Logo
image

দিছপুৰৰ ভাষানীতি প্ৰত্যাহাৰৰ দাবী

আছু, এব্‌ছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ উমৈহতীয়া বৈঠকৰ সিদ্ধান্ত

আমাৰ অসম, ২ আগষ্টঃ দিছপুৰৰ শেহতীয়া ভাষা নীতি প্ৰত্যাহাৰৰ দাবী জনাইছে আছু, এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই৷ দিছপুৰৰ শেহতীয়া ভাষা নীতিক মাতৃভাষা বিদ্বেষী বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ সংকল্প গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি চাৰিওটা জাতীয় সংগঠনে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰম-পাঠদান সন্দৰ্ভত শেহতীয়াকৈ গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰাৰ দাবীৰে শীঘ্ৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মালৈ যৌথ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই৷ চৰকাৰৰ এই জাতিবিৰোধী সিদ্ধান্ত সন্দৰ্ভত অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই অসমৰ প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়  স্তৰলৈ সকলো শিক্ষক সংগঠনৰ সৈতে আলোচনা সভা অনুষ্ঠিত কৰিব৷ এই সন্দৰ্ভত অসমৰ সকলো জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ সৈতেও আলোচনা কৰিব আছুসহ চাৰিওটা জাতীয় সংগঠনে৷ সমগ্ৰ বিষয়টো সকলো স্তৰৰ ৰাইজৰ মাজলৈ নিয়াৰ উদ্দেশ্যে এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰো পৰিকল্পনা কৰিছে অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই৷ সোমবাৰে গুৱাহাটীত অনুষ্ঠিত চাৰিওটা সংগঠনৰ উমৈহতীয়া সংবাদ মেলত এই সন্দৰ্ভত সবিশেষ ব্যাখ্যা কৰি আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়– ‘তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটাৰ পাঠদান ইংৰাজী মাধ্যমত কৰা, সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰাকে ধৰি অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেটত গ্ৰহণ কৰা শৈক্ষিক সিদ্ধান্ত অযুক্তিকৰ, অবিজ্ঞানসন্মত, অবিবেচক আৰু অদূৰদৰ্শী৷ এই সিদ্ধান্ত অসম চৰকাৰে বাতিল কৰিবই লাগিব৷ এই সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত আমি ক্ষান্ত নহওঁ৷ সোমবাৰে এই সন্দৰ্ভত আছু, এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ এখন উমৈহতীয়া বৈঠক অনুষ্ঠিত হয়৷ এই যৌথসভাই অসম চৰকাৰৰ শেহতীয়া শৈক্ষিক সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিত ইংৰাজী মাধ্যমত শিকাবলৈ লোৱা সিদ্ধান্তই অসমীয়া, বড়ো আৰু আন মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ ওপৰত মাধমাৰ শোধাব৷ যিখন চৰকাৰে চিকিৎসা বিজ্ঞান আৰু ইঞ্জিনীয়াৰিং অসমীয়া মাধ্যমত পঢ়াবলৈ সিদ্ধান্ত লয়, সেইখন চৰকাৰে তৃতীয় শ্ৰেণীত ইংৰাজী মাধ্যমত গণিত, বিজ্ঞান পঢ়ুৱাবলৈ সিদ্ধান্ত লোৱাটো স্ববিৰোধী আৰু ভিত্তিহীন৷ চৰকাৰে এনে এটা ধাৰণা দিব বিচাৰিছে যে ইংৰাজী মাধ্যমত পঢ়িলেহে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱাটো সহজ৷ চৰকাৰে তাৰ পৰিৱৰ্তে অসমীয়া, বড়ো বা আন মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজী বিষয়টো ভালদৰে শিকোৱাৰ ব্যৱস্থা কৰক৷ চৰকাৰে যদি সেই কাম কৰিব পৰা নাই তাৰ বাবে জগৰীয়া চৰকাৰেই৷ সমান্তৰালভাৱে চৰকাৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া, বড়ো বা আন মাতৃভাষা ভালদৰে শিকোৱাৰ ব্যৱস্থা কৰিব লাগে৷ চৰকাৰে সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ, চি বি এছ ইৰ পাঠ্যক্ৰমৰ বিদ্যালয় স্থাপন কৰাৰ পৰিৱৰ্তে ৰাজ্যৰ ঐতিহ্যমণ্ডিত বিদ্যালয়সমূহক আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰ কৰক৷ চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক ভূগোল-বুৰঞ্জীৰ জ্ঞান দিবলৈ গৈ অৰ্থনীতি বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান ছাত্ৰ-ছাত্ৰীৰ পৰা আঁতৰ কৰিব বিচাৰিছে৷ ছাত্ৰ-ছাত্ৰীক অতিৰিক্ত বিষয়ৰ বোজা জাপি দিয়াৰ পৰিৱৰ্তে উক্ত বিষয়সমূহ সামৰি জ্ঞান আহৰণ কৰিব পৰা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰক৷’ সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি, অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া ড॰ কুলধৰ শইকীয়াই কয়– ‘তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিত ইংৰাজী মাধ্যমত শিকোৱাৰ সিদ্ধান্তটো হঠকাৰী৷ বিজ্ঞান আৰু গণিত মাতৃভাষাত অধ্যয়ন কৰিলেহে বুজিবলৈ উজু হয়৷ চৰকাৰে তেনে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে বিদ্যালয়সমূহৰ আন্তঃগাঠনি ক্ষীপ্ৰতাৰে উন্নত কৰাৰ ব্যৱস্থা কৰক৷’ সংবাদমেলত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে কয়– ‘চৰকাৰে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ নকৰোঁ বুলি গ্ৰহণ কৰা সিদ্ধান্তই বিটিআৰ চুক্তি উলংঘা কৰিছে৷ বিটিআৰ চুক্তি অনুসৰি প্ৰয়োজনীয়তাৰ ভিত্তিত অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিব লাগে৷ যদি বিদ্যালয় প্ৰাদেশিকীকৰণ বন্ধ কৰা হয়, তেন্তে উলংঘা কৰা হ’ব বিটিআৰ চুক্তিৰ ৬.৩ দফা৷’ সংবাদমেলত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়– ‘শেহতীয়া কেবিনেটত চৰকাৰে লোৱা শৈক্ষিক সিদ্ধান্ত হঠকাৰী৷ এই জাতিবিদ্বেষী, ভাষাবিদ্বেষী সিদ্ধান্ত চৰকাৰে বাতিল কৰিবই লাগিব৷’ এবছুৰ সভাপতি দীপেন বড়োৱে কয়– ‘চৰকাৰে মাতৃভাষা ধবংসৰ পদক্ষেপ লৈছে৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰী ইংৰাজী মাধ্যমলৈ ধাৱমান হ’ব৷ মাতৃভাষা যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে চৰকাৰে দায়িত্ব সহকাৰে কাম কৰক৷’ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ‘চৰকাৰী বিদ্যালয়সমূহক কেনেকৈ ব্যক্তিগতখণ্ডলৈ নিব পাৰি, মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ কৰি কেনেকৈ ইংৰাজী মাধ্যম জাপি দিব পাৰি, তাৰ বাবেই পৰিকল্পিতভাৱে কাম কৰিছে চৰকাৰে৷ চৰকাৰে এই সিদ্ধান্ত বাতিল কৰিবই লাগিব৷’ সংবাদমেলত বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড॰ প্ৰশান্ত বড়োৱেও বক্তব্য আগবঢ়ায়৷

