Logo
image

অস্তিত্বৰ সংকটত এছিয়াৰ বিখ্যাত চিয়াঁ নাহৰ

বন মাফিয়া- দুষ্কৃতিকাৰীৰ কবলত লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চল

আমাৰ অসম, ৪ আগষ্টঃ অসম-অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলখনত দিনক দিনে চোৰাং কাঠ ব্যৱসায়ী আৰু একাংশ অৰুণাচলী দুষ্কৃতিকাৰীৰ কবলত পৰি নিঃশেষৰ পথত আগবাঢ়িছে৷ এছিয়া বিখ্যাত চিয়াঁ নাহৰ গছৰ বাবে বিখ্যাত এই বনাঞ্চলখন সংকোচিত হৈ অহাৰ ফলত ইয়াৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি একপ্ৰকাৰে ভাবুকি আহি পৰিছে৷ এফালে চুবুৰীয়া ৰাজ্য অৰুণাচলী লোকৰ আগ্ৰাসন আৰু আনফালে বন মাফিয়াৰ দৌৰাত্মৰ বাবেই ৯৯০০ বৰ্গ হেক্টৰৰ এই বনাঞ্চলখন সংকোচিত হৈ আহিছে৷ বন বিভাগেও এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব নোৱৰাৰ ফলত দিনক দিনে বনাঞ্চলখন ধবংস হ’ব ধৰিছে৷ উল্লেখ্য যে দুলুং সংৰক্ষিত বনাঞ্চলখনৰ বহু মূল্যবান গছ-গছনিৰ লগতে এছিয়া বিখ্যাত চিয়াঁ নাহৰ গছসমূহ এতিয়া একাংশ বন মাফিয়া তথা দুষ্কৃতিকাৰীয়ে কাটি তহিলং কৰা লগতে সেই গছৰ বৃহৎ বৃহৎ কুণ্ডাসমূহ অৰুণাচলৰ ভিতৰলৈ নি সেইবোৰ অৰুণাচলৰ বন বিভাগৰ জৰিয়তে অক্সন কৰাই পৰৱৰ্তী সময়ত এই গছসমূহ কুণ্ডা আকাৰেৰে লখিমপুৰৰ বিভিন্ন কাঠৰ মিল তথা ডিপুলৈ সৰবৰাহ কৰি অহা হৈছে৷ বন বিভাগৰ চকুৰ সন্মুখেৰেই এই গছৰ কুণ্ডাসমূহ বৃহৎ বৃহৎ ট্ৰাকৰ সহায়ত দুপৰ নিশা এনেদৰে বিভিন্ন মিল তথা ডিপুলৈ সৰবৰাহ হৈ আহিছে৷ লখিমপুৰ বন সংমণ্ডলৰ অধীনস্থ তথা পথালিপাম বন খণ্ডৰ অন্তৰ্গত আৰু কদম ৰাজহ চক্ৰৰ এই বনাঞ্চলখন বিভিন্ন অৰ্কিড, দুষ্প্ৰাপ্য জীৱ-জন্তুৰ বাবেও বিখ্যাত যদিও এই বনাঞ্চলখন এতিয়া প্ৰায় ৪০০০ হেক্টৰলৈ সংকোচিত হ’ব ধৰিছে৷ বনাঞ্চলখনৰ ভিতৰত চোৰাং চিকাৰী, বনদস্যুৱে নিৰ্বিঘ্নে বন গাহৰি, পহু, জহামাল আদি বিভিন্ন জাতৰ সৰৃস্বীপ নিধন কৰি আহিছে৷ দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ ভাৱে দুষ্কৃতিকাৰীয়ে গছ কাটি তেনে গছ বা কুণ্ডাসমূহ হাতীৰ সহায়ত অৰুণাচলৰ ভিতৰলৈ নি অৰুণাচলৰ বন বিভাগক গতাই দি পৰৱৰ্তী সময়ত এই কুণ্ডাসমূহ বিভিন্ন টিপিৰ জৰিয়তে অসমৰ বিভিন্ন স্থানলৈ চালান দি অহা হৈছে৷ লখিমপুৰত পৰ্যাপ্ত বন কৰ্মীৰ অভাৱতো একপ্ৰকাৰে বনাঞ্চলখন নিঃশেষ হ’ব ধৰিছে৷