Logo
image

২০২৫ৰ পাছত বায়ুসেনা বাহিনীত নাথাকিব মিগ-২১

আমাৰ অসম, ২ আগষ্টঃ ২০২৫ চনৰ পাছত ভাৰতীয় বায়ু সেনাবাহিনীত আৰু নাথাকিব মিগ-২১ বিমান৷ উল্লেখ্য যে মিগ-২১ যুদ্ধ বিমান এটাৰ পাছত এটা দুৰ্ঘটনাত পতিত হোৱাটো ভাৰতীয় বায়ু সেনাবাহিনীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে৷ যাৰ বাবে এই শ্ৰেণীৰ যুদ্ধ বিমান ২০২৫ চনৰ পাছত আৰু ভাৰতীয় বায়ু সেনাবাহিনীয়ে ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মিগ-২১ৰ সলনি তেজছ নামৰ যুদ্ধ বিমানখন ব্যৱহাৰ কৰিব বাহিনীয়ে৷