Logo
image

দ্বাদশ শ্ৰেণীলৈকে ইংৰাজীত পাঠদান মেডিকেল-ইঞ্জিনিয়াৰিং অসমীয়াত

ইতিমধ্যেই মেডিকেল-ইঞ্জিনিয়াৰিঙত মাতৃভাষাৰ পাঠ্যপুথি প্ৰণয়নৰ প্ৰস্তুতি

আমাৰ অসম, ৪ আগষ্টঃ আক্ষৰিক অৰ্থতেই আজব, অদ্ভুত, অবান্তৰ আৰু অবাস্তৱ– অসম চৰকাৰৰ শেহতীয়া ভাষানীতিক এইদৰেই আখ্যায়িত কৰিছে বিভিন্ন মহলে৷ ইয়াৰ কাৰণো নোহোৱা নহয়৷ পৃথিৱীৰ প্ৰায় সকলো শিক্ষাবিদে এই কথা কৈছে যে প্ৰাথমিক পৰ্যায়ত, বিদ্যালয় পৰ্যায়ত মাতৃভাষা মাধ্যমত শিক্ষাগ্ৰহণ কৰাটো আটাইতকৈ বিজ্ঞানসন্মত কথা৷ পৃথিৱীয়ে মানি লোৱা এই নীতিৰ বিপৰীতে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু গণিতৰ পাঠদান কৰোৱা হ’ব ইংৰাজীত৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে এই সকলো বিষয় চালিজাৰি চাবৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া উচ্ছ পৰ্যায়ৰ কমিটীৰ প্ৰতিবেদন আজিকোপতি ৰাজহুৱা নকৰিলে অসম চৰকাৰে৷ কোৱা বাহুল্য যে এই কমিটীৰ মুৰব্বী আছিল অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত৷ মহন্তৰ নেতৃত্বাধীন কমিটীখনে দিয়া প্ৰতিবেদনৰ প্ৰতি কোনোধৰণৰ সন্মান প্ৰদৰ্শন নকৰিলে স্বয়ং অসম চৰকাৰে৷ কমিটীয়ে দিয়া পৰামৰ্শৰ বিপৰীতে তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু গণিতৰ শিক্ষা ইংৰাজীত দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ ইংৰাজী মাধ্যমত পাঠদান কৰা আৰু ইংৰাজী বিষয়টো ভালকৈ শিকোৱাৰ মাজত যে আকাশ-পাতাল পাৰ্থক্য আছে, সেই সাধাৰণ কথাটো চৰকাৰে নুবুজিলে বা বুজিও নুবুজাৰ ভাও জুৰিলে৷ এই প্ৰসংগত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে চৰকাৰে আন এটা অদ্ভুত সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে– মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান অসমীয়াত৷ যিখন ৰাজ্যত তৃতীয় শ্ৰেণীৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজীত বিজ্ঞান আৰু গণিত শিকিব, সেইখন ৰাজ্যত আকৌ মেডিকেল আৰু ইঞ্জিনিয়াৰিং পঢ়িব অসমীয়া ভাষাত৷ এই নুবুজা সাঁথৰৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে লাখ লাখ শিক্ষিত আৰু সচেতন লোকে৷ সংবেদনশীল ৰাইজৰ যুক্তি আৰু আৱেগৰ প্ৰতি গুৰুত্ব নিদি চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰাই ইংৰাজীত পাঠদানৰ সিদ্ধান্ত কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িছে, বহু বিদ্যালয়ৰ শিক্ষকক ক্ষমতা প্ৰয়োগ কৰি ইংৰাজীত পঢ়ুওৱাত আপত্তি নাই বুলি ক’বলৈ বাধ্য কৰাইছে আৰু এনেধৰণৰ অসমীয়া ভাষাবিৰোধী কাম-কাজৰ সমান্তৰালভাৱে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান অসমীয়াত আৰম্ভ কৰিবৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে– হয়তো ইয়াৰ জৰিয়তে অসম চৰকাৰে এই কথা প্ৰমাণ কৰিব বিচাৰিছে যে অসমীয়া ভাষাৰ প্ৰতি চৰকাৰৰ মৰম আৰু সন্মান আছে৷ চৰকাৰে কি ভাবিছে সেয়া চৰকাৰে জানে৷ কিন্তু এই আজব, অবান্তৰ, অদ্ভুত আৰু অবাস্তৱ কথাবোৰৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে অসমীয়াই৷ উল্লেখ্য, মাতৃভাষাৰ বিদ্যালয়ত ইংৰাজীত পাঠদানক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ জাতীয় সংগঠন সমূহৰ লগতে একাংশই চৰকাৰী বিদ্যালয়ত গণিত-বিজ্ঞান বিষয়ত ইংৰাজী পাঠদানৰ তীব্ৰ বিৰোধিতা কৰিছে যদিও আন একাংশই আকৌ চৰকাৰৰ এই সিদ্ধান্তক বাস্তৱমুখী সিদ্ধান্ত বুলিহে অভিহিত কৰিছে৷ কেবিনেটৰ এই সিদ্ধান্তক লৈ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থাকিলেও তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিত বিষয় ইংৰাজীত পাঠদান হ’বই বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে৷ আনকি মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীকো চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত পাঠদানৰ ফলত ছাত্ৰ-ছাত্ৰীৰ লাভালাভৰ ব্যাখ্যা আগবঢ়াই সংবাদমেল সম্বোধন কৰাও দেখা গৈছে৷ অৱশ্যে গণিত-বিজ্ঞান বিষয় ইংৰাজীত পঢ়ালেও ভূগোল-বুৰঞ্জীঅসমীয়াতে পাঠদান হ’ব বুলিও সদৰী কৰিছে৷ প্ৰাথমিক পৰ্যায়ৰ পৰা বিজ্ঞান আৰু গণিত বিষয় ইংৰাজীত অধ্যয়ন কৰিলে ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুক্তি দাঙি ধৰাৰ পাছত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱেও ইংৰাজীত অধ্যয়নৰ সফলতা মূল্য নিৰূপণত যেন পাছ কৰি ৰোৱা নাই৷ মঙলবাৰে ধেমাজিত এখন সংবাদ মেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী ভাষাত পঢ়ুওৱাৰ বাবে লোৱা সিদ্ধান্ত অতি সঠিক আৰু ই ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব বুলি দাবী কৰে৷ এই ব্যৱস্থাই অসমীয়া ভাষা আৰু মাধ্যমটোৰ কোনো হানি নকৰে বুলি উল্লেখ কৰি ইতিমধ্যে নলবাৰীৰ গৰ্ডন হাইস্কুলত এই ব্যৱস্থা কাৰ্যকৰী কৰি সফল হোৱা বুলিও তেওঁ দাবী কৰে৷ ইতিমধ্যে টে’ট শিক্ষকসকলে সোমবাৰে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ইংৰাজী মাধ্যমত পাঠদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ এই বিষয়টোত আপত্তি দৰ্শোৱা সংগঠনসমূহৰ সৈতে প্ৰয়োজন সাপেক্ষে আলোচনাত বহিব বুলি জানিবলৈ দিয়ে৷ লক্ষণীয়ভাৱে অসম চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান গণিত বিষয়ৰ ইংৰাজীত পাঠদানৰ সিদ্ধান্ত লোৱাৰ সময়তে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম অসমীয়া ভাষাত অধ্যয়নৰ বাবে পাঠ্যপুথি প্ৰস্তুতৰ  কাম প্ৰায় চুড়ান্ত কৰা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে৷ নতুন শিক্ষানীতিয়ে মাতৃভাষাত প্ৰাথমিক শিক্ষাৰ কথা কৈছে যদিও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যে স্ববিৰোধী সিদ্ধান্তহে গ্ৰহণ কৰিছে৷ কিয়নো চলিত সংসদৰ বৰ্ষাকালীন লোকসভাৰ অধিৱেশনত কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্ৰী সুভাষ শংকৰে এ আই চি টি ইয়ে অভিযান্ত্ৰিক শিক্ষাৰ বাবে অসমীয়া ভাষাত পাঠ্যপুথি অনুবাদৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি সদৰী কৰিছে৷ অৰ্থাৎ নতুন শিক্ষা নীতি অনুসৰি কম দিনৰ ভিতৰতেই অভিযান্ত্ৰিক পাঠ্যক্ৰম অসমীয়া মাধ্যমত আৰম্ভ হোৱাটো নিশ্চিত হৈ পৰিছে৷ কেৱল অভিযান্ত্ৰিকেই নহয়, ইতিমধ্যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমো অসমীয়া ভাষাত আৰম্ভ কৰাৰ বাবে পাঠ্যপুথি প্ৰস্তুতিৰ প্ৰক্ৰিয়া অব্যাহত আছে৷ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শ্ৰেণীৰ পাঠ্যপুথি অসমীয়াত প্ৰকাশ কৰাৰ কাম সমাপ্ত কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহ এই বিশ্ববিদ্যালয়খনেই পৰিচালনা কৰে৷ ইতিমধ্যে চিকিৎসা বিজ্ঞানৰ ইংৰাজী-অসমীয়া ভাষাৰ এখন অভিধানো প্ৰস্তুত কৰি উলিয়াইছে বিশ্ববিদ্যালখনে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা মাতৃভাষাত প্ৰদানৰ সপোন সাৰোগতা কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি কৰ্তৃপক্ষই সদৰি কৰিছে৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই জনোৱা মতে, দেশত এতিয়াও চিকিৎসা বিজ্ঞানৰ শিক্ষা ইংৰাজী মাধ্যমত প্ৰদান কৰা হয়৷ ভাৰতীয় ভাষাত এই কাম কৰিবলৈ প্ৰথমে কেন্দ্ৰীয় চৰকাৰে এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব লাগিব৷ তাৰ পাছত ৰাজ্য চৰকাৰে ইয়াক অনুমোদন জনাব লাগিব৷ অৱশ্যে ডাঃ বৰাই কয়– ‘‘আমি আমাৰ ফালৰ পৰা আগবাঢ়ি আছোঁ৷ ইতিমধ্যে অভিধানৰ কাম শেষ হৈছে৷ পাঠ্যপুথিৰ কামো আগন্তুক ৯ মাহত আমি শেষ কৰিম৷’’

