Logo
image

ছাগলী পালনেৰে আত্মনিৰ্ভৰশীল হওক

... গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে অসম চৰকাৰৰ পশুধন আৰু পশুপালন বিভাগে উত্তৰ প্ৰদেশত আৰম্ভ কৰা কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ সহযোগিতাৰ ছাগলী পালন আঁচনি অসমতো প্ৰণয়ন কৰিব লাগে৷ চৰকাৰে চৰকাৰী বা বেচৰকাৰী বীমা খণ্ডৰ সহযোগত বয়সৰ ভিত্তিত গাঁৱৰ সকলো ছাগলীৰে বাধ্যতামূলক বীমা আঁচনি প্ৰণয়ন কৰিব লাগে, যাতে দুৰ্ভাগ্যবশতঃ বেমাৰত আক্ৰান্ত হৈ বা প্ৰাকৃতিক দুৰ্যোগৰ বাবে ছাগলীৰ মৃত্যু হ’লে বীমা প্ৰতিষ্ঠানৰপৰা ক্ষতিপূৰণ পাব পাৰে ...

যদি পাঠশালাৰ শিক্ষিত যুৱক দীপাংকৰ শৰ্মাই ছাগলী পালনৰ জৰিয়তে বছৰত ১০ৰ পৰা ১২ লাখ টকা উপাৰ্জন কৰিব পাৰে, চাকৰিত সংস্থাপিত হৈ থাকিও দক্ষিণ ভাৰতৰ ৰাধাকৃষ্ণনে ছাগলীৰ গাখীৰ বিক্ৰী কৰি প্ৰতিমাহে ৩৬,০০০ টকা অতিৰিক্ত উপাৰ্জন কৰে, লিখা-পঢ়া নজনা, অসমৰ আদৰ্শৰ প্ৰতীক ভানু কলিতাই দুখীয়া পৰিয়ালটোক ছাগলী বিক্ৰী কৰি এমাহতে ৮০,৪৩০ টকা উপাৰ্জনৰ পথ দেখুৱাব পাৰে, তেনেহ’লে আমাৰ শিক্ষিত নিবনুৱা যুৱকে দীপাংকৰ শৰ্মাৰ  পথক অনুসৰণ কৰি, কৰ্মজীৱী লোকে ৰাধাকৃষ্ণনক আদৰ্শ হিচাপে ভাবি আৰু গাঁৱৰ মহিলাই ভানু কলিতাক নিদৰ্শন হিচাপে লৈ ছাগলী পালনৰ জৰিয়তেও নিজৰ অৰ্থনৈতিক সচ্ছলতা বজাই ৰাখিব পাৰে৷

অসমৰ গাঁও অঞ্চলত উপলব্ধ সাধাৰণ প্ৰজাতিৰ এটা ছাগলী পোৱালি ১০ৰ পৰা ১২ কেজি হ’বলৈ সময় লাগে ছমাহৰ পৰা আঠ মাহ৷ পশু বিজ্ঞানীসকলৰ মতে তাৰবাবে প্ৰতিদিনে ছাগলীটোক অন্তত কমেও প্ৰায় একৰ পৰা ডেৰ কেজি খাদ্য যোগান ধৰিব লাগে৷ ছাগলী যিহেতু নিৰামিষ¸ভোজী প্ৰাণী, গতিকে ঘাঁহ আৰু আম, কঁঠাল, নিম আদি গছৰ পাতেই হৈছে ইয়াৰ প্ৰিয় খাদ্য৷ জৰীপ মতে এক কঠা মাটিত যদি ছাগলীৰ খাদ্য হিচাপে মাকৈৰ খেতি কৰা হয়, তেনেহ’লে ৮ৰ পৰা ১০টা অসমৰ প্ৰজাতিৰ ছাগলীৰ বাবে যথেষ্ট৷ এটা ছাগলী পোৱালি জন্মৰপৰা ডাঙৰ হৈ ১৪০ৰ পৰা ১৬০ দিনৰ ভিতৰত পোৱালি জগাব পৰা হয় আৰু গড় হিচাপত এবাৰত দুটাকৈ পোৱালি জন্ম দিয়ে৷ ছাগলীয়ে ১০-১২ বছৰীয়া  জীৱনকালৰ ভিতৰত ৮ৰ পৰা ১০বাৰ পোৱালি যোগায়৷ গৱেষকসকলৰ মতে যদি ছাগলী পালন মাংসৰ ব্যৱসায়ৰ বাবে কৰে, তেনেহ’লে ইয়াৰ খৰতকীয়া শ্ৰীবৃদ্ধিৰ বাবে বেছি কাৰ্ব’হাইড্ৰেট থকা কৰ্ণ বা ওটচ খুৱাব পাৰে, কিন্তু এইক্ষেত্ৰত সাৱধানতা ল’ব লাগে যাতে এদিনত ঘাঁহ আৰু কৰ্ণ বা ওটচ একৰ পৰা ডেৰ কেজিৰ বেছি নহয়৷

