Logo
image

১ কিলোমিটাৰ খেদি খেদি ৰেঞ্জাৰক ‘হাতে-লোটে’ ধৰিলেগৈ ভিজিলেঞ্চে

আমাৰ অসম, ৪ আগষ্টঃ আগে আগে বন বিষয়া, পাছে পাছে আৰক্ষীৰ দৌৰ৷ বুধবাৰে কাছাৰৰ ৰাজপথত ঘোচ খোৰ বন বিষয়া আৰু আৰক্ষীৰ খেদা খেদি তথা টনা-আজোঁৰা দৃশ্যই প্ৰত্যক্ষদৰ্শীক বাৰুকৈয়ে আমোদ দিয়ে৷ প্ৰায় এক কিলোমিটাৰ বাট খেদি খেদি উৎকোচ লোৱা এজন বনদস্যুৰূপী বন বিষয়াক বুধবাৰে হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ সঞ্চালকালয়ৰ অভিযানকাৰী দলে৷ একে দিনাই দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ সঞ্চালকালয়ৰ দলে কামৰূপৰ নগৰবেৰাৰ আন এটা ঘোচখোৰ লাট মণ্ডলকো গ্ৰেপ্তাৰ কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীক উৎকোচ লোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল যদিও দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কোনো যেন কেৰেপেই নকৰে৷ যাৰ পৰিণতি হিচাপে উৎকোচ লোৱাৰ সময়তেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় কাছাৰ বন সংমণ্ডলৰ জিৰিঘাট ফৰেষ্ট ৰেঞ্জাৰ দেবব্ৰত গগৈ৷ শিল-বালিৰ অনুজ্ঞাপত্ৰৰ বাবদ স্থানীয় এজন ব্যৱসায়ীৰ পৰা ১ লাখ টকা উৎকোচ দাবী কৰিছিল বনদস্যু ৰেঞ্জাৰ দেবব্ৰত গগৈয়ে৷ বুধবাৰে বন বিভাগৰ কাৰ্যালয়তে পূৰ্বৰ বন্দোৱস্তি মতে ব্যৱসায়ীজনে ৰেঞ্জাৰ গগৈক আদায় দিছিল ২০ হাজাৰ টকা৷ ব্যৱসায়ীজনে দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ সঞ্চালকালয়ৰ পৰিকল্পনা মতে দাবীকৃত উৎকোচৰ ধন আদায় দিয়াৰ পাছতেই কাৰ্যালয়ত তদন্তকাৰী আৰক্ষীৰ এটা দল উপস্থিত হয় যদিও চতুৰ ৰেঞ্জাৰ দেবব্ৰত গগৈয়ে আৰক্ষীৰ উমান পাই পলায়ন কৰে৷ লগে লগে আৰক্ষীৰ দলটোৱেও ৰেঞ্জাৰজনৰ পাছে পাছে খেদি যায়৷ প্ৰায় এক কিলোমিটাৰ পথ দৌৰা দৌৰিৰ অন্তত আৰক্ষীয়ে ধনসহ ৰেঞ্জাৰ গগৈক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ দলটোৱে দেবব্ৰত গগৈক গবা মাৰি ধৰাৰ সময়ত অভিযুক্তজনেও আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা চলোৱা দেখা গৈছিল৷ আৰক্ষী আৰু ঘোচখোৰ বিষয়াজনৰ টনা-আজোঁৰাৰ দৃশ্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে৷ অভিযানকাৰী দলে ৰেঞ্জাৰ গগৈৰ কাচাৰৰ চৰকাৰী কোৱাটাৰৰ লগতে গুৱাহাটীৰ বেলতলাস্থিত বাসগৃহত তালাচী চলাই কেইবালাখ টকা নগদ ধনৰ লগতে বেংক পাছবুক, এল আই চি পলিচী জব্দ কৰে৷ ইফালে দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ সঞ্চালকালয়ৰ আন এটা দলে কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ ৫ নং লাটৰ লাট মণ্ডল মদন কুমাৰ নাথকো উৎকোচ লোৱাৰ অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে৷ ধৃত লাট মণ্ডলটোৱে মাটি নামজাৰীৰ নামত এজন ব্যক্তিৰ পৰা ধন দাবী কৰিছিল৷ লাট মণ্ডল নাথে ২০ হাজাৰ টকা উৎকোচ লৈছিল৷