সংবাদমেলৰ পূৰ্বে অসম চৰকাৰৰ কেবিনেটে শৈক্ষিক বিষয়ত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিবলৈ অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ মাজত এখন যৌথ সভা অনুষ্ঠিত হয়৷ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ বন্ধ কৰা, ৩য় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী মাধ্যমত গণিত-বিজ্ঞানৰ পাঠদান, অসমীয়া আৰু বড়োকে ধৰি মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত সামান্তৰালভাৱে ইংৰাজী মাধ্যম প্ৰৱৰ্তন, আদৰ্শ বিদ্যালয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তন, প্ৰতিটো সমষ্টিত একোখনকৈ চি বি এছ চিৰ অন্তৰ্গত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ লোৱাকে ধৰি হিমন্তবিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰা শৈক্ষিক সিদ্ধান্তৰ ওপৰত যৌথ সভাই আলোচনা কৰে৷ বিশদ আলোচনাৰ পাছত যৌথ সভাই অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা এই শৈক্ষিক সিদ্ধান্তসমূহৰ স্পষ্ট আৰু দৃঢ়তাৰে বিৰোধিতা কৰে৷ অসম চৰকাৰৰ এই শিক্ষান্ত অদূৰদৰ্শী, অবিজ্ঞানসন্মত, অযুক্তিকৰ আৰু অপ্ৰয়োজনীয় বুলি যৌথ সভাই মত প্ৰকাশ কৰে৷ যৌথ সভাই কয়– ‘অসম চৰকাৰে অসমীয়া মাধ্যম, বড়ো মাধ্যম তথা মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানক ধবংসৰ মুখলৈ ঠেলি দিব বিচাৰিছে৷ অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমক মাধমাৰ শোধোৱা এই সিদ্ধান্ত মানি লোৱা নহ’ব৷ চৰকাৰৰ সিদ্ধান্ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী৷’ যৌথ সভাৰ অন্তত প্ৰকাশ কৰা যুটীয়া বিবৃতিত অসম সাহিত্য সভাৰ হৈ স্বাক্ষৰ কৰে সভাপতি ড॰ কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ শৰ্মাই৷ বড়ো সাহিত্য সভাৰ হৈ সভাপতি তৰেণ বড়ো আৰু সাধাৰণ সম্পাদক প্ৰশান্ত বড়োৱে বিবৃতিত স্বাক্ষৰ কৰে৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ সভাপতি দীপেন বড়ো আৰু সাধাৰণ সম্পাদক খণিন্দ্ৰ বসুমতাৰীয়ে যুটীয়া বিবৃতিত স্বাক্ষৰ কৰাৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থাৰ হৈ বিবৃতিত স্বাক্ষৰ কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷

প্ৰাদেশিকীকৰণ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাঃ ভৱিষ্যতে শিক্ষানুষ্ঠান, বিদ্যালয় প্ৰাদেশিকীৰণ কৰা নহয় বুলি অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ যৌথ সভাই তীব্ৰ বিৰোধিতা কৰিছে৷ এই সিদ্ধান্তই বি টি আৰ চুক্তি উলংঘন কৰিছে৷ অসমীয়া মাধ্যম, বড়ো মাধ্যমৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰিবলৈ যৌথ সভাই দাবী জনায়৷

৩য় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গঠিত, বিজ্ঞানৰ পাঠদান ইংৰাজীতঃ যৌথ সভাই  ৩য় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত, বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যমত পাঠদান কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক বিৰোধিতা কৰে আৰু বড়ো মাধ্যম, অসমীয়া মাধ্যম, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত নিজ নিজ মাধ্যমত পাঠদান অব্যাহত ৰাখিবলৈ দাবী জনায়৷

ইংৰাজী ভাষাত ভালদৰে পাঠদানঃ যৌথ সভাই অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ভালদৰে ইংৰাজী ভাষাৰ পাঠদান কৰিবলৈ দাবী জনায়৷ এনেধৰণে পাঠদান কৰিব লাগে যাতে অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে ভালকৈ ইংৰাজী লিখিব পাৰে৷ সলসলীয়াকৈ ইংৰাজী ক’ব পাৰে৷ ভালকৈ সকলো বিষয় আয়ত্ত কৰিব পাৰে৷ একেধৰণে ইংৰাজী মাধ্যমৰ বিদ্যালয়তো অসমীয়া, বড়ো, মাতৃভাষা ভালকৈ শিকাব লাগে– যাতে নিজৰ মাতৃভাষাটো ভালকৈ লিখিব পাৰে, সলসলীয়াকৈ ক’ব পাৰে৷

শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নতিঃ যৌথ সভাই অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ সকলো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰি সকলো বিদ্যালয়ত আধুনিক সা-সুবিধাৰে সৰ্বাংগসুন্দৰভাৱে গঢ়ি তুলিবলৈ দাবী জনাইছে৷

ইংৰাজীত সমান্তৰাল মাধ্যমঃ যৌথ সভাই অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যম সমান্তৰালকৈ মুকলি কৰিবলৈ বিচৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে৷ এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে৷

মডেল বিদ্যালয়ঃ যৌথ সভাই অসমীয়া মাধ্যম, বড়ো মাধ্যমৰ একোখন বিদ্যালয়ত [প্ৰতিটো সমষ্টিত] চি বি এছ চিৰ অধীনত ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰিবলৈ বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে আৰু এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে৷ 

ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানক মডেল বিদ্যালয় কৰকঃ যৌথ সভাই অসমীয়া মাধ্যম, বড়ো মাধ্যমৰ ঐতিহাসিক বিদ্যালয়সমূহক মডেল বিদ্যালয়, আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰি আধুনিক সা-সুবিধাৰে সজাই পৰাই তুলিবলৈ দাবী জনাইছে৷

চি বি এছ চিৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয়ঃ অসম চৰকাৰে প্ৰতিটো সমষ্টিত চি বি এছ চিৰ অধীনত একোখন ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ বিচৰা সিদ্ধান্তৰ সভাই বিৰোধিতা কৰিছে আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে৷ চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যিক বৰ্ডসমূহক মাধমাৰ শোধাব৷