এয়া যুগসাপেক্ষ সিদ্ধান্তঃ ডাঃ ধ্ৰুৱজ্যোতি বৰা

অসম সাহিত্য সভাৰ দৰে সংগঠনৰ সভাপতি পদ অলংকৃত কৰা ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ দৰে সাহিত্যিকে দিছপুৰৰ শেহতীয়া ভাষানীতিক সমৰ্থন কৰিছে৷ তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞানৰ শিক্ষা ইংৰাজীত দিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ অধিকাংশ বিদ্বৎ লোকে বিৰোধিতা কৰাৰ সময়তে ডাঃ বৰাৰ মন্তব্য– এয়া যুগসাপেক্ষ৷ কেৱল মন্তব্য দিয়েই ক্ষান্ত থকা নাই ডাঃ বৰা৷ তৃতীয় শ্ৰেণীত গণিত, বিজ্ঞান ইংৰাজীত পঢ়ুৱাই মেডিকেল আৰু ইঞ্জিনিয়াৰিং অসমীয়াত পঢ়ুৱাব খোজা চৰকাৰৰ আজব, অদ্ভুত আৰু অবান্তৰ সিদ্ধান্তৰ সহযোগীও হৈছে অসমীয়া ভাষা-সাহিত্যৰ বিষয়ে সততে মাত মাতি অহা ডাঃ বৰা৷ অসমীয়াত মেডিকেল শিক্ষাৰ বাবে ডাঃ বৰাৰ নেতৃত্বতে অসম চৰকাৰে গঠন কৰি দিছে শব্দকোষ আৰু পাঠ্যপুথি প্ৰণয়ন সমিতি৷ উল্লেখ্য, ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ১৯৩খন দেশৰ মাত্ৰ ১৩খনতহে চলে ইংৰাজী ভাষা৷ বাকী ১৮০খন দেশত নিশ্চয় অংক আৰু বিজ্ঞান শিক্ষাৰ উন্নতি আৰু প্ৰসাৰ হোৱা নাই– কিয়নো তাত ইংৰাজী ভাষা নাই৷ ইংৰাজী নচলা দেশসমূহৰ শিক্ষা ব্যৱস্থাও চাগে যুগসাপেক্ষ নহয়৷ কোৱা বাহুল্য যে মাতৃভাষা মাধ্যমত শিশুসকলে যিকোনো বিষয় অধ্যয়ন কৰিবলৈ সুযোগ পোৱাটো নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় শিক্ষানীতিতো কোৱা হৈছে৷ এয়া মৌলিক অধিকাৰো৷

