Logo
image

নৈঋতাৰ অভিযোগত বিব্ৰত ৰাজীৱ ভৱন

আমাৰ অসম, ৩ আগষ্টঃ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নৈঋতা জয় শুক্লাৰ অভিযোগত বিব্ৰত হৈ পৰিছে ৰাজীৱ ভৱন৷ কংগ্ৰেছৰ ডাঙৰ ডাঙৰ হাতে বিজেপিৰ সৈতে শঠা-মিতিৰালি কৰি কংগ্ৰেছ দলটোক ডুবোৱা বুলি বিস্ফোৰক মন্তব্য কৰি নৈঋতাই কালি অভিযোগ কৰিছিল যে কংগ্ৰেছ এতিয়া একাংশ বিজেপিৰ দালালৰে ভৰি পৰিছে৷ তেওঁলোকে বিজেপিত যোগদান নকৰে, কিন্তু কংগ্ৰেছতে থাকি দলটোক নিঃশেষ কৰাৰ কাৰণে কাম কৰি আছে৷ যোৱা এটা বছৰ তৃণমূলত দলীয় কাম-কাজ কৰি এই উপলব্ধি লাভ কৰা বুলি দাবী কৰি নৈঋতাই কয়–‘যোৱা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত যি ৫/৬ জন জ্যেষ্ঠ, শীৰ্ষ পৰ্যায়ত থকা নেতা তথা বিধায়কে ক্ৰছ ভোটিং কৰিলে, সেই সকলেই দলটোক পৰিকল্পিতভাৱে বিজেপিৰ স্বাৰ্থত ধবংস কৰা ডাঙৰ দালাল৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে তেওঁলোকৰ নাম ৰাজহুৱা কৰক৷’ অসমত তথা বৰাকত কংগ্ৰেছ দলৰ ভেটি এতিয়াও শক্তিশালী বুলি দাবী কৰি নৈঋতাই কয় যে কংগ্ৰেছত থাকি বিজেপিৰ দালাল হিচাপে একাংশ শীৰ্ষ নেতাই কাম কৰাৰ বাবেই পঞ্চায়ত বা লোকসভাৰ নিৰ্বাচনতো দলৰ শোচনীয় পৰাজয় হ’ব৷ তৃণমূলৰ কংগ্ৰেছ কৰ্মী, এন এছ ইউ আই, যুৱ কংগ্ৰেছ আদিয়ে দলটোৰ ভালৰ বাবে দিনে-নিশাই শ্ৰম কৰাৰ পাছতো একাংশ ডাঙৰ ডাঙৰ নেতাই দলটোৰ উন্নতি বা নিৰ্বাচন জিকাটো নিবিচাৰে৷ কংগ্ৰেছ দলৰ অভ্যন্তৰত থকা এইসকল বিশ্বাসঘাটকক চিনাক্ত কৰি দলৰ পৰা বহিষ্কাৰ কৰিবলৈ তেওঁ ৰাহুল গান্ধী ছোনিয়া গান্ধীক আহ্বান জনায়৷ কংগ্ৰেছ দলে নিলম্বন নকৰালৈকে এই শক্তিশালী লবীৰ বিৰুদ্ধে যুজ চলাই যাব বুলিও নৈঋতাই ঘোষণা কৰে৷ লক্ষণীয় যে নৈঋতাই প্ৰাকে প্ৰকাৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ ওপৰতো সন্দেহৰ আঙুলি টোৱায়৷