Logo
image

৭ আগষ্টত খেল, এতিয়াও জে’লতেই আছে প্ৰণীতা

ফেচবুকত চাৰিটা শব্দ লিখি দুমাহে কাৰাবন্দী মৰাণৰ খেলুৱৈ

আমাৰ অসম, ২ আগষ্টঃ ‘আলফাৰ লিংক পালে ময়ো যাম, আই লাভ আলফা’–ছ’চিয়েল মিডিয়াত ইংৰাজী লিখা এই কমেণ্টটোকে অপৰাধ গণ্য কৰি স্মাৰ্ট অসম আৰক্ষীয়ে কাৰাবন্দী কৰি ৰাখিছে ৰাজ্যৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভাৱান উশ্বু খেলুৱৈক৷ অহা ৭ আগষ্টত প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৰাজ্যিক পৰ্যায়ৰ এখন প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে বাছনি হোৱাৰ পাছতো প্ৰতিযোগিতাখনত যোগদান অনিশ্চিত হৈ পৰিছে৷ কিয়নো ছ’চিয়েল মিডিয়াত আপলোড কৰা এই সাধাৰণ কমেণ্টটোৰ বাবেই ইউ এ পি আইনৰ অধীনত বিগত ৫০ দিন ধৰি কাৰাবন্দী হৈ আছে অসম প্ৰতিনিধিত্ব কৰা খেলুৱৈগৰাকী৷ ফেচবুকত আলফাক সমৰ্থন কৰাৰ বাবেই নিশাটোৰ ভিতৰতে অসম আৰক্ষীৰ শত্ৰু হৈ পৰা এইগৰাকী খেলুৱৈ আন কোনো নহয়, তেওঁ হৈছে মৰাণৰ ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয় কন্যা প্ৰণিতা চুতীয়া ওৰফে মাইনা চুতীয়া৷ ২৩ বছৰীয়া উশ্বু খেলুৱৈগৰাকীয়ে অহা ৭ আৰু ৮ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰাৰ বাবে বাছনি লাভ কৰিছে৷ যুৱতীগৰাকীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি কেইবাটাও চাকৰিৰ বাবে পৰীক্ষা দি ব্যৰ্থ হোৱাৰ ফলত মানসিকভাৱে কিছু ভাগি পৰিছিল প্ৰণিতা চুতীয়াই৷ সেয়েহে ফেচবুকত সংবাদ প্ৰতিষ্ঠানৰ আলফা সম্পৰ্কীয় এটা বাতৰিৰ কমেণ্টত খেলুৱৈগৰাকীয়ে আৱেগত আলফাত যোগদানৰ কমেণ্ট কৰিছিল৷ কিন্তু স্মাৰ্ট অসম আৰক্ষীৰ বিশেষ শাখাই খেলুৱৈগৰাকীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াত বিগত ১৭ জুনত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা অহা আৰক্ষীৰ বৃহৎ দলে মৰাণহাট থানাত ৰুজু হোৱা ইউ এ পি আইৰ ধাৰাৰ এটা গোচৰত প্ৰণিতা চুতীয়াক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ অৰ্থাৎ বিগত ৫০ দিনে খেলুৱৈগৰাকী কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে৷ আৰক্ষীৰ আক্ৰোশমূলক নীতিৰ বাবেই দিল্লী, উত্তৰাখণ্ড, ৰাজস্থান আদি ৰাজ্যত কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অসমক প্ৰতিনিধিত্ব কৰা এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে প্ৰতিভা বিকাশৰ পৰা সুযোগ হেৰুৱাৰ উপক্ৰম ঘটিছে৷ যি সময়ত কমনৱেল্‌থ গেমছত অসমৰ হিমা, লাভলীনা, নয়নমণিক লৈ অসম তথা দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে, তেনে সময়ত অসম আৰক্ষীয়ে এটি প্ৰতিভাৱান খেলুৱৈ সত্ত্বাক কলিতে হত্যা কৰাৰ যেন ষড়যন্ত্ৰত লিপ্ত হৈছে৷ প্ৰণিতা চুতীয়াই কেৱল উশ্বু খেলেই নহয়, বক্সিং, কাৰাটে আদি বিভিন্ন খেলত নিজৰ পাৰদৰ্শিতা প্ৰমাণ দিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেও বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ এগৰাকী ছাত্ৰীক সামাজিক মাধ্যমত আলফাক সমৰ্থন কৰাৰ অভিযোগত কাৰাবন্দী কৰি ৰাখিছিল যদিও সামাজিক মাধ্যমত প্ৰৱল প্ৰতিবাদৰ পাছতেই ছাত্ৰীগৰাকীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুক্তিৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে৷ কেৱল খেলুৱৈ প্ৰণিতা চুতীয়াই নহয়, ফেচবুকত আলফাক সমৰ্থন জনাই যোৰহাটৰ নৱজ্যোতি দাস, ওদালগুৰিৰ টংলা কলেজৰ ছাত্ৰ প্ৰমোদ কলিতা, শিৱসাগৰৰ আমগুৰিৰ বিতুপন চাংমাই আৰু লখিমপুৰৰ নিৰঞ্জন দলেৰ  দৰে প্ৰায় কুৰিজন যুৱক-যুৱতী কাৰাবন্দী কৰি ৰাখিছে আৰক্ষীয়ে৷