Logo
image

মাৰ্কিন ড্ৰ’ন আক্ৰমণত নিহত জৱাহিৰি

আমাৰ অসম, ৩ আগষ্টঃ মাৰ্কিন ড্ৰ’ন আক্ৰমণত অল কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰি নিহত হৈছে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে অল কায়দাৰ মুৰব্বী নিহত হোৱাৰ খবৰ নিজমুখে প্ৰকাশ কৰে৷ বাইডেনে জনোৱা অনুসৰি দেওবাৰে মাৰ্কিন ড্ৰ’ন আক্ৰমণত আফগানিস্তানৰ কাবুলত জৱাহিৰি নিহত হয়৷ তেওঁ টুইট কৰাৰ উপৰি হোৱাইট হাউচৰ পৰা বিবৃতি দি কয়, – ‘কিমান দেৰি হ’ল, সেইটো ডাঙৰ কথা নহয়৷ ক’ত লুকাই থকাৰ চেষ্টা কৰিছিল সেই কথায়ো কোনো ডাঙৰ পাৰ্থক্য নানে৷ আমি তেওঁক বিচাৰি উলিয়াই নিধন কৰিলো, সেইটোহে ডাঙৰ কথা৷ যি আমেৰিকাৰ ক্ষতি কৰিবলৈ বিচাৰে, তেওঁৰ পৰা আমেৰিকাৰ মানুহক ৰক্ষা কৰাৰ বাবে আমি সংকল্পবদ্ধ৷ তেওঁ ৯/১১ ৰ আক্ৰমণৰ সৈতে জড়িত আছিল, য’ত ২,৯৭৭ জন নিৰপৰাধী লোকৰ মৃত্যু হৈছিল৷ অৱশেষত ন্যায় বিচাৰ প্ৰদান কৰা হ’ল৷’ 

আমেৰিকাৰ সেনা বাহিনীৰ এজন বিষয়াই জনোৱা অনুসৰি দেওবাৰে পুৱা ৬ বাজি ১৮ মিনিটত কাবুলত মাৰ্কিন আক্ৰমণত জৱাহিৰি নিহত হয়৷ সেই সময়ত জৱাহিৰি কাবুলৰ এটা ঘৰৰ বেলকনিত আছিল৷ ড্ৰ’নৰ দ্বাৰা কঢ়িয়াই নিয়া এটা ছাবছনিক বা শব্দতকৈ ক’ম বেগত ধাবমান হোৱা  ‘হেলফায়াৰ আৰ ৯ এক্স’ বা ‘নিনজা বোমা’ৰ দ্বাৰা জৱাহিৰিক শেষ কৰে আমেৰিকাই৷ আক্ৰমণত কি অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল সেয়া আমেৰিকাই প্ৰকাশ নকৰিলেও এই ‘গাইডেড মিছাইল’ৰ দ্বাৰাই জৱাহিৰিক নিধন কৰা বুলি চৰ্চা হৈছে৷ হেলফায়াৰ আৰ ৯ এক্স নামৰ মিছাইল বা ক্ষেপণাস্ত্ৰবিধ ‘গাইডেড’ অৰ্থাৎ পূৰ্বেই লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া প্ৰজাতিৰ আছিল৷ এই মিছাইলে কেৱল নিৰ্দিষ্ট কৰি দিয়া লক্ষ্যতহে আঘাত কৰে, ওচৰত থকা কাৰো হানি নকৰে আৰু কোনো বিস্ফোৰণ সংঘটিত নোহোৱাৰ বাবে পাৰিপাশ্বিৰ্ক এলেকাত আক্ৰমণৰ চিহ্ন নাথাকে৷ জৱাহিৰিক কৰা আক্ৰমণৰ ক্ষেত্ৰতো তেওঁ থকা কেলকনিৰ খিৰিকীহে ভগা দেখা গৈছে, ঘৰটোৰ কোনো ক্ষতি হোৱা  নাই৷ এই মিছাইলে পূৰ্ব নিৰ্ধাৰিত লক্ষ্যক তাত থকা ৮ খন ব্লেডৰ সহায়ত টুকুৰা টুকুৰ কৰি ধবংস কৰে৷ জৱাহিৰিক এই হেলফায়াৰ আৰ ৯ এক্স মিছাইলেৰে হত্যা কৰাৰ পূৰ্বে ছিৰিয়াত মাৰ্কিন বাহিনীয়ে আল কায়দাৰ অন্যতম শীৰ্ষনেতা আল খায়েৰ আল মাছাৰিক এখন গাড়ীৰ ভিতৰত হত্যা কৰিছিল৷

মিছৰৰ ৰাজধানী কায়ৰোত জন্ম হোৱা আয়মান অল জৱাহিৰি আছিল এজন শল্য চিকিৎসক৷ তেওঁ কায়ৰো বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৪ চনত মেডিকেলৰ স্নাতক আৰু ১৯৭৮ চনত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল৷ ৩ বছৰ মিছৰৰ সেনাবাহিনীত চাকৰি কৰাৰ পাছত তেওঁ নিজৰ ক্লিনিক আৰম্ভ কৰে৷ ১৯৮১ চনত মিছৰৰ ৰাষ্ট্ৰপতি আনোৱাৰ আল ছাদাতৰ হত্যাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল৷  ৩ বছৰ পাছত মুক্তি পাই তেওঁ পাকিস্তানলৈ আহি ছোভিয়েট সেনাৰ আক্ৰমণত আফগানিস্তানত আহত হোৱা গেৰিলা যোদ্ধাৰ চিকিৎসাত ব্ৰতী  হয়৷ ১৯৮৫ চনত ছৌডি আৰৱৰ জেড্ডাত তেওঁৰ ওছামা বিন লাডেনৰ সৈতে পৰিচয় হয় আৰু পৰৱৰ্তী বছৰত তেওঁ লাডেনৰ ব্যক্তিগত চিকিৎসক তথা উপদেষ্টা হিচাপে নিযুক্তি পায়৷ আল কায়দাত ‘ডাক্টৰ’ বুলি পৰিচিত জৱাহিৰি লাডেনৰ মৃত্যুৰ পাছত সংগঠনটোৰ মুৰব্বী নিৰ্বাচিত হয়৷