Logo
image

লাভলীনাৰ পাছত নয়নমণি! ধন্য সৰুপথাৰ

আমাৰ অসম, ৩ আগষ্টঃ পুনৰ ধন্য হ’ল সৰুপথাৰ৷ গভীৰ আত্মবিশ্বাস, দৃঢ় মনোবল, কঠোৰ সাধনা আৰু জীৱনৰ লক্ষ্য যদি স্থিৰ হয় তেন্তে অলিম্পিক পদক বিজয়ী লাভলীনাৰ নিচিনাকৈ সকলোৱে জীৱনত নিশ্চয় সফলতা লাভ কৰিব পাৰে৷ সেই কথাকে যেন আজি সৰুপথাৰৰ জীয়ৰী নয়নমণি শইকীয়াই কমনৱেল্‌থ গেম্‌ছ ভিলেজত প্ৰতিপন্ন কৰি দেখুৱালে৷ ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্‌থ গেম্‌ছত লনবল খেলুৱৈ সৰুপথাৰৰ নয়নমণি শইকীয়াৰ লগতে লনবলৰ ভাৰতীয় মহিলাৰ চাৰিজনীয়া দলটিয়ে দলীয় শাখাত প্ৰতিনিধিত্ব কৰি মঙলবাৰে বিয়লি অনুষ্ঠিত ফাইনেল খেলত দক্ষিণ আফ্ৰিকাৰ দলটিক পৰাস্ত কৰি অসম তথা সমগ্ৰ ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই অনা খবৰে সমগ্ৰ ধনশিৰি মহকুমাত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰিছে৷ নয়নমণিৰ লগতে চাৰিজনীয়া দলটিৰ খেল উপভোগ কৰিবলৈ আজি পুৱাৰে পৰা সমগ্ৰ ধনশিৰিবাসীয়ে গভীৰ আগ্ৰহেৰে বাট চাই থকাৰ পাছত ফাইনেল খেলৰ ফলাফলত লনবলত ভাৰতীয় মহিলা দলটিৰ জয় নিশ্চিত হোৱাৰ পাছতে আনন্দমুখৰ পৰিবেশৰ সৃষ্ট হয়৷ নয়নমণিৰ গৃহভূমি ধনশিৰি মহকুমাৰ সৰুপথাৰৰ ৰনং টেঙাহোলা গাৱঁৰ স্বামীগৃহৰ চোতালত আজি বিয়লিৰ ভাগত ৰাজহুৱাভাৱে ৰাইজে টিভি ষ্ক্ৰীনত নয়নমণিৰ খেল উপভোগ কৰে৷ ৰাইজৰ লগতে নয়নমণিৰ পিতৃ হেমকান্ত শইকীয়া, মাতৃ নিৰদা শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়েও নয়নমণিৰ খেল উপভোগ কৰে৷ লনবলত ভাৰতীয় মহিলা দলটিৰ জয়ত সকলোৱে ফটকা ফুটোৱাৰ লগতে আৱতৰীয়া বিহু মাৰি আনন্দ কৰে৷ বিভিন্ন দল-সংগঠন আৰু শুভাকাংক্ষী ৰাইজ উপস্থিত হৈ নয়নমণিৰ পিতৃ-মাতৃৰ লগতে স্বামী ভাস্কৰজ্যোতি গোহাঁই, কন্যা তনয়া আৰু নয়নমণিৰ শাহু জ্যোৎস্না ফুকনক অভিনন্দন জ্ঞাপন কৰে৷