Logo
image

বাৰ্মিংহাম গেম্‌ছত অসমীয়াৰ প্ৰথম পদক

আমাৰ অসম, ২ আগষ্টঃ শৰীৰৰ আঘাতে নিজৰ মৰমৰ ইভেণ্ট আৰু অদৃষ্টই মন তথা পথ সলনি নকৰা হ’লে নয়নমণি শইকীয়াই এতিয়ালৈ ভাৰোত্তোলনৰ পৰা অৱসৰ লৈ বনবিভাগৰ চাকৰিত মনোনিৱেশ কৰিলেহেঁতেন৷ কিন্তু অদৃষ্টই তেওঁৰ ভাগ্যলিপি লিখিছিল সামান্য পৃথকভাৱে৷ সেয়ে আজি গোলাঘাটৰ বৰপথাৰৰ টেঙাবাৰী গাঁৱৰ বোৱাৰী নয়নমণি শইকীয়াই ইংলেণ্ডৰ বাৰ্মিংহামত ভাৰতৰ বাবে কমনৱেলথ গেমছৰ প্ৰথমটো ল’নবলৰ পদক নিশ্চিত কৰি তেওঁৰ যে ভাগ্য পৃথকে লিখা হৈছিল সেয়া প্ৰতীয়মান কৰিলে৷ পদকৰ ৰং সোণোৱালী হ’ব নে ৰূপালী– সেয়া নয়নমণি আৰু তেওঁৰ আন তিনি সতীৰ্থ ক্ৰমে ৰূপাৰাণী তিৰ্কী, লাভলী চৌবে আৰু পিংকী চৌধুৰীয়ে মঙলবাৰে নিশ্চিত কৰিব৷ পিছে তাৰ পূৰ্বেই অন্ততঃ এটা বিষয় খাটাং হৈছে, অসমে এইবাৰৰ কমনৱেলথ গেমছত এটা পদক লাভ কৰিবই৷ ভাৰোত্তোলনৰ প্ৰসংগ এইবাবেই আহিছে, কিয়নো ২০০৭ চনত গুৱাহাটীত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ আগলৈকে নয়নমণি শইকীয়া আছিল এগৰাকী প্ৰতিভাৱান ভাৰোত্তোলক৷ ২০০১ চনত গোলাঘাটক ছায়ে ‘টেলেণ্ট হাণ্ট’ৰ জৰিয়তে নয়নমণিক প্ৰতিশ্ৰুতিৱান ভাৰোত্তোলক হিচাপে নিৰ্বাচিত কৰিছিল আৰু তেতিয়াৰ পৰা পৰৱৰ্তী ছবছৰ তেওঁৰ দিন-নিশা অতিবাহিত হৈছিল ভাৰোত্তোলনৰ বাৰবেলক কেন্দ্ৰ কৰি৷ সেই দীঘলীয়া ছবছৰত ৰাষ্ট্ৰীয় পৰ্যায়ত নয়নমণিয়ে একাধিক পদকো অৰ্জন কৰিছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ আঘাতৰ বলি হ’ল আৰু লাহে লাহে  ভাৰোত্তোলনৰ সাফল্য সীমিত হৈ আহিল৷ ক্ৰীড়া যিহেতু নয়নমণিৰ আছিল মজ্জাগত, সেয়ে তেওঁ বনবিভাগত চাকৰি পালেও মনটো ঘূৰি আছিল ক্ৰীড়াক কেন্দ্ৰ কৰি৷ সেই সময়তে গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট˜ীয় গেমছত নয়নমণিয়ে প্ৰথমবাৰৰ বাবে ল’নবল খেলবিধ দেখিবলৈ পালে আৰু লগে লগে ঠিৰাং কৰিলে– সেয়াই হ’ব তেওঁৰ ভৱিষ্যতৰ ইভেণ্ট, য’ত ক্ৰীড়াৰ সকলো ‘থ্ৰিল’ আছে, উচ্ছতালৈ আগবাঢ়ি যোৱাৰ পথ আছে, কিন্তু আঘাতৰ আশংকা একেবাৰে নাই৷ ২০০৮ চনত তেওঁ ল’নবল খেলিবলৈ আৰম্ভ কৰিলে আৰু পৰৱৰ্তী সময়ত আহিল সাফল্য৷ ২০১১, ২০১৫ চনৰ নেশ্যনেল গেমছত তেওঁ অসমলৈ ল’নবলৰ স্বৰ্ণপদক কঢ়িয়াই আনিলে৷ আনকি ২০১২ চনৰ এছিয়ান ল’নবল চেম্পিয়নশ্বিপত লাভ কৰিলে ছোৱালীৰ দলীয় অনূধবৰ্ ২৫ বছৰৰ শাখাৰ স্বৰ্ণপদক৷

