Logo
image

নয়নমণিক পদোন্নতিৰ যো-জা, পাব কোটি টকাও

আমাৰ অসম, ৪ আগষ্টঃ কমনৱেল্‌থ গেম্‌ছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াই অসম তথা সমগ্ৰ দেশকে গৌৰৱান্বিত কৰি তুলিছে৷ পৰিয়াল তথা সন্তানৰ পৰা আঁতৰি থাকি অতি প্ৰত্যাহ্বানৰ মাজত ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্‌থ গেম্‌ছত লন বলত সোণৰ পদক লাভ কৰা নয়নমণিক লৈ অধিক উৎফুল্লিত হৈ পৰিছে অসম চৰকাৰৰ বন বিভাগ৷ কিয়নো নয়নমণি শইকীয়া বন বিভাগৰ কৰ্মচাৰী৷ ২০০৮ চনৰ পৰা ভাৰত্তোলক খেলৰ সৈতে জড়িত নয়নমণিয়ে ২০১১ চনত বন সংৰক্ষণ বাহিনীত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল৷ কমনৱেল্‌থ গেম্‌ছত দেশক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ আঁজুৰি অনাৰ পাছতেই নয়নমণি শইকীয়াক পদোন্নতি দিয়াৰ বাবে সাজু হৈছে বন বিভাগ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সফলতা লাভ কৰা খেলুৱৈক অসম চৰকাৰে আৰক্ষীৰ ডিএছপি বা সমপৰ্যায়ৰ পদত নিযুক্তি দিয়াৰ নিয়ম আছে৷ তদুপৰি স্বৰ্ণজয়ী প্ৰতিযোগীক ১ কোটি টকা পুৰষ্কাৰ দিয়াৰো ক্ৰীড়া নীতিও আছে৷ সেই অনুসৰি কনিষ্টবল নয়নমণি শইকীয়াক ডিএছপি পদৰ সমতুল্য বন সংৰক্ষণ বাহিনীৰ সহকাৰী অধিনায়ক পদলৈ বন বিভাগে পদোন্নতিৰ চিন্তা চৰ্চা কৰিছে যদিও আইনগত কিছু সমস্যাই দেখা দিছে৷ কিয়নো বন বিভাগৰ নিয়ম অনুসৰি বিভাগীয়ভাৱে বিশেষ পদোন্নতি দিবলৈ হ’লে সৰ্বোচ্ছ পৰিদৰ্শক পৰ্যায়ৰ পদলৈহে পদোন্নতি দিব পাৰে৷ ডিএছপিৰ সমপৰ্যায়ৰ সহকাৰী অধিনায়ক পদত পদোন্নতি দিবলৈ ৰাজ্য চৰকাৰৰ কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন৷ সেয়েহে মুখ্যমন্ত্ৰীয়েহে নয়নমণি শইকীয়াক সন্মান হিচাপে সহকাৰী অধিনায়ক পদলৈ পদোন্নতিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য, এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নয়নমণিৰ ক্ৰীড়াৰ প্ৰতি ৰাপ আছিল শৈশৱৰ পৰাই৷ তেওঁ প্ৰথমে ২০০৮ চনত ভাৰত্তোলক হিচাপে নিজৰ ক্ৰীড়া জীৱন আৰম্ভ কৰে৷ কিন্তু ভৰিৰ আঘাতৰ বাবে তেওঁ পৰৱৰ্তী সময়ত ভাৰত্তোলন এৰি লনবল খেলিবলৈ আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত নয়নমণিয়ে এই খেলৰ জৰিয়তেই ৰাষ্ট্ৰীয় দলৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে৷ প্ৰাৰম্ভিক অৱস্থাত তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও হাৰ নামানি খেলি গৈছিল লন বল৷ লন বলত তেওঁ কেইবাবাৰো অসম আৰু ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ ২০১১ আৰু ২০১৫ চনত অনুষ্ঠিত নেশ্বনেল গেম্‌ছত নয়নমণিয়ে একক আৰু দলীয় শাখাত স্বৰ্ণ জয় কৰিছিল৷ তদুপৰি ২০১২ চনত অনুষ্ঠিত ২৫ অনূধবৰ্ৰ এছিয়ান লনবল চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক লাভ কৰিছিল নয়নমণিয়ে৷ ইয়াৰ উপৰি, নয়নমণিয়ে ২০১৪ আৰু ২০১৮ চনৰ কমনৱেল্‌থ গেমছতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ স্বাভাৱিকতেই কমনৱেল্‌থত স্বৰ্ণজয়ৰ পাছত নয়নমণিয়ে সহকাৰী অধিনায়ক পদলৈ পদোন্নতি আৰু কোটি টকাৰ পুৰষ্কাৰ পোৱাটো নিশ্চিত হৈ পৰিল৷