Logo
image

পুনৰ আদালতত ওলমি ৰ’ল ২০২০ৰ এপিএছচিৰ ফলাফল

আমাৰ অসম, ৪ আগষ্টঃ অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল প্ৰকাশক লৈ পুনৰ অনিশ্চয়তাই দেখা দিছে৷ এপিএছচি পৰীক্ষাৰ ফলাফলক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ত চলি থকা গোচৰটোৰ বুধবাৰে শুনানি সম্পন্ন হয় যদিও কোনো চূড়ান্ত সিদ্ধান্তলৈ নাহিল ন্যায়ালয়৷ যাৰ পৰিপ্ৰেক্ষিতত ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা ১০০১জন প্ৰাৰ্থীৰ মনত উৎকণ্ঠাই দেখা দিছে৷ কিয়নো ন্যায়ালয়ত ভাষা বিষয়টোৰ মীমাংসা নোহোৱা পৰ্যন্ত ফলাফল স্থবিৰ হৈ পৰাটো নিশ্চিত৷ অৱশ্যে এপিএছচি কতৃৰ্পক্ষই অসমীয়া ভাষাৰ প্ৰশ্নকাকতৰ বিষয়টোৰ মীমাংসাৰ পূৰ্বে ২০২০ বৰ্ষৰ পৰীক্ষাৰ ফলাফল প্ৰকাশত গুৰুত্ব দিয়াত অৱশেষত ন্যায়ালয়েও এপিএছচি পৰীক্ষা সংক্ৰান্তীয় গোচৰটোৰ দৈনিক শুনানি গ্ৰহণৰ সন্মতি প্ৰকাশ কৰিছে৷ সেই অনুসৰি সোমবাৰৰ পৰা প্ৰতিদিনেই গোচৰটোৰ শুনানি গ্ৰহণ কৰিব উচ্ছ ন্যায়ালয়ে৷ উল্লেখ্য, এপিএছচি পৰীক্ষাৰ পৰা ৰাজ্য চৰকাৰে অসমীয়া বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকতখন প্ৰত্যাহাৰ কৰাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ইয়াৰ পাছতেই কেইবাজনো প্ৰাৰ্থীয়ে অসমীয়া ভাষাৰ প্ৰশ্নকাকতৰ সপক্ষে-বিপক্ষে গোচৰ ৰুজু কৰিছিল৷ ইয়াৰ মাজতে সমাজ সচেতক এজন অধিবক্তাই এপিএছচিৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ বিষয়টোৰ বিৰোধিতাৰে উচ্ছ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰিছিল৷ উক্ত গোচৰসমূহৰ পৰিপ্ৰেক্ষিততে ন্যায়ালয়ে অসমীয়া ভাষা বিষয়ক প্ৰশ্নকাকতখনৰ অবিহনে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আয়োগক নিৰ্দেশ দিছিল যদিও চূড়ান্ত ফলাফল গোচৰটোৰ মীমাংসাৰ পূৰ্বে প্ৰকাশত বাধা আৰোপ কৰিছিল৷ অৱশ্যে পৰীক্ষাৰ বাছনি তালিকা সাজু কৰাৰ অন্তত চৰকাৰৰ সিদ্ধান্তমৰ্মে শেহতীয়াকৈ এপিএছচিয়ে ভাষা বিষয়টোৰ মীমাংসাৰ পূৰ্বেই উচ্ছ ন্যায়ালয়ত ফলাফল প্ৰকাশৰ অনুমতি বিচৰাক লৈ প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে৷ স্বাভাৱিকতেই এতিয়া পৰীক্ষাৰ ফলাফল কেতিয়া প্ৰকাশ পাব, তাক লৈ অনিশ্চয়তাই দেখা দিছে৷ লক্ষণীয়ভাৱে বুধবাৰে ডিমা-হাচাওৰ কেইবাজনো প্ৰাৰ্থীয়ে ফলাফল প্ৰকাশৰ আৰ্জিৰে ন্যায়ালয়ত আবেদনো দাখিল কৰিছে৷