Logo
image

মানাহত ভিৰ বাঢ়িছে ঢেঁকীয়াপতীয়াৰ

আমাৰ অসম, ৩ আগষ্টঃ প্ৰকৃতিৰ ৰম্যভূমি মানাহ৷ মানাহৰ পদূলিত ময়ুৰৰ পেখম৷ যেন পৰ্যটকক হাত বাউলি মাতিছে শ্যামলী মানাহে৷ এই মানাহ ৰাষ্ট্ৰীয় উদ্যান অন্য এক কাৰণত এইবাৰ উজ্বলি উঠিছে৷ মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা৷ যিয়ে পৰ্যটকক অধিক আমোদ দিয়াৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ তথা ব্যাঘ্ৰ প্ৰকল্প, মানাহ ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ ৬০টালৈকে বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়াৰ সংখ্যা৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মানাহৰ শেহতীয়া বন্যপ্ৰাণী নিৰীক্ষণৰ ফলাফল প্ৰকাশৰ জৰিয়তে সদিৰ কৰিছে এই আশাপ্ৰদ তথ্য৷ এসময়ত উগ্ৰপন্থী আৰু চোৰাং চিকাৰীৰ ৰম্যভূমিৰ মানাহ এতিয়া সম্পূৰ্ণ নিৰাপদ বুলিয়েই ক’ব পাৰি৷ এনে পৰিস্থিতিৰ বাবেই দিনকদিনে মানাহত বৃদ্ধি পাইছে দেশী-বিদেশী পৰ্যটকৰ সংখ্যা৷ সমান্তৰালকৈ বৃদ্ধি পাইছে জীৱ-জন্তু, অৰ্কিড, গছ-গছনি আৰু শ্যামলী পৰিৱেশ৷ ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াকৈ কেমেৰা ট্ৰেপিঙৰ ফলাফল মূল্যায়ন কৰি ‘নেছনেল টাইগাৰ কনজাৰভেছন অথৰিটী’য়ে নিৰ্ধাৰণ কৰা অনুসৰি, সম্প্ৰতি মানাহত ৫২টা প্ৰাপ্তবয়স্ক ঢেঁকীয়াপতীয়া আৰু আঠটা পোৱালিসহ মুঠ ৬০টা ঢেঁকীয়াপতীয়া আছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বৰ কেমেৰা ট্ৰেপিঙৰ ফলাফল অনুসৰি, মানাহত ৪৮টা বাঘ থকাৰ তথ্য প্ৰকাশ পাইছিল৷  এইবাৰ মানাহ ব্যাঘ্ৰ প্ৰকল্প কতৃৰ্পক্ষই মানাহ সংৰক্ষণৰ সহযোগী সংস্থা ডব্লিউডব্লিউএফ- ইণ্ডিয়া, ডব্লিউটিআই আৰু ‘আৰণ্যক’ৰ সহযোগত মানাহৰ বিভিন্ন স্থানত মুঠ ৩৮১টা কেমেৰা সংস্থাপন কৰিছিল৷ আনহাতে, মানাহত নিয়োজিত বিভিন্ন বনৰক্ষী, বন বিষয়াসকলৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে ‘এণ্ড্ৰ’ইড বেছড্‌ ডিজিটেল প্লেটফৰ্ম’ ব্যৱহাৰ কৰি মানাহত থকা আন কেতবোৰ প্ৰধান বন্যপ্ৰাণীৰ সংখ্যাও নিৰ্ধাৰণ কৰা হৈছে৷ উক্ত তথ্যসমূহ মানাহৰ ক্ষেত্ৰ সঞ্চালকালয়ত বিশ্লেষণ কৰাৰ পাছত সেয়া ডেৰাডুনস্থিত ‘ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়া’ত ‘নেছনেল টাইগাৰ কনজাৰভেছন অথৰিটী’য়ে বৈধতা প্ৰদান কৰে৷ সেই অনুসৰি মানাহত ৩,২৩০টা সুগৰি পহু [হগ ডীয়েৰ], ১,৬৫৬টা বনৰীয়া ম’হ, ১,১৭৪টা ইণ্ডিয়ান বাইছন, ৮০৪টা শৰ পহু [ছম্বৰ] আৰু ২,৬১৩টা হাতী আছে৷ এই তথ্য প্ৰস্তুত কৰাৰ বাবে মুঠ চাৰিশ কিলোমিটাৰ ক্ষেত্ৰক সামৰি লোৱা হৈছিল বুলিও বন বিভাগৰ সূত্ৰই সদৰি কৰিছে৷ উল্লেখ্য যে ‘এমট্ৰন’ৰ সহযোগত প্ৰস্তুত তথা উন্নীতকৰণ কৰি ইতিমধ্যে মুকলি কৰা মানাহৰ অফিচিয়েল ৱেবছাইটত মানাহৰ প্ৰাথমিক সকলো তথ্যৰ উপৰি পৰৱৰ্তী পৰ্যটন বৰ্ষত অনলাইনযোগে বুকিঙৰ সুবিধাও উপলব্ধ কৰা হ’ব বুলি একটা সূত্ৰত প্ৰকাশ৷