ইংৰাজী পঢ়ুৱাৱলৈ টে’ট শিক্ষক সন্মত! শিক্ষামন্ত্ৰীৰ দাবী

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত বিজ্ঞান আৰু অংক বিষয় দুটা ইংৰাজী মাধ্যমত কৰা সম্পৰ্কত কেবিনেটে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰবল প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে ধেমাজিত সংবাদ মেল পাতি আপত্তি থকা দল-সংগঠনক আলোচনাৰ বাবে আমন্ত্ৰণ জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ অসমত ইতিমধ্যে নটা মাধ্যমত চৰকাৰী বিদ্যালয় চলি থকাৰ কথা উল্লেখ কৰি কেবিনেটত এই সিদ্ধান্ত লোৱাৰ পূৰ্বে বিভিন্ন দল-সংগঠনৰ লগতে অভিভাৱকৰ লগতো আলোচনা কৰা হৈছিল বুলি উল্লেখ কৰি এই সিদ্ধান্ত সঠিক আৰু ই ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব বুলি দাবী কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ আজি ধেমাজিত আয়োজিত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰি কয় যে, এই ব্যৱস্থাই অসমীয়া ভাষা আৰু মাধ্যমটোৰ কোনো হানি নকৰে৷ ইতিমধ্যে নলবাৰীৰ গৰ্ডন হাইস্কুলত এই ব্যৱস্থা কাৰ্যকৰী কৰি সফল হোৱা বুলিও তেওঁ দাবী কৰে৷ আজি ধেমাজিৰ শেহতীয়া বান-পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছত এক সংবাদ মেল সম্বোধন কৰি মন্ত্ৰীজনে কয় যে ইংৰাজী মাধ্যমৰ বাবে সুকীয়া শিক্ষক নিয়োগ কৰা নহয়৷ বৰ্তমানৰ শিক্ষকসকলকেই প্ৰশিক্ষণৰ জৰিয়তে যোগ্য কৰি তোলা হ’ব৷ ইতিমধ্যে টে’ট শিক্ষকসকলে মঙলবাৰে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ইংৰাজী মাধ্যমত পাঠদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ এই বিষয়টোত আপত্তি দৰ্শোৱা সংগঠনসমূহৰ সৈতে প্ৰয়োজন সাপেক্ষে আলোচনাত বহিব বুলি কয়৷ মন্ত্ৰীজনে জানিবলৈ দিয়া মতে, ধেমাজিত চিকিৎসা মহাবিদ্যালয়ৰ কাম অচিৰেই আৰম্ভ হ’ব৷ তদুপৰি জিলা ষ্টেডিয়াম নিৰ্মাণৰ বাবে মঞ্জুৰী লাভ কৰা হৈছে বুলি জানিবলৈ দি কয় যে ইয়াৰো কাম সোনকালেই আৰম্ভ কৰা হ’ব৷ উল্লেখ্য, , ধেমাজিৰ শেহতীয়া বান-পৰিস্থিতিৰ বুজ ল’বলৈ আজি জিলাখনলৈ অহা স্থানীয় বিধায়ক তথা মন্ত্ৰীজনে সাপেখাতীত কুমতীয়া নৈয়ে ছিঙা মথাউৰি পৰিদৰ্শন কৰাৰ পাছতে বুলেটত উঠি মথাউৰিৰে চমৰাজান হৈ স্বৰ্ণপীঠ উচ্ছ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰে৷ ধেমাজিৰ উপায়ুক্তক লগত লৈ জীয়াধলৰ বানে ছিঙা সাপেখাতীৰ বগলিজানত মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন কৰি বুধবাৰৰ পৰাই ভগ্ন মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷ আনহাতে নদীৰ মাজত মথাউৰিৰ ভিতৰত ৰৈ যোৱা দিহিৰি কছাৰী, দিহিৰী লেপং, দিহিৰি চাপৰিৰ গঞাক উপযুক্ত স্থানত সংস্থাপন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীজনে৷