Logo
image

বণিয়ালৈ জিএমডিএৰ বিশেষ ‘অফাৰ’! কঠাত ১৬ হাজাৰ টকা

পানীৰ দৰত গুৱাহাটীৰ মাজমজিয়াত মাটি

আমাৰ অসম, ১১ ডিচেম্বৰঃ উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত এক কঠা মাটিৰ দাম কিমান? আপুনি হয়তো ভাবিছে এক কঠা মাটিৰ দাম হ’ব সৰ্বাধিক ১০ লাখ টকা, ২০ লাখ টকা বা ৫০ লাখ টকা৷ সাধাৰণ লোকৰ বাবে গুৱাহাটীৰ একঠা মাটিৰ এই দৰ যদিও দিছপুৰৰ আশীৰ্বাদ থকা একাংশ বণিয়াৰ বাবে মহানগৰীৰ একঠা মাটিৰ দাম এক লাখ টকাও নহয়৷ চৰকাৰ-প্ৰশাসনক মেনেজ কৰি পুঁজিপতি বণিয়াই গুৱাহাটীৰ মাজমজিয়াত থকা ৩০ বিঘা চৰকাৰী ভূমি কঠাই প্ৰতি মাত্ৰ ১৬ হাজাৰ টকাকৈ ক্ৰয় কৰিবলৈ সক্ষম হৈছে৷ এই সৌভাগ্যশালী বণিয়া ব্যৱসায়ীজন হৈছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ অধ্যক্ষ, বিল্ডাৰ তথা বিধায়ক অশোক সিংঘালৰ অতিকৈ ঘণিষ্ঠ বিল্ডাৰ বসন্ত ছুৰাণা৷ একাংশ ৰাজনীতিকৰে সম্পৰ্ক ৰক্ষা কৰি অহা এইজন বিতৰ্কিত বিল্ডাৰ তথা ব্যৱসায়ী বসন্ত ছুৰাণাক ‘ইক’ ছেনছিটিভ জ’ন’ৰ অন্তৰ্গত শিলসাঁকো বিলৰ ৩০ বিঘাৰ বিশাল ভূমি ৰাজহ বিভাগে নামজাৰি কৰি দিলে৷ শিলসাঁকো বিলত উক্ত বৃহৎ ভূমি ব্যৱসায়ী ছুৰাণা বাহিনীক গতাই দিয়াৰ পাছত এইবাৰ গুৱাহাটী জলাশয় সংৰক্ষণ আইন-২০০৮ক সোণোৱাল চৰকাৰে বিশেষ কেবিনেটৰ জৰিয়তে সংশোধন কৰি বিলৰ ভূমি পুতি বিশাল অট্টালিকা নিৰ্মাণ কাৰ্যত অনুমতি দিয়াৰ বাবেও পৰিকল্পনা কৰিছে জি এম ডি এৰ লগতে দিছপুৰে৷ এজন বণিয়া ব্যৱসায়ী কিমান প্ৰভাৱশালী হ’লে জলাশয়ৰ ভূমি নিজৰ প্ৰতিষ্ঠানৰ নামত নামজাৰি কৰি মন্ত্ৰীসভাৰ বিশেষ কেবিনেট পাতি নিৰ্মাণৰ অনুমতি আদায় কৰি ল’বলৈ সক্ষম হ’ব পাৰে, সেয়া ব্যৱসায়ী ছুৰাণাৰ উদাহৰণ দিলে নক’লেও বুজা যায়৷ ‘আমাৰ অসম’ৰ হাতত আহি পৰা তথ্য অনুসৰি কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে বিতৰ্কিত বিল্ডাৰ বসন্ত ছুৰাণাৰ মালিকানাধীন ‘পূৰ্বাঞ্চল গৃহ নিৰ্মাণ উন্নয়ন সমিতি’ৰ নামত শিলসাঁকো বিলৰ ৬০২ নম্বৰ দাগৰ ৩০ বিঘা ভূমি আৱণ্টন দিছিল তদানীন্তন কামৰূপ মহানগৰ জিলা উপায়ুক্তই৷ সেই সময়ত গুৱাহাটী পৌৰ নিগমত কৰ্মৰত যাদৱ গোস্বামী নামৰ অভিযন্তাজনে দিছপুৰ ৰাজহ চক্ৰৰ বিষয়া-কৰ্মচাৰীৰ সৈতে জোখ-মাখ কৰি ছুৰাণাৰ মালিকানাধীন প্ৰতিষ্ঠানটোক শিলসাঁকো বিলৰ মাটিখিনি গতাই দিছিল৷ প্ৰতি কঠাত প্ৰায় ১৬ হাজাৰ টকা দৰতে মুঠ ২৫ লাখ টকাৰ বিনিময়ত ৩০ বিঘাকৈ চৰকাৰী ভূমি পানীৰ দৰতে চমজাই দিছিল৷ লক্ষণীয়ভাৱে কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্যকালত উক্ত ভূমি লাভ কৰিছিল যদিও ছুৰাণা বাহিনীয়ে শেহতীয়াকৈ জি এম ডি এক দাখিল কৰা তথ্যত ১৯৯৬ চনতে পূৰ্বাঞ্চল গৃহ নিৰ্মাণ উন্নয়ন সমিতিলৈ ভূমিখিনি হস্তান্তৰ হোৱা বুলি সন্দেহজনক নথি-পত্ৰ যোগান ধৰাৰো অভিযোগ উঠিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, গুৱাহাটী জলাশয় [সংবৰ্ধন আৰু সংৰক্ষণ] আইন-২০০৮ অনুযায়ী কোনো কাৰণতে শিলসাঁকো বিলৰ মাটিত স্থায়ী আন্তঃগাঁথনি তথা নিৰ্মাণ কৰিব নোৱাৰে আৰু জি এম ডি এ-ও নিৰ্মাণৰ অনুমতি দিব নোৱাৰে৷ কিয়নো ইক’ ছেনছিটিভ জ’নৰ অন্তৰ্গত গুৱাহাটীৰ আয়ুস ৰেখা স্বৰূপ শিলসাঁকো বিলৰ মাজেদি সমগ্ৰ গুৱাহাটীৰ বৰ্জিত পানী বোন্দাজান হৈ ব্ৰহ্মপুত্ৰত মিলিত হৈছে৷ কিন্তু শেহতীয়াকৈ বিল্ডাৰ ছুৰাণা আৰু জি এম ডি এ একাংশ লোভী বিষয়া-কৰ্মচাৰীয়ে শিলসাঁকো বিলৰ বিশাল ভূমি মাটিৰে পুতি স্বাভাৱিক তথা প্ৰাকৃতিকভাৱে বৈ অহা পানীৰ সোঁতক বাধা দি কংক্ৰিটৰ ড্ৰেইন নিৰ্মাণ কৰি পানীৰ গতিপথ সলনি কৰাৰো ভয়ংকৰ পৰিকল্পনা কৰিছে৷ ইয়াৰ বাবে ছুৰাণা বাহিনীক শিলসাঁকোত অট্টালিকা নিৰ্মাণৰ অনুমতি দিয়াৰ বাবে গুৱাহাটী জলাশয় সংৰক্ষণ আইনৰ ধাৰা-৫১ অধীনত পূৰ্বৰ আইনী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ বাবে জি এম ডি এৰ অধ্যক্ষ অশোক সিংঘালে গুৱাহাটী উন্নয়ন বিভাগলৈও প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷ আনকি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নেতৃত্বাধীন গুৱাহাটী উন্নয়ন বিভাগে শিলসাঁকো বিলত ছুৰাণা বাহিনীক অট্টালিকা নিৰ্মাণৰ বাবে অনুমতি দিয়াৰ ক্ষেত্ৰত কেবিনেট বৈঠকত গ্ৰহণ কৰিবলগীয়া সিদ্ধান্তৰ প্ৰতিলিপিও প্ৰস্তুত কৰি সাজু কৰিছে৷ যিখন প্ৰতিলিপিত আনুষ্ঠানিকতাৰ নামত মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত অনুমোদন দিয়াৰ পাছতেই জি এম ডি এৰ ফালৰ পৰা ছুৰাণা বাহিনীক শিলসাঁকোত নিৰ্মাণৰ বাট মুকলি কৰি দিব৷ সোণোৱাল চৰকাৰৰ আগন্তুক কেবিনেটত মঞ্জুৰ হ’বলগীয়া প্ৰতিলিপিখন ইতিমধ্যে ‘আমাৰ অসম’ কাকতৰ বৃহস্পতিবাৰৰ সংখ্যাত সবিস্তাৰে প্ৰকাশ পাইছে৷ কিন্তু, বসন্ত ছুৰাণাই শিলসাঁকো বিলৰ ৩০ বিঘা ভূমি পুতি পেলোৱাৰ লগে লগে গুৱাহাটীত যে অনাগত দিনত কৃত্ৰিম বানৰ সাগৰৰ সৃষ্টি হ’ব, সেই কথা বিশেষজ্ঞ মহলেও আশংকা কৰিছে৷ কিয়নো বিলৰ নিৰ্দিষ্ট মাটিখিনিৰ ওপৰেদি মেঘালয়ৰ পানীৰ লগতে সাতগাঁও নদীৰ পানীও নিৰবচ্ছিন্নভাৱে বৈ আহিছে৷ ‘আমাৰ অসম’ কাকতে জি এম ডি এৰ এই ভয়ংকৰ পৰিকল্পনা ফাদিল কৰাৰ পাছতো বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কোনো কাৰ্যব্যৱস্থা হাতত নোলোৱাত সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণৰ আস্ফালন কৰা সোণোৱাল চৰকাৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাবে শিলসাঁকো বিলত এডোখৰ মাটি আৱণ্টন দিবলৈ কুণ্ঠাবোধ কৰাৰ পাছত বসন্ত ছুৰাণাৰ দৰে বণিয়াৰ কমিচনৰ লোভত নীতি সলনি কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