Logo
image

গুৱাহাটী পালেহি মমতাৰ পুলিচ

দিল্লীত তদন্তকাৰীক ‘বাধা’ৰ অভিযোগ

আমাৰ অসম, ৪ আগষ্টঃ ঝাৰখণ্ডৰ কংগ্ৰেছী বিধায়কৰ গাড়ীৰ পৰা ধন উদ্ধাৰৰ ঘটনাৰ কলকাতা আৰক্ষীয়ে কৰা তদন্তই লৈছে নতুন পাক৷ জব্দকৃত ধনৰ উৎসৰ সন্ধানত গুৱাহাটী পালেহি মমতাৰ পুলিচ৷ ঝাৰখণ্ডৰ হৰ্ছট্ৰেডিঙৰ ঘটনাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰ খাই পৰাৰ পাছত এইবাৰ বিতৰ্কত সোমাই পৰিছে অসম আৰক্ষী৷ কিয়নো ঝাৰখণ্ডৰ কংগ্ৰেছী বিধায়ক কিনা-বেচাৰ তদন্তৰ বাবে গুৱাহাটীলৈ অহা পশ্চিম বংগৰ চিআইডিৰ এটা তদন্তকাৰী দলক অসম আৰক্ষীয়ে বাধা দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে৷ আনকি পশ্চিম বংগৰ চিআইডিৰ দলটোক গুৱাহাটী আৰক্ষীয়ে বৰঝাৰ বিমান বন্দৰত আবদ্ধ কৰি ৰখাৰো চৰ্চা লাভ কৰিছে৷ কেৱল গুৱাহাটীতেই নহয়, হৰ্ছট্ৰেডিং-কাণ্ডৰ তদন্তৰ বাবে দিল্লীলৈ যোৱা পশ্চিম বংগৰ চিআইডিৰ আন এটা দলকো দিল্লী আৰক্ষীয়েও বাধা দিয়াৰ অভিযোগ উঠিছে৷ উল্লেখ্য, বিগত ৩০ জুলাইৰ নিশা হাওৰাৰ পানিহাটিত ঝাৰখণ্ডৰ তিনি কংগ্ৰেছ বিধায়ক ইৰফান আনচাৰী, ৰাজেশ কাচ্ছপ আৰু নমন বিশাল কংগাৰিৰ বাহনৰ পৰা পশ্চিম বংগ আৰক্ষীয়ে জব্দ কৰিছিল ৪৯ লাখ টকা৷ এই ঘটনা পোহৰলৈ অহাৰ পাছমুহূৰ্ততেই ঝাৰখণ্ডৰ বিজেপিবিৰোধী মহাজোঁট চৰকাৰৰ অংশীদাৰ দল কংগ্ৰেছৰ বিধায়ক জয়মংগল সিঙে উক্ত হৰ্ছট্ৰেডিঙত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত আছে বুলি মুকলি অভিযোগ কৰিছিল৷ আনকি জয়মংগল সিঙে ধৃত বিধায়ককেইজনে তেওঁক কলকাতালৈ মাতি পঠোৱাৰ লগতে গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ কৰিছিল৷ তদুপৰি ঝাৰখণ্ডৰ বৰ্তমানৰ চৰকাৰৰ পতন ঘটোৱাৰ বাবদ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ১০ কোটি টকা লাভ কৰিব বুলিও পশ্চিম বংগ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিধায়কত্ৰয়ে প্ৰতিশ্ৰুতি দিয়াৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঝাৰখণ্ডৰ ৰাঁচীৰ আৰগোৰা থানাত এজাহাৰ দাখিল কৰিছিল জয়মংগল সিঙে৷ ইফালে, পশ্চিম বংগ চৰকাৰে এই ঘটনাটোৰ গুৰুত্বতা বুজি তদন্তৰ দায়িত্ব চি আই ডিলৈ হস্তান্তৰ কৰাত বিধায়ককেইজনক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে তদন্তকাৰী আৰক্ষীয়ে৷ অৱশ্যে আৰক্ষীৰ জেৰাত বিধায়ককেইজনে গুৱাহাটীৰ পৰা টকা কঢ়িয়াই নিয়াৰ কথা অস্বীকাৰ কৰিছে যদিও কলকাতাত হাৱালাৰ জৰিয়তে টকা লাভ কৰাটো আৰক্ষী নিশ্চিত হৈছে৷ বিধায়ককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তকাৰী দলে পশ্চিম বংগৰ লালবজাৰস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিপৰীতে থকা বিকানেৰ ভৱনৰ এটা কোঠাত তালাচী চলাই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, গুৱাহাটীলৈ বিমানেৰে অহা