Logo
image

বাৰুকৈয়ে বৃদ্ধি পাব ব্ৰইলাৰৰ মূল্য

ছাগলীয়াত ৰমৰমীয়াকৈ চলিছে ছিণ্ডিকেট

আমাৰ অসম, ৩ আগষ্টঃ ছিণ্ডিকেট চক্ৰৰ ধন দাবীত অতিষ্ঠ হৈ ব্যৱসায়ীসকলে বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ মুৰ্গী আমদানি বন্ধ কৰি দিয়াত নামনি অসমৰ লগতে গুৱাহাটীতো ব্ৰইলাৰ মাংসৰ নাটনিয়ে দেখা দিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিণ্ডিকেটৰ  বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ হুংকাৰ দিছিল যদিও কাৰ্যতঃ মুখ্যমন্ত্ৰীৰ বক্তব্য ফুটুকাৰ ফেনতহে পৰিণত হৈছে৷ পশ্চিমবংগৰ পৰা অসমৰ মূল প্ৰৱেশ দ্বাৰ ধুবুৰীৰ ছাগলীয়া আৰু কোকৰাঝাৰ শ্ৰীৰামপুৰত ছিণ্ডিকেট মাফিয়া চক্ৰই ব্ৰইলাৰ মুৰ্গী বেপাৰীৰ পৰা ধন দাবী কৰা অডিঅ’ ক্লিপিং এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ আৰক্ষী, পৰিবহণ বিভাগ বা পশুপালন বিভাগ নহয়, ছিণ্ডিকেট মাফিয়া চক্ৰই দিনৰ পোহৰতে ছাগলীয়া আৰু শ্ৰীৰামপুৰত নিজাকৈ চেকগেট বহোৱাই প্ৰতিখন ব্ৰইলাৰ পৰিবাহী বাহনৰ পৰা ১০-১৫ হাজাৰ টকাকৈ গুণ্ডাটেক্স সংগ্ৰহ কৰি আহিছে৷ অস্ত্ৰধাৰী ছিণ্ডিকেট মাফিয়া চক্ৰই ধন নিদিলে কোনো বাহনকে ব্ৰইলাৰ লৈ অসমত প্ৰৱেশ কৰিব নিদিয়ে৷ ইফালে ধুবুৰীত ব্ৰইলাৰ চিকেন সংস্থাই সোমবাৰে এখন সংবাদ মেল সম্বোধন কৰি বিগত ডেৰ মাহ ধৰি ছিণ্ডিকেট চক্ৰই ব্যাপক হাৰত ধন দাবী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ সংস্থাটোৱে জনৈক ৰবি, বাদল, জীৱনৰ নেতৃত্বত একাংশ যুৱকে ছিণ্ডিকেট চলাই অহাৰ পাছতো আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও লোৱাৰো অভিযোগ কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত ছিণ্ডিকেট চক্ৰই উৎখাত কৰাৰ দাবীত অনিৰ্দিষ্টকালৰ বাবে ব্ৰয়লাৰ মুৰ্গীৰ আমদানি বন্ধ কৰি দিছে সংস্থাই৷ তদুপৰি বংগ সীমান্ত জনৈক আয়ুব আলী আৰু আশ্ৰাফুলৰ নেতৃত্বতো ব্ৰইলাৰ অবৈধ সৰবৰাহ অব্যাহত থকাৰ অভিযোগ উঠিছে৷ একেদৰে শ্ৰীৰামপুৰৰ গেটতো একাংশ গুণ্ডা প্ৰকৃতিৰ যুৱকে আৰক্ষীক মেনেজ কৰি ছিণ্ডিকেট চলাই অহাৰ অভিযোগ উঠিছে৷ প্ৰাক্তন উগ্ৰপন্থী সদস্যৰ লগতে জনৈক ৰাজু দাস আৰু সমীৰ দাসৰ ছত্ৰছায়াত ব্ৰইলাৰ ছিণ্ডিকেট চলাৰ অভিযোগ কৰিছে ব্যৱসায়ীসকলে৷ শেহতীয়াকৈ এই ছিণ্ডিকেট চক্ৰটোৰ হৈ ধন সংগ্ৰহৰ দায়িত্বত আছে ৰতন ঘোষ নামৰ এটা দালাল৷ স্বাভাৱিকতেই ব্ৰইলাইৰ ছিণ্ডিকেট চক্ৰটোৰ ওপৰত দিছপুৰৰ কোনো প্ৰভাৱশালী লোকৰ আৰ্শীবাদ থকা বুলিও চৰ্চা লাভ কৰিছে৷ যি সময়ত মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে শূন্য সহনশীল নীতি ঘোষণা কৰি এনকাউণ্টাৰ পৰ্ব আৰম্ভ কৰিছে, তেনে সময়ত শাসকীয় দলৰ কোনো শীৰ্ষ ৰাজনীতিক জড়িত নাথাকিলে কোনেও যে ছিণ্ডিকেট চলাবলৈ সাহস নকৰে সেয়া নিশ্চিত৷ ফলত দিছপুৰৰ পৰা ৰাজনৈতিক পৃষ্ঠপোষকতাত চলা এই ছিণ্ডিকেটৰ বাবেই মঙলবাৰৰে পৰা গুৱাহাটীৰ বজাৰতো ব্ৰয়লাৰ মাংসৰ দাম বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷

