Logo
image

টাইৱান সীমান্তত যুদ্ধৰ দামামা

আমাৰ অসম, ৪ আগষ্টঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে এইবাৰ আন এখন যুদ্ধৰ আশংকাই দেখা দিছে৷ চীন আৰু আমেৰিকাৰ মাজত আশংকা কৰা হৈছে এই যুদ্ধৰ৷ উল্লেখ্য যে, টাইৱানক লৈ আমেৰিকা আৰু চীনৰ মাজত চলি থকা সংঘাতে শেহতীয়াকৈ অতি জটিল ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ আমেৰিকাৰ হাউচ অব্‌ ৰিপ্ৰেজেনটেটিভৰ অধ্যক্ষা নেন্সি পেলোচিৰ শেহতীয়া টাইৱান ভ্ৰমণক লৈ সৃষ্টি হৈছে সেই আশংকাৰ৷ পেলোচিৰ টাইৱান ভ্ৰমণক লৈ চীনে প্ৰকাশ কৰা উষ্মাই যুদ্ধৰ আশংকা অধিক ঘনীভূত কৰি তুলিছে৷ ইপিনে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধই ভাৰতকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ অৰ্থনীতি তচনচ কৰি পেলোৱাৰ সময়ত পুনৰ আন এখন যুদ্ধৰ আশংকাক লৈ এতিয়া চিন্তাত পৰিছে দেশৰ সাধাৰণ নাগৰিকসকল৷ কিয়নো ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ ফলতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হঠাৎ পেট্ৰ’ল-ডিজেলৰ লগতে ইন্ধনজাত সকলোবোৰ সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰে৷ একেদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামতো যুদ্ধৰ প্ৰভাৱ পৰাত বজাৰত শাক-পাচলিকে ধৰি সকলোবোৰ সামগ্ৰীৰ দাম বৃদ্ধি হয়৷ ফলত মধ্যবিত্ত-নিম্ন মধ্যবিত্ৰৰ লগতে খাটিখোৱা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ অৱস্থ্য অধিক শোচনীয় হৈ পৰিছে৷ এনে পৰিস্থিতিত টাইৱানক লৈ যদি চীন আৰু আমেৰিকাৰ মাজত আন এখন যুদ্ধৰ সূচনা হয় তেন্তে ভাৰতত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব৷ ইয়াৰ পৰিণাম ভুগিব লাগিব ভাৰতীয় নাগৰিকসকলে৷ এনে পৰিস্থিতিত দেশ দুখনৰ মাজত বিৰাজ কৰা যুদ্ধ পৰিস্থিতিক লৈ চিন্তিত হৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়৷ উল্লেখ্য যে, নেন্সি পেলোচিৰ ভ্ৰমণৰ সময়ত টাইৱানৰ আকাশ সীমা চীনে উলংঘা কৰিব পাৰে বুলি পূৰ্বৰে পৰাই আভাস পাইছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই৷ আমেৰিকাৰ হাউচ অব্‌ ৰিপ্ৰেজেনটেটিভৰ অধ্যক্ষা গৰাকীয়ে টাইৱানত অৱতৰণ কৰাৰ সময়তে ক্ষুদ্ৰ দেশখনৰ আকাশ সীমাত দেখা গৈছিল ২০ খনকৈ চীনা যুদ্ধ বিমান৷ সামৰিক বিশেষজ্ঞসকলে চীনৰ এনে আচৰণত টাইৱানৰ বিৰুদ্ধে চীনৰ সামৰিক অভিযানৰ ইংগিত বুলি ধাৰণা কৰিছে৷ তদুপৰি আমেৰিকাৰ প্ৰতিনিধি দলটোক টাইৱানৰ বৈদেশিক মন্ত্ৰীৰ লগতে চৰকাৰী প্ৰতিনিধিসকলে আদৰণি জনোৱাৰ সময়ত সমগ্ৰ বিমানবন্দৰটোৰ সকলোবোৰ লাইট নুমুৱাই দিয়া হৈছে৷ পেলোচি আৰু প্ৰতিনিধি দলটোক টৰ্চৰ পোহৰত আদৰণি জনাইছিল টাইৱানৰ বৈদেশিক মন্ত্ৰী আৰু প্ৰতিনিধিসকলে৷ এনেক্ষেত্ৰত প্ৰশ্ন অৱতাৰণা হৈছে যে চীনৰ বিমান আক্ৰমণৰ আশংকাতে বিমানবন্দৰটোৰ লাইটসমূহ নুমুৱাই দিয়া হৈছিল নেকি৷ তদুপৰি আমেৰিকাৰ হাউচ অব্‌ ৰিপ্ৰেজেনটেটিভৰ অধ্যক্ষা গৰাকীয়ে অৱতৰণ কৰাৰ আগমুহূৰ্তত চীন সাগৰৰ পাৰত টাইৱানৰ সীমান্তত অসংখ্য চীনা সৈন্যৰ যুদ্ধ বিমান আৰু সামৰিক সা-সৰঞ্জাম স্থাপন কৰা হৈছিল৷ সেই সমস্ত ঘটনা টাইৱানৰ বিৰুদ্ধে হ’ব পৰা চীনৰ সামৰিক অভিযানৰ ইংগিত বুলিয়েই ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ শেহতীয়াকৈ নেন্সি পেলোচি টাইৱানৰ পৰা উভতি যোৱাৰ পাছত ক্ষুদ্ৰ দেশখনক চাৰিওফালৰ পৰা চীনা সৈন্যৰ যুদ্ধ বাহনে আগুৰি ধৰা বুলি জানিব পৰা গৈছে৷ এনে পৰিস্থিতিত আমেৰিকায়ো টাইৱানত নিৰাপত্তা প্ৰদানৰ বাবে সস্তম হৈ উঠিছে৷ চীন সাগৰৰ পূব প্ৰান্তত টাইৱানৰ সীমাত আমেৰিকাই কেইবাখনো যুদ্ধ বাহন আৰু অত্যাধুনিক সামৰিক সা-সৰঞ্জাম স্থাপন কৰা বুলি জানিব পৰা গৈছে৷ তদুপৰি টাইৱানৰ আকাশ সীমা উলংঘন কৰি কেইবাখনো যুদ্ধ বিমানৰ উৰণ চলি থকা বুলি সংবাদ মাধ্যমসমূহত প্ৰকাশ পাইছে৷ এনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে বিষয়টোৰ গুৰুত্ব বুজি সঘনাই টাইৱানত থকা ভাৰতীয় ৰাষ্ট্ৰদূত তথা অসম সন্তান গৌৰাংগ লাল দাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ ইপিনে আজি লোকসভাত কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে শীঘ্ৰেই টাইৱানলৈ ভাৰতীয় প্ৰতিনিধি প্ৰেৰণৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আহ্বান জনায়৷

