Logo
image

১৭ আগষ্টৰ পৰা পুনৰ ‘কা’ আন্দোলন ঘোষণা আছুৰ

আমাৰ অসম, ৪ আগষ্টঃ বুষ্টাৰ ড’জ দিয়া শেষ হ’লেই ‘কা’ বলৱৎ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ লগে লগে ‘কা’ বাতিলকে ধৰি বিভিন্ন দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আছুকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠনৰ উমৈহতীয়া সংগঠন নেছ’ৱে৷ সেইমতে ১৭ আগষ্টত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী চহৰত তিনিঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ বুধবাৰে গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত নেছ’ৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কাৰ্যনিৰ্বাহকৰ পাছত অনুষ্ঠিত সংবাদমেলত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি নেছ’ৰ উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই কয়– অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিদেশী সমস্যা অতি ভয়ংকৰ হৈ পৰিছে৷ খিলঞ্জীয়া নাগৰিকৰ প্ৰতি ভাবুকি অহাটো অতি স্পষ্ট হৈ পৰিছে৷ ইয়াৰ জলন্ত উদাহৰণ ত্ৰিপুৰা৷ ত্ৰিপুৰাৰ ৪০ লাখ নাগৰিকৰ ভিতৰত খিলঞ্জীয়া নাগৰিকৰ সংখ্যা মাত্ৰ ১০ লাখ৷ এই ১০ লাখ নাগৰিকে আজি অস্তিত্বৰ বাবে যুঁজ দিবলগীয়া হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ প্ৰভুত্ব অক্ষুন্ন ৰাখিবলৈ হ’লে অবৈধ নাগৰিকক চিনাক্ত কৰি প্ৰত্যাৰ্পণ কৰিবই লাগিব৷ এই সমস্যা আজি কেৱল উত্তৰ-পূবৰ সমস্যা নহয়৷ দেশখন সুৰক্ষিত কৰিবলৈ উত্তৰ-পূবক সুৰক্ষিত কৰিব লাগিব৷ কিন্তু দেশে স্বাধীনতা লাভ কৰাৰ দিন ধৰি উত্তৰ-পূবে লাভ কৰিছে মাথোঁ ৰাজনৈতিক অবিচাৰ আৰু অৰ্থনৈতিক শোষণ৷ উত্তৰ-পূৰ্বাঞ্চলক বিদেশীমুক্ত কৰিলেহে দেশ বিদেশীমুক্ত হ’ব৷ উত্তৰ-পূবক বিদেশীমুক্ত কৰিবলৈ হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগিব৷ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগণক বিশেষ সাংবিধানিক ৰক্ষাকবচৰ ব্যৱস্থা কৰিব লাগিব৷ অসমত সাংবিধানিক ৰক্ষাকবচৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্ছ পৰ্যায়ৰ কমিটীয়ে অসম চুক্তিৰ ৬ [ক] দফা ৰূপায়ণৰ বাবে সময়মতে প্ৰতিবেদন দাখিল কৰিছে৷ কিন্তু চৰকাৰে সেই প্ৰতিবেদন আজি পৰ্যন্ত কাৰ্যকৰী কৰিব পৰা নাই৷ আজি অসম তথা উত্তৰ-পূৰ্বাঞ্চল জেহাদী, হুজী, মৌলবাদীৰে ভৰি পৰিছে৷ চৰকাৰৰ ব্যৰ্থতাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চল জেহাদী, হুজি বা মৌলবাদীৰে ভৰি পৰিছে৷ বিদেশী সমস্যা সমাধানৰ বাবে চৰকাৰে কাৰ্যকৰী ব্যৱস্থা লওঁক৷ কিয়নো বিদেশী সমস্যাই কেৱল উত্তৰ-পূবৰ বাবেই ভাবুকি অনা নাই, ভাবুকি আনিছে সমগ্ৰ দেশৰ প্ৰতি৷ বিদেশী সমস্যা সমাধানৰ বাবে আমাক আশ্বাস আৰু প্ৰতিশ্ৰুতি নালাগে৷ আমাক লাগে কাৰ্যকৰী ব্যৱস্থা৷ শিক্ষাৰ ক্ষেত্ৰতো উত্তৰ-পূৰ্বাঞ্চল বঞ্চিত হৈছে৷ দিল্লী বিশ্ববিদ্যালয়ত ৮৪টা বিষয় থকাৰ বিপৰীতে উত্তৰ-পূবৰ বিশ্ববিদ্যালয়ত তাৰ আধাও নাই৷ মেঘালয়ত এখনো চিকিৎসা মহাবিদ্যালয় নাই৷ নাগালেণ্ডত এখন মাত্ৰ চিকিৎসা মহাবিদ্যালয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত পৰ্যাপ্ত চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰাৰ উপৰি বিশ্ববিদ্যালয়কেইখনত সকলো বিষয় সামৰি লোৱাৰ ব্যৱস্থা কৰক৷ কেৱল কেন্দ্ৰীয় মন্ত্ৰীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতি নহয়৷ তেওঁলোকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনতাৰ হূদয়ৰ কথা অনুভৱ কৰিব লাগিব৷ সংবাদমেলত ভাগ লৈ নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰ¸ৱাই কয়– ‘কা’ বাতিলৰ দাবীত আছু আৰু নেছ’ৱে উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে৷ ২০২০ চনৰ জানুৱাৰী মাহত এবাৰ মাথোঁ উক্ত গোচৰৰ শুনানি হৈছিল৷ আজি দুবছৰ উক্ত গোচৰৰ শুনানি হোৱা নাই৷ আছু, নেছ’ৱে গভীৰ প্ৰতীক্ষাৰে ৰৈ আছে উক্ত গোচৰৰ শুনানিৰ বাবে৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমা সমস্যাৰ শীঘ্ৰেই সমাধান কৰক৷ উত্তৰ-পূৰ্বাঞ্চলক আন এমপ্লইমেণ্ট জ’ন ঘোষণা কৰি সকলো চাকৰিত থলুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ ব্যৱস্থা কৰক৷ সংবাদমেলৰ জৰিয়তে জেৰ¸ৱাই নেছ’ৰ পৰৱৰ্তী অধিৱেশন নৱেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে৷