এক কেজি ছাগলী মাংসৰ মূল্য বৰ্তমান বজাৰত ৬০০ৰ পৰা ৭০০ টকা৷ ছমাহত কমেও ১০ কেজি ওজনলৈ বৃদ্ধি হোৱা এটা ছাগলীৰ মূল্য হ’ব প্ৰায় ৬,০০০ টকা৷ এতিয়া আমি নিজৰ চখৰ বা মোহৰ বাবে ছাগলী পুহিছোঁ, যদি ব্যৱসায়িক ভিত্তিত প্ৰতি ছমাহত ১০টা ছাগলী বিক্ৰী কৰাৰ লক্ষ্য লওঁ, তেনেহ’লে ৬০,০০০ টকা আৰু ১২ মাহত ২০টা ছাগলী বিক্ৰী কৰিব পাৰিলে উপাৰ্জন হ’ব ১,২০,০০০ টকা৷ মাংসৰ ব্যৱসায়ৰ বাবে ছাগলী পালকে যমুনাপুৰী প্ৰজাতি [যি ছমাহৰ পৰা আঠমাহৰ ভিতৰত ২০ৰ পৰা ২৫ কেজি ওজন হয়] আৰু গাখীৰৰ বাবে বাৰবাৰী প্ৰজাতিৰ [যিয়ে এবাৰত ১.৫ ৰ পৰা ২ লিটাৰ গাখীৰ দিয়ে] ছাগলী পালনৰ চিন্তা কৰিব পাৰে৷ দুয়োবিধ প্ৰজাতিয়ে উত্তৰ প্ৰদেশৰ৷

ছাগলী পালনৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টিত চৰকাৰৰো কৰণীয় আছে৷ উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ছাগলী আৰু গাহৰি পালন আঁচনিৰ অধীনত ছাগলী পালকক ৯০ শতাংশ ৰাজসাহায্য আগবঢ়াইছে৷ এই ৰাজসাহায্যৰ ৬০ শতাংশ ধন কেন্দ্ৰই, ৩০ শতাংশ ৰাজ্য চৰকাৰে আগবঢ়ায় আৰু ছাগলী পালকে ১০ শতাংশ বহন কৰিব লাগে৷ এই আঁচনিৰ অধীনত উত্তৰ প্ৰদেশ ৰাজ্য চৰকাৰৰ পশুপালন বিভাগে ইউনিট হিচাপত সৰ্বোচ্ছ ৬৬,০০০ টকালৈ সাহায্য আগবঢ়ায়৷ এক ইউনিট মানে এটা মতা ছাগলীৰ বিপৰীতে ১০জনী মাইকী ছাগলী৷ আঁচনিৰ ধনাত্মক দিশটো হৈছে– হিতাধিকাৰীক ধনৰ পৰিৱৰ্তে আগবঢ়োৱা হয় ছাগলী৷ কৰ’না অতিমাৰীৰ সময়ত দেহা আৰু বেহাক একেলগে আগবঢ়াই নিবৰ বাবে, বিশেষকৈ গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে অসম চৰকাৰৰ পশুধন আৰু পশুপালন বিভাগে উত্তৰ প্ৰদেশত আৰম্ভ কৰা কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ সহযোগিতাৰ ছাগলী পালন আঁচনি অসমতো প্ৰণয়ন কৰিব লাগে৷ চৰকাৰে চৰকাৰী বা বেচৰকাৰী বীমা খণ্ডৰ সহযোগত বয়সৰ ভিত্তিত গাঁৱৰ সকলো ছাগলীৰে বাধ্যতামূলক বীমা আঁচনি প্ৰণয়ন কৰিব লাগে, যাতে দুৰ্ভাগ্যবশতঃ বেমাৰত আক্ৰান্ত হৈ বা প্ৰাকৃতিক দুৰ্যোগৰ বাবে ছাগলীৰ মৃত্যু হ’লে বীমা প্ৰতিষ্ঠানৰপৰা ক্ষতিপূৰণ পাব পাৰে৷ লগতে বীমা প্ৰতিষ্ঠানসমূহেও বীমাৰ ক্ষতিপূৰণৰ বাবে ছাগলী পালকে আৱেদন কৰিলে ধনৰ পৰিৱৰ্তে পশুধন ছাগলী দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে কোনো কাৰণতে ছাগলী পালকৰ জীৱিকাৰ পথ বন্ধ নহয়৷

বিশেষ কোনো খৰচ নকৰাকৈ আৰম্ভ কৰিব পৰা ছাগলী পালন ব্যৱসায়ত সহায়ৰ হাত আগবঢ়াব পাৰে পৰিয়ালৰ প্ৰতিজন সদস্যই, খাদ্যৰ বাবে প্ৰয়োজনীয় আম, কঁঠাল, জাম, নিমৰ পাত ঘৰতে উপলব্ধ, ঘাঁহৰ খেতি কৰিবলৈ একঠা মাটিও প্ৰতিটো পৰিয়ালতে আছেই৷ গতিকে নিজৰ ভৰিত নিজে থিয় দি স্বাভিমানেৰে জীয়াই থাকিব বিচৰাসকলে ছাগলী পালনৰ দৰে ব্যৱসায় আৰম্ভ কৰিব পাৰে৷