তেতিয়াৰ পৰা নয়নমণিয়ে পাছলৈ উভতি চাবলগীয়া হোৱা নাই৷ সাফল্যই তেওঁক ক্ৰমাৎ শিখৰৰ উচ্ছ স্থানলৈ আগবঢ়াই নিছে৷ এইবাৰ নয়নমণিয়ে ভাৰতৰ বাবে কমনৱেলথ গেমছ ল’নবলৰ প্ৰথমটো আৰু অসমৰ বাবেও এইবাৰৰ প্ৰথমটো পদক নিশ্চিত কৰিছে সেই গ্ৰেট ব্ৰিটেইনত, য’ত উদ্ভাৱন হৈছিল ল’নবল নামৰ খেলবিধৰ৷ কোৱা বাহুল্য মাথোঁ, সোমবাৰে বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছত মহিলাৰ ‘ফ’ৰছ টীম’ শাখাত নয়নমণি আৰু তেওঁৰ তিনি সংগীয়ে নিউজীলেণ্ডক ১৬-১৩ পইKI×ৰ ব্যৱধানত ছেমিফাইনেলত পৰাজিত কৰি ভাৰতৰ বাবে কমনৱেলথ গেমছৰ এটা পদক নিশ্চিত কৰিছে৷ মঙলবাৰে ভাৰতীয় দলটোৱে ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে৷ যদিহে নয়নমণি আৰু তেওঁৰ সতীৰ্থই দক্ষিণ আফ্ৰিকাক ফাইনেলত পৰাভূত কৰিব পাৰে তেন্তে তেওঁলোকৰ আৰু ভাৰতৰ সেই কমনৱেলথ পদকৰ ৰং হ’ব স্বৰ্ণালী৷ নয়নমণি আৰু তেওঁৰ সংগীৰ এই অভূতপূৰ্ব সাফল্যৰ সময়ত এতিয়া সমগ্ৰ দেশবাসীয়ে পদকৰ ৰং সোণোৱালী হওক বুলিয়েই প্ৰাৰ্থনা কৰিছে৷ ইয়াৰ পূৰ্বে কেতিয়াও ভাৰতে কমনৱেলথ গেমছত ল’নবলৰ পদক লাভ কৰা নাছিল৷ আনহাতে বক্সাৰ শিৱ থাপাৰ পাছত নয়নমণিৰ কমনৱেলথৰ পদক হ’ব অসমৰ  বাবে দ্বিতীয়৷ 

নয়নমণিৰ এই সাফল্যত তেওঁৰ পৰিয়াল উৎফুল্লিত৷ এটি সন্তানৰ মাতৃ নয়নমণিৰ স্বামী ভাস্কৰজ্যোতি গোহাঁয়ে তেওঁৰ পত্নীৰ এই সাফল্যত উৎফুল্লিত হৈ ক’লে– ‘নয়নমণি এসময়ত অতি প্ৰতিশ্ৰুতি সম্পন্ন ভাৰোত্তোলক আছিল৷ তেওঁৰ দৈনন্দিন কেন্দ্ৰীভূত হৈছিল ভাৰোত্তোলনক লৈ৷ কিন্তু ভৰিৰ আঘাতে তেওঁৰ প্ৰদৰ্শন ক্ৰমশঃ নিম্নগামী আনিলে৷ সেয়ে ২০০৮ চনৰ পৰা নয়নমণিয়ে ল’নবল খেলিবলৈ আৰম্ভ কৰিলে আৰু তাতে মনোনিৱেশ কৰিলে৷ সাফল্যও আহিল লাহে লাহে৷ ঘৰ-সংসাৰ চম্ভালি নয়নমণিয়ে ল’নবল অনুশীলন কৰে গুৱাহাটীত৷ কিয়নো অসমৰ একমাত্ৰ ল’নবল কোৰ্টখন আছে গুৱাহাটীতে৷ জীৱনত তেওঁ বহু প্ৰত্যাহ৩ানৰ সন্মুখীন হৈছে৷ ত্যাগো কৰিবলগীয়া হৈছে যথেষ্ট৷ কিন্তু নয়নমণিয়ে যাতে তেওঁৰ আগ্ৰহৰ খেলবিধ চলাই যাব পাৰে সেয়া আমি অব্যাহত ৰখাত সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো৷ মোৰ মা এসময়ত এথলীট আছিল৷ সেয়ে আমাৰ পৰিয়ালটোৱে খেলৰ গুৰুত্ব বুজি পায়৷ নয়নমণি আগবাঢ়ি যোৱাৰ প্ৰেৰণা ঘৰতেই আছে৷’ দুবাৰকৈ কমনৱেলথ গেমছক দেশক প্ৰতিনিধিত্ব কৰিলেও নয়নমণি শইকীয়াই সাফল্যক এইবাৰৰ দৰে স্পৰ্শ কৰিব পৰা নাছিল৷ ছেমিফাইনেলত তিনি সংগীৰ লগতে অতি গুৰুত্বপূৰ্ণ মুহূৰ্তত নয়নমণিয়ে কৰা থ্ৰ’ৰে ভাৰতে ফাইনেলত পদাৰ্পণ কৰে৷ দেশবাসীৰ আশা ফাইনেলতো এই চাৰি কন্যাই চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই ভাৰতৰ সোণৰ পদকৰ তালিকা শক্তিশালী কৰিব৷