ৰাজ্যিক বৰ্ডঃ শক্তিশালী পৰিচালনা সমিতি গঠনৰে [বিশিষ্ট শিক্ষাবিদৰ] স্বতন্ত্ৰভাৱে পৰিচালনাৰ দায়িত্ব দি ৰাজ্যিক বৰ্ডসমূহক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰি ৰাখক৷

সমাজ বিজ্ঞান-ভূগোল-বুৰঞ্জীঃ যৌথ সভাই কয়– ভূগোল আৰু বুৰঞ্জী বিষয় প্ৰৱৰ্তনৰ বিষয়টো দীৰ্ঘদিনীয়া বিষয়৷ অৰ্থনীতি, ৰাজনীতি বিজ্ঞান বিষয় বাদ দিয়াটো গ্ৰহণযোগ্য নহয়৷ পাঠ্যক্ৰমত এই দুয়োটা বিষয় পূৰ্বৰ দৰে অন্তৰ্ভুক্ত হ’ব লাগে৷ একে সময়তে এইটোও চাব লাগে যাতে ছাত্ৰ-ছাত্ৰীৰ ওপৰত অধিক বোজা নপৰে৷

সকলো সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ সোমবাৰৰ যৌথ সভাই দৃঢ়তাৰে কয়– অসমত অসমীয়া মাধ্যম, বড়ো মাধ্যম, আন আন জনজাতীয়-জনগোষ্ঠীয় ভাষাৰ বিকাশ হ’বই লাগিব৷ জাতিৰক্ষাৰ বাবে মাতৃভাষাৰ বিকাশ হ’বই লাগিব৷ অসম চৰকাৰ এই বিষয়ত অন্তৰায় হৈ থিয় দিব নালাগিব৷ অসমীয়া, বড়ো, আন আন জনজাতীয়-জনগোষ্ঠীয় ভাষাবিৰোধী সিদ্ধান্ত মানি লোৱা নহ’ব৷ মাতৃভাষাবিদ্বেষী মনোভাৱ ত্যাগ কৰিব লাগিব চৰকাৰে৷ ইফালে, আছুসহ চাৰিটা জাতীয় সংগঠনে দিছপুৰৰ শেহতীয়া ভাষানীতি প্ৰত্যাহাৰ কৰিবলৈ জনোৱা দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য– আছু আৰু চৰকাৰ একে নহয়৷ তেওঁলোকটো যুৱ মৰ্চা নহয় যে চৰকাৰৰ সৈতে সদায় সিদ্ধান্তবোৰ মিলি যাব৷ কিছুমান কথাত মিলি যায়৷ যেনে সমষ্টি পুৰ্ননিৰ্ধাৰণ তেওঁলোকেও বিচাৰে, আমিও বিচাৰো৷ কিন্তু তেওঁলোকে ‘কা’ নামানে৷ আমি ‘কা’ বিচাৰো৷ তেওঁলোকৰ চৰকাৰৰ সৈতে থকা অমিলে আছুৰ নিৰপেক্ষতাকে সূচায়৷ এইটোও বুজায় যে তেওঁলোক চৰকাৰৰ সৈতে মিলি থকা নাই৷ আমিও তেওঁলোকৰ সৈতে মিলি থকা নাই৷ গণতন্ত্ৰত দ্বিমত থাকিবই৷

