Logo
image

প্ৰণীতাৰ ‘স্বাধীনতা’ বিচাৰি তোলপাৰ ৰাজ্য

চাৰিটা শব্দৰ বাবে লগোৱা হ’ল ইউএপিএ

আমাৰ অসম, ৩ আগষ্টঃ অসম আৰক্ষীত ভৰ্তি হৈ দেশ মাতৃক সেৱা আগবঢ়োৱাৰ সপোন দেখা প্ৰণীতা চুতীয়া নামৰ প্ৰতিভাৱান খেলুৱৈগৰাকী এতিয়াৰ বিচ্ছিন্নতাবাদী সংগঠনক সমৰ্থন জনোৱাৰ বাবেই ডেৰমাহ ধৰি কাৰাগাৰৰ বন্ধ কুঠৰীত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ অসম আৰক্ষীত যোগদানৰ বাবে শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও উচ্ছতা কম হোৱাৰ বাবেই সাক্ষাৎকাৰৰ পৰা বঞ্চিত হৈছিল অসমক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ মৰাণৰ প্ৰণীতা চুতীয়া ওৰফে মাইনা চুতীয়া৷ আৰক্ষীত ভৰ্তি হোৱাৰ সপোন মৰহি যোৱাত হতাশাত ভোগা প্ৰতিভাৱান খেলুৱৈ গৰাকীয়ে ছ’চিয়েল মিডিয়াত আলফা সম্পৰ্কীয় এটা বাতৰিৰ কমেণ্টত ‘আলফাৰ লিংক পালে যোগদান কৰিম’ বুলি ক্ষোভ প্ৰকাশ কৰিছিল৷ এই শব্দ চাৰিটাই যেন অপৰাধ হৈ পৰিল স্মাৰ্ট অসম আৰক্ষীৰ বাবে৷ যুৱ প্ৰজন্মক আলফামুখী হোৱাৰ ঢৌ প্ৰতিৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হোৱা আৰক্ষীৰ বিশেষ শাখাৰ নিৰ্দেশত চৰাইদেউ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি বিগত ১৭ জুনতে গ্ৰেপ্তাৰ কৰে ২৩ বছৰীয়া প্ৰণীতা চুতীয়াক৷ আৰক্ষীয়ে প্ৰণিতাক কাউঞ্চেলিং কৰাৰ পৰিৱৰ্তে মৰাণহাট থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ [বি] /১২১/১২১ [এ] আৰু ইউ এ [পি] আইনাৰ ধাৰা ১০/১৩/১৮ [বি]ৰ লগতে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৭১ অধীনত ৩৬/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি শিৱসাগৰ কাৰাগাৰলৈহে নিক্ষেপ কৰিলে৷ লঘু অপৰাধৰ বাবে গুৰু শাস্তিৰ দৰে ইউ এ [পি] আইনৰ ধাৰা জাপি দি মাহৰ পাছত মাহ ধৰি প্ৰতিভাৱান খেলুৱৈগৰাকীক কাৰাবন্দী কৰি ৰাখিব পৰাটোৱেই যেন স্মাৰ্ট অসম আৰক্ষীৰ বাবে সফলতাৰ মাপকাঠী হৈ পৰিছে৷ প্ৰণীতাৰ সৰুৰে পৰাই বিভিন্ন খেলৰ প্ৰতি ৰাপ থকাই নহয়, বক্সিং, মাৰ্চিয়েল আৰ্ট আৰু উশ্বু খেলতো পাৰদৰ্শিতা দাঙি ধৰিছে প্ৰণীতা চুতীয়াই৷ আনকি ৭ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু প্ৰতিযোগিতাত গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰাৰ বাবেও বাছনি লাভ কৰিছে খেলুৱৈগৰাকীয়ে৷ চাৰিদিনৰ পাছত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ খেলখনত অংশগ্ৰহণৰ বাবে প্ৰণীতাই সুযোগ লাভ কৰিবনে নাই সেয়া এই মুহূৰ্তত অনিশ্চিত হৈ পৰিছে৷ প্ৰতিভাৱান খেলুৱৈগৰাকীৰ মুক্তিৰ বাবে ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক দাবী উঠাও দেখা গৈছে৷ ইফালে প্ৰণীতাৰ মাতৃ পূৰ্ণিমা চুতীয়াই মুখ্যমন্ত্ৰীক কন্যাক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনোৱাৰ লগতে প্ৰণীতাই আলফাত যোগদান নকৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে৷ অৱশ্যে প্ৰণীতা চুতীয়াৰ মাতৃৰ এই আৱেদনে মুখ্যমন্ত্ৰীৰ হৃদয় গলাব পাৰিবনে নাই সেয়া সময়তহে স্পষ্ট হ’ব৷ কিয়নো এতিয়া মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলেই চৰকাৰী পক্ষই আদালতত জামিন পোৱাতো সহায় কৰে অভিযুক্তক৷ আশ্চৰ্যজনক বিষয়টো হৈছে, সামাজিক মাধ্যমত আলফাক সমৰ্থন জনালেই অসম আৰক্ষীয়ে কঠোৰ ইউ এ [পি] আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰা বিষয়টোৱে আইনখনৰ অপ-ব্যৱহাৰ কৰিছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