স্মৰ্তব্য যে, চীনে টাইৱানৰ বিষয়টো তেওঁলোকৰ নিজা বিষয় আৰু ইয়াত আমেৰিকাক হস্তক্ষেপ নকৰিবলৈ পূৰ্বে একাধিকবাৰ সকীয়াই দিছিল৷ কিন্তু দেশখনৰ এই সকীয়নী অগ্ৰাহ্য কৰি হাউচ অব্‌ ৰিপ্ৰেজেনটেটিভৰ অধ্যক্ষা নেন্সি পেলোচিৰ লগতে এদল প্ৰতিনিধিক আমেৰিকাই টাইৱানলৈ প্ৰেৰণ কৰে৷ যিটো মুঠেই সহ্য কৰা নাই চীনে৷ এইক্ষেত্ৰত চীনে আমেৰিকাক স্পষ্ট কৰি দিছিল যে, জুইৰ লগত খেলিলে আমেৰিকাই ইয়াৰ পৰিণাম ভুগিব লাগিব৷ কিন্তু ইয়াৰ পাছতো আমেৰিকাই নিজৰ স্থিতিত অটল থাকি টাইৱানৰ পক্ষত থিয় দিয়াত চীনে মাৰ্কিন যুক্তৰাষ্ট্ৰক প্ৰত্যাহ্বান জনাই টাইৱানৰ চাৰিওপিনে যুদ্ধ বাহন আৰু অসংখ্য চীনা সৈনে মোতায়েন কৰিছে৷ এনে পৰিস্থিতিত স্বাভাৱিকতে ইউক্ৰেইন-ৰাছিয়াৰ মাজতে আন এখন যুদ্ধৰ আশংকাই দেখা দিছে৷