ৰ নায়িকা প্ৰিয়ংকা চোপ্ৰাই কিন্তু তেওঁৰ নায়কৰ নতুন অৱতাৰক জুইৰ সৈতে তুলনা কৰিছে৷ পৰিণীতি চোপ্ৰাৰ মতেও ৰণবীৰে জুই জ্বলাইছে৷ অৱশ্যে, পশ্চিমবংগৰ অভিনত্ৰী তথা সাংসদ মিমি চক্ৰৱৰ্তীয়ে ৰণবীৰ সিঙৰ এই কাৰ্যক সমালোচনা কৰিছে আৰু কৈছে, এনে কৰিলে অভিনেত্ৰীক সকলোৱে কঠোৰ সমালোচনা কৰে৷ তেনেক্ষেত্ৰত পুৰুষে কৰিলে কিয় সাত খুন মাফ? ৰণবীৰৰ এই নগ্ন অৱতাৰত সুখী নে অসস্তুষ্ট তেওঁৰ পত্নী দীপিকা পাডুকন– অনেকেই উত্থাপন কৰা এই প্ৰশ্নৰ উত্তৰত বলীউড ললনা এতিয়াও নীৰৱ ঠিকেই, কিন্তু দীপিকাৰ ঘনিষ্ঠ মহলৰ দাবী; স্বামীৰ এই কাৰ্যত পত্নীৰ পূৰ্ণ সন্মতি আছিল৷ দীপিকাৰ কোনো আপত্তি নাছিল৷ ফটোশ্বুটৰ পূৰ্বে দুয়ো এই বিষয়ত মুকলি আলোচনা কৰিছিল৷ আনহাতে, বিন্দাছ ৰণবীৰ, তেওঁ কয়– ‘মোৰ বাবে নিৰাভৰণ হোৱা তেনেই সাধাৰণ বিষয়৷ মই অভিনয় কৰা বহু চৰিত্ৰত মোৰ নগ্ন আত্মাকো দেখা গৈছে৷ মই হাজাৰ লোকৰ সন্মুখত নগ্ন হ’ব পাৰো৷’ এয়া যেন অভিনেতা নহয়, দাৰ্শনিক ৰণবীৰ৷