Logo
image

জেৰেমিৰ স্বৰ্ণ জয়

উঃ-পূবৰ খেলুৱৈয়ে আনিলে তিনিটাকৈ পদক

আমাৰ অসম, ১ আগষ্টঃ চেহেৰা তেওঁৰ টাইটানিকৰ নায়ক লিওনাৰ্ডো ডিকাপ্ৰিয়’ৰ দৰে৷ মৰমলগা, শিশুসুলভ কিন্তু ‘এক্স ফেক্টৰ’ৰ গৰাকী৷ যাৰ হাঁহিত ডিকাপ্ৰিয়’ৰ দৰে মুকুতা সৰে অথচ সমানেই মাৰাত্মক, যি হাঁহিত হাজাৰ গাভৰুৰ অন্তৰ বিহ৩ল হৈ পৰিব পাৰে৷ লিওনাৰ্ডো ডিকাপ্ৰিয়া’ই যিদৰে টাইটানিকৰ গোপন ডেকত নায়িকা কেট উইনশ্লেটৰ নিৰাভৰন শৰীৰৰ ছবি আঁকিবলৈ হাতত ৰং-তুলিকা তুলি লৈছিল, জেৰেমি লালৰিনুংগাই ঠিক সেইদৰেই অনায়াসে হাতত তুলি ল’লে ৩০০ কেজিৰ বাৰবেল৷ ডিকাপ্ৰিয়’ৰ আবেদনে টাইটানিকৰ প্ৰযোজকক দিছিল কোটি কোটি ডলাৰ আৰু জেৰেমিৰ এই ‘হাৰ্কিউলিয়ান এফৰ্টে’ ভাৰতক আনি দিলে কমনৱেল্‌থ গেমছৰ এটা মহা ঈপ্সিত সোণৰ পদক৷

আক্ষৰিক অৰ্থতে মিজোৰামৰ ১৯ বছৰীয়া, হলীউডী নায়কৰ দৰে চেহেৰাৰ জেৰেমিৰ এই প্ৰচেষ্টা আছিল অতিমানৱীয়, ঠিক ‘হাৰ্কিউলিয়ান এফৰ্ট’ বুলি যি প্ৰয়াসক অভিহিত কৰিব পাৰি৷ স্নেটছত ১৪০ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১৬০ কিলোগ্ৰাম– সৰ্বমুঠ ৩০০ কিলোগ্ৰাম ভাৰোত্তোলন কৰি মিজোৰামৰ জেৰেমি লালৰিনুংগাই কমনৱেল্‌থ গেমছত ৬৭ কিলোগ্ৰাম শাখাত সৃষ্টি কৰিলে নতুন অভিলেখ৷ সেই কমনৱেল্‌থ গেমছ অভিলেখৰ সৈতে তেওঁ দেশক অৰ্পণ কৰিলে প্ৰতিযোগিতাৰ সোণৰ পদক৷ এদিন পূৰ্বে মহিলাৰ ভাৰোত্তোলনত এটা সোণৰ পদক আনিছিল মীৰাবাঈ চানুৱে আৰু এটা ৰূপৰ পদক আনিছিল বিন্দিয়াৰাণী দেৱীয়ে৷ সংযোগবশতঃ জেৰেমিৰ দৰেই এই দুই পদক বিজয়ী ভাৰোত্তোলকো উত্তৰ-পূব ভাৰতৰ৷ মীৰাবাঈ, বিন্দিয়াৰাণীৰ ঘৰ মণিপুৰত আৰু কিশোৰ জেৰেমিৰ ঘৰ মিজোৰামৰ আইজলত৷ এই পৰ্যন্ত বাৰ্মিংহাম কমনৱেল্‌থ গেমছত ভাৰতৰ তালিকাত যোগ হৈছে পাঁচটা পদক, য’ৰ দুটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক কঢ়িয়াই আনিছে উত্তৰ-পূবৰ তিনিগৰাকী অসামান্য প্ৰতিভাশালী ক্ৰীড়াবিদে৷

মিজোৰামৰ কিশোৰ জেৰেমি লালৰিনুংগা মেডেল পডিয়ামৰ সবাটোকৈ উচ্ছ স্থানত যিমান সহজভাৱে হাঁহি হাঁহি থিয় হৈছিল যদিও তেওঁৰ পদক অৰ্জনৰ পথ সিমান সহজ নাছিল৷ স্নেটছত তেওঁ ১৪০ কেজিৰ বাৰবেল তুলি শীৰ্ষত আছিল৷ কিন্তু ক্লিন এণ্ড জাৰ্কত প্ৰথম প্ৰছেষ্টাত ১৫৪ কেজি ভাৰ উত্তোলন কৰাৰ প্ৰয়াসত বাৰবেল দাঙিবলৈ গৈ পৰি গৈছিল জেৰেমি৷ ফলত তেওঁৰ সেই প্ৰয়াস ব্যৰ্থ হৈছিল৷ ভৰি আৰু কঁকালত আঘাত পাইছিল জেৰেমিয়ে৷ কিন্তু কেইমিনিটমানৰ ব্যৱধানত তেওঁ আঘাত উপেক্ষা কৰি পুনৰ আহিছিল আৰু দ্বিতীয় প্ৰয়াসত ১৬০ কেজি ভাৰ উত্তোলন কৰি অতিমানৱীয় ৰূপ প্ৰদৰ্শন কৰিছিল জেৰেমিয়ে৷ আঘাতজৰ্জৰ জেৰেমি তৃতীয় প্ৰয়াসত ১৬৫ ভাৰ তোলাত ব্যৰ্থ হৈ পুনৰ পৰি গৈছিল, কিন্তু স্নেটছৰ ১৪০ কেজিৰ সৈতে ক্লিন এণ্ড জাৰ্কৰ ১৬০ কেজি ওজন তেওঁৰ স্বৰ্ণপদকৰ বাবে যথেষ্ট আছিল৷ 

চাৰি বছৰ পূৰ্বে য়ুথ অলিম্পিকত স্বৰ্ণ পদক পাইছিল জেৰেমিয়ে৷ টকিঅ’ অলিম্পিক তেওঁ খেলিব পৰা নাছিল আঁঠুৰ আঘাতৰ বাবে৷ অলিম্পিকৰ যোগ্যতা নিৰ্ণায়ক এছীয়া চেম্পিয়নশ্বিপত আঁঠুৰ আঘাত পাই তেওঁ অষ্টম স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছিল৷ সেই আঘাতৰ উপশম ঘটাই জেৰেমিৰ কমনৱেল্‌থ গেমছৰ এই সফল প্ৰত্যাৱৰ্তন চমৎকাৰ হিচাপে বিবেচিত হৈছে৷ পদক বিজয়ক লৈ কেতিয়াও অলপো উদ্বিগ্ন নোহোৱা জেৰেমিয়ে হেনো উপভোগ কৰাৰ বাবেই খেলে৷ ৰাষ্ট্ৰীয় চেম্পিয়ন বক্সাৰ লালনেইটলুনাগাৰ পাঁচ পুত্ৰৰ চাৰিজন বক্সাৰ আৰু কনিষ্ঠ জেৰেমিয়ে নিৰ্বাচন কৰি লৈছিল ভিন্ন ইভেণ্ট৷ এতিয়া তেওঁ সেই ইভেণ্টতে প্ৰতিষ্ঠিত৷ অন্ততঃ অভিলেখ সৃষ্টিকাৰী কমনৱেল্‌থ স্বৰ্ণৰ পাছত সেই সত্যই প্ৰতিষ্ঠা হৈছে দেশৰ ক্ৰীড়া ক্ষেত্ৰত৷