চৰকাৰৰ সিদ্ধান্ত হঠকাৰী, স্বৈৰতান্ত্ৰিক আৰু শিক্ষাৰ্থীবিৰোধীঃ এছ এফ আই

হিমন্ত বিশ্ব শৰ্মা কেবিনেটে শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে বিৰোধিতা কৰি পুনৰ বিবেচনা কৰাৰ বাবে দাবী উত্থাপন কৰিছে৷ সোমবাৰে এছ এফ আই অসম ৰাজ্যিক কমিটীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত অসম ৰাজ্যিক কমিটীৰ সম্পাদক নিৰংকুশ নাথে কয়- ৰাজ্যৰ শিক্ষাবিদ, শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিভিন্ন ছাত্ৰ সংগঠন আদিৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ গ্ৰহণ কৰা এই হঠকাৰী আৰু স্বৈৰতান্ত্ৰিক সিদ্ধান্তসমূহ একান্তই ছাত্ৰ বিৰোধী আৰু ভৱিষ্যতমুখী শিক্ষাৰ বাবে ক্ষতিকাৰক৷ সাম্প্ৰতিক অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা অত্যন্ত সংকটৰ মাজেৰে আগবাঢ়িব ধৰিছে৷ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰিয়েই প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে আজিও ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ২৮,১৯০টা শিক্ষকৰ পদ খালী হৈ আছে৷ আনহাতে অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি ৩৯,২৭৬জন অপ্ৰশিক্ষিত শিক্ষক কৰ্মৰত হৈ আছে৷ ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ৷ যাৰ ফলত ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ ৪৫.৭ শতাংশ ছাত্ৰ আৰু ৫২.৪ শতাংশ ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্ছতৰ মাধ্যমিকলৈ উন্নীত হ’ব নোৱাৰিলে৷ তেনেস্থলত চৰকাৰে খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সলনি ৰাজ্যত শিক্ষাৰ মাধ্যম বা পাঠদানৰ ভাষা সলনি কৰাত গুৰুত্ব দিয়াটো এক হঠকাৰি সিদ্ধান্ত বুলি আমি বিবেচনা কৰো৷ ‘ সংবাদ মেলত এছ এফ আইৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সংগীতা দাসে কয়-ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰৰ গৱেষণা অনুসৰি মাতৃভাষাৰ শিক্ষাই শিক্ষাৰ গুণগত মানৰ আৰু সামূহিক বিকাশৰ মূল ভিত্তি৷ সেয়েহে আজি বিশ্বৰ বিভিন্ন আগশাৰী দেশেও প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক স্থানীয় তথা মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰি তুলিবৰ বাবে পুনৰ আগবাঢ়িছে৷ উচ্ছশিক্ষাতহে ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ মাধ্যম নিৰ্বাচন কৰাত বা দ্বৈত বা তাতোধিক ভাষাক শিক্ষাৰ মাধ্যম হিচাপেও স্বীকৃতি প্ৰদান কৰিছে৷ ইউনেস্কৰ মতেও প্ৰাথমিক বিদ্যালয়ত জ্ঞানৰ ব্যৱধান হ্ৰাস কৰিবলৈ আৰু শিক্ষা তথা বুজিব পৰা শক্তি বৃদ্ধি কৰিবলৈ মাতৃভাষা মাধ্যম অতি গুৰুত্বপূৰ্ণ৷ বিশ্বত আনুমানিক ৪০ শতাংশ জনসংখ্যাই তেওঁলোকে কোৱা বা বুজি পোৱা ভাষাত শিক্ষা লাভ কৰিব নোৱাৰে৷ সেয়েহে আমি ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দ্বিভাষিক মাধ্যমত পাঠদান আগবঢ়াবৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক বিৰোধ কৰিছোঁ৷ দ্বৈত ভাষা শিক্ষাৰ মাধ্যমে ছাত্ৰ-ছাত্ৰীৰ মাজত অসমতা বৃদ্ধি কৰিব৷ আনকি এই সিদ্ধান্তক কাৰ্যকৰি কৰি তুলিবলৈ ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত পৰ্যাপ্ত আন্তঃগাঁথনিৰো অভাৱ৷ প্ৰচলিত ব্যৱস্থাতেই, অসমৰ ৩০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে আধাতে মাধ্যমিক স্তৰত বিদ্যালয় এৰি যাব লগা হয়৷  চৰকাৰৰ এনেধৰণৰ নীতিয়ে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ বাবে এক চিন্তাজনক দিশ উন্মুক্ত কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ শোচনীয় শৈক্ষিক ছবিখন উন্নত কৰাৰ বাবে নিৰ্দেশাৱলী আহিছে৷ সেয়েহে আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি শিক্ষক নিযুক্তি দিয়া, ড্ৰপ আউটৰ সংখ্যা হ্ৰাস কৰা আৰু শৈক্ষিক মানদণ্ড উন্নত কৰা, ছাত্ৰ-ছাত্ৰীসকলক গণতান্ত্ৰিক চেতনাসম্পন্ন মানৱ সম্পদ হিচাপে গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিব লাগিছিল৷ তেনেসময়ত চৰকাৰখনে স্বৈৰাচাৰিতাৰে কিছুমান কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে৷ সেয়েহে আমি বিজ্ঞান আৰু গণিত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত পঢ়োৱাৰ বিৰোধিতা কৰিছে আৰু শিক্ষা বিভাগক সমাজ বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী উত্থাপন কৰিছোঁ৷ ‘ সংবাদ মেলত এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি প্ৰতুল বৰ্মন উপস্থিত থাকে৷