অসমৰ কুকুৰা ব্যৱসায়ীৰ পৰা গুণ্ডাকৰ সংগ্ৰহ, এজনক গ্ৰেপ্তাৰ

অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ আলিপুৰদুৱাৰৰ বাসিন্দা ৰতন ঘোষ নামৰ এটা মাফিয়াই পৰিবহণ বিভাগৰ নাম ব্যৱহাৰ কৰি দীৰ্ঘদিনৰ পৰাই অসমৰ কুকুৰা ব্যৱসায়ীৰ পৰা আশংকা প্ৰকাশ কৰি অসমৰ পৰা ওলাই অহা কুকুৰা পৰিবহণকাৰীৰ প্ৰতিখন গাড়ীৰ পৰা ১৫-২০ হাজাৰ টকা দাবী কৰে৷ ৰতন ঘোষৰ নিৰ্যাতনত বিৰক্ত হৈ গোসাঁইগাঁৱৰ শিমুলতাপু অঞ্চলৰ এজন কুকুৰা ব্যৱসায়ী ৰতন ঘোষৰ নিৰ্যাতনত বিৰক্ত হৈ ৰতন ঘোষৰ ভাড়াতীয়া গুণ্ডাই ৰাস্তাত থকা কুকুৰাভৰ্তি গাড়ীখন জব্দ কৰি চালকসকলক প্ৰহাৰ কৰাৰ লগতে পৰিবহণ বিভাগৰ এজন বিষয়াৰ পৰা ২০ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰে৷  বংগৰ ছিণ্ডিকেটৰ দাদা দীৰ্ঘদিন ধৰি ৰতন ঘোষে কৰা অপকৰ্মৰ কথা উল্লেখ কৰি থানাত এজাহাৰ দাখিল কৰে৷ উক্ত ৰতন ঘোষে অসমৰ পৰা আলিপুৰদুৱাৰৰ বিভিন্ন হাঁহ-কুকুৰাৰ ফাৰ্মৰ পৰা কুকুৰা আনিবলৈ যোৱা বাহনৰ পৰা বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছে৷ ইয়াৰ উপৰিও শাসকীয় দলৰ নাম-বদনাম কৰি তেওঁ ধন সংগ্ৰহ কৰে বুলিও অভিযোগ উত্থাপন হৈছে৷ দীৰ্ঘদিন ধৰি ৰতন ঘোষৰ বিৰুদ্ধে অভিযোগ উঠি আহিছে যদিও বংগ প্ৰশাসনৰ তেওঁৰ সম্পৰ্ক মধুৰ হোৱাত তেওঁৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাছিল যদিও কালি এজন ব্যৱসায়ী ৰতন ঘোষৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ তুলি বংগত গোচৰ দিয়াত গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয়৷ টোল সংগ্ৰহৰ লগত জড়িত ৰতন ঘোষ আৰু পৰিবহণ বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াজনক উদ্ধাৰ কৰি অসমৰ কুকুৰা ব্যৱসায়ীসকলে উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে৷