Logo
image

ৰাইজৰ প্ৰতিবাদত সেও মানিলে কতৃৰ্পক্ষই, চানডুবি পথৰ সম্প্ৰসাৰণ বাতিল

আমাৰ অসম, ১ আগষ্টঃ স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছত পথ বহলোৱাৰ কাৰণে চানডুবি পথত গছ কটাৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত বাতিল কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে, পলাশবাৰীৰ পৰা ৰাজাপাৰালৈ অসম মালা আঁচনিৰ অধীনত পথ বহলোৱাৰ কাম কৰি আছে অসম চৰকাৰে৷ এই নিৰ্মাণ কাৰ্যৰ ফলত চানডুবিৰ দাতিকাষৰীয়া অঞ্চল তথা ৰাণীবাৰীৰ পৰা মুদুকী হৈ ৰাজাপাৰা চানডুবি পথটোত প্ৰায় এক হাজাৰ জোপা মূল্যবান গছ কাটিব লাগিব৷ ইয়াৰ অধিকাংশই হ’ল বহু পুৰণি শাল গছ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ২৩ জুলাইত দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী চানডুবিৰ সমীপৰ মুদুকী খেলপথাৰত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ য’ত প্ৰকৃতি ধবংস নকৰাকৈ পথ নিৰ্মাণৰ দাবী উত্থাপন কৰা হয়৷ বন ধবংস নকৰাকৈ অন্য বিকল্প পথৰ ব্যৱস্থা কৰি ৰাস্তা বহলোৱাৰ কাম কৰিবলৈ প্ৰতিবাদী সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ স্থানীয় ৰাইজৰ অভিযোগ পুৰণি পথচোৱা বহলকৈ নিৰ্মাণ কৰিলে দুই এজোপাহে গছ কাটিবলগীয়া হ’ব৷ কিন্তু ইয়াৰ বিপৰীতে প্ৰায় এক হাজাৰ জোপা গছ কাটি কি কাৰণত চৰকাৰে নতুনকৈ পথ নিৰ্মাণ কৰিব বিচাৰিছে? যিকোনো ত্যাগৰ বিনিময়ত ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত প্ৰকৃতি ৰক্ষাৰ অংগীকাৰ কৰে প্ৰতিবাদী সভাত উপস্থিত দল-সংগঠন আৰু স্থানীয় লোকসকলে৷ ইয়াৰ পিছত দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত নিজৰ সিদ্ধান্ত ঘোষণা কৰি কয়– ‘‘আমাৰ নিয়ম আছে যে এডাল গছ কাটিলে তাৰ ঠাইত দহডাল গছ অতিৰিক্তভাৱে ৰুব লাগে৷ কিন্তু চানডুবিৰ ৰাইজে যদি কয় যে আমাক ৰাস্তাটো বহলাই দিব নালাগে, আজিৰ পৰ্যায়ত থাকক, আমি সেইটো বিবেচনা কৰিব পাৰো৷ ৰাইজৰ কাৰণে ৰাস্তাটো বহল কৰা হৈছিলে যাতে  তালৈ পৰ্যটক বেছিকৈ যাব পাৰে৷ কিন্তু ৰাইজ যদি এনেকৈয়ে সন্তুষ্ট তেন্তে তেনেকৈয়ে থাকিব৷’’ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে বৃহত্তৰ চানডুবি অঞ্চলত৷ উল্লেখ্য যে, বৰ্তমানৰ পথটোৰ পৰা বহু ঠাইত নতুন পথটো ফালৰি কাটি শ শ বছৰীয়া পুৰণি বৃহৎ বৃহৎ গছ থকা ঠাইৰে পথটো নিৰ্মাণ কৰিব বিচৰাৰ ফলতে বৃহৎসংখ্যক গছ কটা যোৱাটো নিশ্চিত হৈছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত ৰক্ষা পৰে এই প্ৰকৃতি ধবংস৷