Logo
image

স্বৰ্ণ জিনিলে নয়নমণিয়ে

বাৰ্মিংহামত লন বলৰ ফাইনেলত দঃ আফ্ৰিকাৰ বিৰুদ্ধে জয়

আমাৰ অসম, ৩ আগষ্টঃ কমনৱেল্‌থ গেম্‌ছত ভাগ লোৱা ভাৰতীয় দলটোৰ পৰা যিকেইটা ইভেণ্টত পদক  আশা কৰা হৈছিল, তাৰ ভিতৰত নাছিল লন বল৷ আশী শতাংশ ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে এই ইভেণ্টটো আছিল অপৰিচিত৷ কিন্তু এই অপৰিচিত ইভেণ্টটোতে স্বৰ্ণপদক লাভ কৰিলে ভাৰতে৷ মঙলবাৰে ৱ’মেনছ ফ’ৰ্ছ শাখাৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭-১০ ব্যৱধানত পৰাস্ত কৰি গঢ়িলে ইতিহাস৷ কমনৱেল্‌থ গেমছৰ লন বলত এয়া হৈছে ভাৰতৰ প্ৰথমটো স্বৰ্ণপদক৷ ভাৰতৰ এই ঐতিহাসিক সফলতাৰ সৈতে জড়িত আছে অসমৰ নামো৷ স্বৰ্ণজয়ী ভাৰতীয় দলটোৰ অন্যতম সদস্য হৈছে অসমৰ নয়নমণি শইকীয়া৷ টকিঅ’ অলিম্পিকত  ব্ৰঞ্জৰ পদক জয় কৰি ক্ৰীড়াক্ষেত্ৰত অসমক সৰ্বোচ্ছ সাফল্য প্ৰদান কৰিছিল সৰুপথাৰৰ লাভলীনা বৰগোহাঁয়ে৷ একে ঠাইৰ নয়নমণিয়ে এইবাৰ  আনিলে আন এটা বৃহৎ সাফল্য৷ নয়নমণিৰ উপৰি ভাৰতীয় দলটোৰ আন সদস্যকেইগৰাকী আছিল লাভলী চৌবে, ৰূপাৰাণী তিৰ্কী আৰু পিংকী চৌধুৰী৷

ভৰিৰ আঘাতৰ বাবে ভাৰোত্তোলন এৰি ২০০৮ চনত লন বল খেলিবলৈ আৰম্ভ কৰা নয়নমণিয়ে বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছিল কেইবাটাও সফলতা৷ কমনৱেল্‌থ গেমছত লাভ কৰা স্বৰ্ণপদকে খেলুৱৈগৰাকীক সফলতাৰ উচ্ছ শিখৰলৈ আগবঢ়াই নিলে৷ নয়নমণিৰ এই সফলতাই নিঃসন্দেহে অসমৰ অধিক ক্ৰীড়াবিদক ল’নবলৰ প্ৰতি আগ্ৰহী কৰি তুলিব৷ গুৱাহাটীত অনুষ্ঠিত ২০০৭  চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছিল লন বল আৰু তেতিয়াই ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমী এই খেলবিধৰ সৈতে পৰিচিত হৈছিল৷ কমনৱেল্‌থ গেমছৰ লন বলত ইয়াৰ পূৰ্বে ভাৰত চতুৰ্থ স্থানৰ ওপৰলৈ উঠিব পৰা নাছিল৷ ভাৰতৰ পদক নিশ্চিত হোৱাৰ এদিন পূৰ্বে দলনেত্ৰী  লাভলী চৌবেই আক্ষেপেৰে কৈছিল যে লন বলত  ধনো নাই, প্ৰাপ্য সন্মানো নাই৷ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল’বলৈ যাব লাগে নিজৰ ধন খৰচ কৰি৷ তাৰ উপৰি ব্যৰ্থ হ’লে বিভিন্নজনৰ কটাক্ষও শুনিবলগীয়া হয়৷ কমনৱেল্‌থ গেমছৰ সফলতাৰ পাছত নিশ্চয় এই খেলবিধৰ প্ৰতি থকা ধাৰণা সলনি হ’ব আৰু আন খেলৰ দৰেই লন বলকো   সমানেই গুৰুত্ব দিয়া হ’ব৷ উল্লেখ্য, কমনৱেল্‌থ গেমছৰ লন বলত সফলতম দল হৈছে ইংলেণ্ড৷ ইংলেণ্ডে এতিয়ালৈকে লাভ কৰিছে ৫১টা পদক৷ তাৰ পাছত আছে অষ্টে˜লিয়া [৫০টা পদক]৷ ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হোৱা দক্ষিণ আফ্ৰিকাৰ নামতো আছে ৪৪টা পদক৷ বাৰ্মিংহামত স্বৰ্ণ জয় কৰি ভাৰতেও লন বলৰ নতুন শক্তিৰূপে নিজকে প্ৰমাণ কৰিলে৷

এইবাৰৰ কমনৱেল্‌থ গেমছত ভাগ লোৱা দহজনীয়া ভাৰতীয়  লন বলৰ দলটোত নয়নমণি শইকীয়াৰ লগতে আছে অসমৰ আন দুগৰাকী প্ৰতিনিধি তানিয়া চৌধুৰী আৰু মৃদুল বৰগোহাঁই৷ ব্যক্তিগত শাখাত ব্যৰ্থ হ’লেও মঙলবাৰে  ৱ’মেনছ ত্ৰিপ’লছ শাখাত ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰি ভাৰতে অভিযান আৰম্ভ কৰিছে৷ ভাৰতীয় দলটোত আছে তানিয়া চৌধুৰী৷ নয়নমণিৰ পাছত তানিয়াও পদক লৈ বাৰ্মিংহামৰ পৰা উভতি আহক, তাকেই আশা কৰিছে ৰাজ্যবাসীয়ে৷