বিধায়কত্ৰয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰতে ধনৰ লেনদেনৰ বাবে কাৰোবাক সাক্ষাৎ কৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷  সেইসূত্ৰে পশ্চিম বংগৰ চিআইডিৰ এটা চাৰিজনীয়া তদন্তকাৰী দল বুধবাৰে দিনৰ ভাগত উপস্থিত হয় বৰঝাৰৰ বিমান বন্দৰত৷ ইয়াৰ পাছতেই চিআইডিৰ দলটোৱে বিমানবন্দৰৰ কতৃৰ্পক্ষৰ পৰা বিধায়ককেইজন গুৱাহাটীলৈ অহা নিৰ্দিষ্ট দিনটোৰ চিচিটিভি ফুটেজ বিচাৰে যদিও অসম আৰক্ষীয়ে দলটোক বাধা প্ৰদান কৰি আটক কৰি ৰাখে৷ অৱশ্যে এই খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই গুৱাহাটী আৰক্ষীৰ শীৰ্ষ বিষয়াই নিজে লগত থাকি পশ্চিম বংগৰ চিআইডিৰ দলটোক ফুটেজ সংগ্ৰহত সহযোগিতা আগবঢ়োৱা বুলি দাবী কৰে৷ অৱশ্যে গুৱাহাটী আৰক্ষীৰ এই দাবীক নস্যাৎ কৰি বংগ আৰক্ষীয়ে চিআইডিৰ দলটোক সন্ধিয়া পৰ্যন্ত থানাত আটক কৰি ৰখা বুলিহে সদৰি কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, গুৱাহাটীত বুজাবুজি চূড়ান্ত হোৱাৰ পাছতেই ঝাৰখণ্ডৰ বিধায়কত্ৰয়ক হাৱালাৰ জৰিয়তে কলকাতাত টকা আদায় দিয়া তথ্য নিশ্চিত কৰিছে চিআইডিয়ে৷ বিশেষ ব্যৱসায়ীৰ জৰিয়তে এই ধন হস্তান্তৰ হোৱাৰ সন্দেহ কৰি মঙলবাৰে চিআইডিৰ এটা দলে আদালতৰ অনুমতি লৈ দিল্লীৰ সিদ্ধাৰ্থ মজুমদাৰ নামৰ এজন ব্যৱসায়ীৰ বাসভৱনত তালাচী চলোৱাৰ চেষ্টা চলায়ো ব্যৰ্থ হ’বলগীয়া হ’ল৷ দিল্লীৰ ছাউথ কেম্পাছ থানাৰ অন্তৰ্গত ব্যৱসায়ীজনৰ বাসভৱনত তালাচী চলোৱাত দিল্লী আৰক্ষীয়ে  বংগৰ চিআইডিৰ দলটোক বাধা দিয়াৰ অভিযোগ উঠিছে৷ পশ্চিম বংগ আৰক্ষীয়ে চিআইডিৰ দলটোক দিল্লী আৰক্ষীয়ে আটক কৰি ৰখাৰ অভিযোগ কৰাৰ বিপৰীতে দিল্লী আৰক্ষীয়ে গোচৰটোৰ নিৰ্দিষ্ট তদন্তকাৰী বিষয়া উপস্থিত নথকাৰ বাবেহে তালাচীৰ অনুমতি দিয়া হোৱা নাই বুলি স্পষ্ট কৰি দিছে৷ অৱশ্যে ঝাৰখণ্ডৰ বিধায়কৰ হৰ্ছট্ৰেণ্ডিং-কাণ্ডত গুৱাহাটী আৰু দিল্লী আৰক্ষীয়ে বাধা দিলেও বুধবাৰে চিআইডিয়ে বিশেষ সাফল্য লাভ কৰা বুলি দাবী কৰিছে৷ ধৃত বিধায়কত্ৰয়ক ধন যোগান ধৰা বুলি সন্দেহ কৰা কলকাতাৰ লালবজাৰৰ বিকানেৰ ভৱনৰ মালিক তথা ব্যৱসায়ী মহেন্দ্ৰ আগৰৱালাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিআইডি৷ বংগৰ চিআইডিৰ দলে বুধবাৰে বিয়লি ভাগত চল্টলেকৰ ঘাইপথৰ পৰা মহেন্দ্ৰ আগৰৱালাক কৰায়ত্ত কৰে৷ শ্বেয়াৰ বজাৰ আৰু হাৱালা বেপাৰত জড়িত মহেন্দ্ৰ আগৰৱালাৰ বিকানেৰ ভৱনৰ পৰা মঙলবাৰে চিআইডিয়ে নগদ ৩.৩১ লাখ টকা জব্দ কৰিছিল৷ কিন্তু আৰক্ষীৰ অভিযানৰ পূৰ্বেই মহেন্দ্ৰ আগৰৱালাই পলায়ন কৰিছিল৷ ইফালে, ধন উদ্ধাৰৰ ঘটনাটোক পশ্চিম বংগ চৰকাৰে ৰাজনীতিকৰণ কৰাৰ অভিযোগ তুলি ধৃত বিধায়ককেইজনে বুধবাৰে চিবিআই বা আন নিৰপেক্ষ তদন্তকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ আৰ্জিৰে কলকাতা উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হৈছে৷