Logo
image

জাপানত পৰিলগৈ চীনৰ পাঁচটাকৈ ক্ষেপণাস্ত্ৰ

টাইৱান সীমান্তৰ উত্তেজনাৰ মাজতে ৰঙাচীনৰ হুমকি, আমেৰিকাকো সকীয়নি

আমাৰ অসম, ৫ আগষ্টঃ টাইৱানক লৈ চলি থকা তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে চীনে নিক্ষেপ কৰা ৫টা মিছাইল জাপানত পৰে৷ জাপানৰ ইজ নামৰ এটা উপকূলীয় অঞ্চলত পৰে মিছাইল কেইটা৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই কথা নিশ্চিত কৰিছে৷ অৱশ্যে চীনৰ মিছাইলৰ আঘাতত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই৷ চীনৰ মিছাইল আক্ৰমণৰ পাছতে জাপান চৰকাৰে দেশখনৰ নিৰাপত্তালৈ আহি পৰা ভাবুকিৰ পৰিপ্ৰেক্ষিতত চীনৰ বিৰুদ্ধে কূটনৈতিক প্ৰতিবাদ আৰম্ভ কৰিছে৷ উল্লেখ্য যে আমেৰিকাৰ হাউছ অব্‌ ৰিপ্ৰেজেনটেটিভৰ অধ্যক্ষ নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণক লৈ শেহতীয়াকৈ চীন আৰু আমেৰিকাৰ মাজত সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ চীনে টাইৱান নামৰ ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰখনক নিজৰ বুলি দাবী কৰি ইয়াত আমেৰিকা বা আন কোনো তৃতীয়া শক্তিয়ে যাতে হস্তক্ষেপ নকৰে তাৰ বাবে দীৰ্ঘদিনৰ পৰা সকীয়নি প্ৰদান কৰি আছিল৷ কেইদিনমান পূৰ্বে চীনে পেলোচিৰ টাইৱান ভ্ৰমণৰ বিৰোধিতা কৰি আমেৰিকাক জুইৰ সৈতে নেখেলিব বুলি সাৱধানবাণী শুনাইছিল৷ কিন্তু ৰঙা চীনৰ এই সকীয়নিলৈ মুঠেই কেৰেপ নকৰি বুধবাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাউছ অব্‌ ৰিপ্ৰেজেনটেটিভৰ অধ্যক্ষা পেলোচিসহ আমেৰিকাৰ এটা প্ৰতিনিধি দল টাইৱানত উপস্থিত হয়৷ ফলত ইয়াৰ পৰিণাম ভুগিবলগীয়া হৈছে টাইৱানে৷ টাইৱানক উচিত শিক্ষা দিবলৈ অৱশেষত চীনৰ নৌ সেনাবাহিনীয়ে ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰখনৰ দক্ষিণ-পূব আৰু উত্তৰ-পূব জল সীমান্তত এটাৰ পাছত এটা মিছাইল নিক্ষেপ আৰম্ভ কৰে৷ বৃহস্পতিবাৰে কমেও ১১টা বেলেষ্টিক মিছাইল নিক্ষেপ কৰে চীনে৷ লগতে পেলোচিৰ প্ৰত্যাবৰ্তনৰ পাছতে চীনা সৈন্য আৰু দেশখনৰ নৌসেনাই কাৰ্যতঃ টাইৱানক চৌদিশৰ পৰা বেৰি ধৰি সামৰিক অনুশীলন আৰম্ভ কৰে৷ টাইৱান সীমান্তৰ সমুদ্ৰত বৃহস্পতিবাৰে পুৱাৰে পৰা নৌসেনাৰ কেইবাখনো যুদ্ধ জাহাজ প্ৰত্যক্ষ হয়৷ উল্লেখ্য যে মাৰ্কিন অধ্যক্ষাগৰাকীৰ ভ্ৰমণৰ আগমুহূৰ্তটো চীনৰ ২৭খন যুদ্ধবিমানে টাইৱানৰ আকাশসীমা উলংঘন কৰি দেশখনত প্ৰৱেশ কৰিছিল৷ একেদৰে সীমান্তত বিশাল সৈন্যবাহিনী আৰু যুদ্ধ বাহনৰ লগতে সামৰিক সা-সৰঞ্জাম মোতায়েন কৰিছিল ৰঙা চীনে৷ ফলত যুদ্ধসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে চীন-টাইৱান সীমান্তত৷ পেলোচিৰ আগমনক লৈ এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল যে অধ্যক্ষাগৰাকীয়ে টাইৱানত অবতৰণ কৰাৰ সময়ত বিমানবন্দৰৰ সকলোবোৰ লাইট নুমুৱাই দিব লগা হৈছিল৷ আমেৰিকাৰ প্ৰতিনিধি দলটো আৰু পেলোচিৰ নিৰাপত্তাৰ বাবেই এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ কিন্তু তাৰ মাজতো টাইৱানৰ আকাশত চীনৰ যুদ্ধবিমানৰ উৰণ অব্যাহত থাকে৷ ইয়াৰ মাজতে পেলোচিয়ে টাইৱান ভ্ৰমণ সামৰি বুধবাৰে আমেৰিকালৈ উৰা মাৰে৷ পাছত সীমান্তত নতুনকৈ পুনৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰে চীনা সৈন্যবাহিনীয়ে৷ তাৰ মাজতে বৃহস্পতিবাৰে দুপৰীয়া চীনে জাপানলৈ ১১টা মিছাইল নিক্ষেপ কৰে৷ ইয়াৰে পাঁচটা মিছাইল আহি পৰে জাপানৰ মাটিত৷ স্মৰ্তব্য যে টাইৱানক স্বাধীন দ্বীপৰাষ্ট্ৰ ৰূপে আমেৰিকাৰ লগতে জাপানেও সমৰ্থন জনাই আহিছিল৷ এনে পৰিপ্ৰেক্ষিততে চীনে জাপানত মিছাইল আক্ৰমণ কৰা বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ আনহাতে পেলোচিৰ ভ্ৰমণক লৈ ৰঙা চীনে প্ৰদৰ্শন কৰা আচৰণক সহজভাৱে লোৱা নাই আমেৰিকায়ো৷ যাৰ বাবে চীনে যাতে টাইৱানৰ কোনো ক্ষয়-ক্ষতি কৰিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইয়াৰ অংশস্বৰূপে টাইৱান আৰু চীন সীমান্তত আমেৰিকাই ভাৰতৰ সৈতে যৌথভাৱে সামৰিক অনুশীলন আৰম্ভ কৰিছে৷ তদুপৰি টাইৱানৰ বাবে আমেৰিকা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু আছে বুলি স্পষ্ট কৰি দিয়ে৷ ইপিনে পেলোচিৰ ভ্ৰমণৰ পাছত চীনে টাইৱানৰ সৈতে সকলো ধৰণৰ আমদানি-ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিছে৷ এনে পৰিস্থিতিত অচিৰেই সীমান্তত যুদ্ধৰ সূচনা হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ আনহাতে বুধবাৰে নিশা টাইৱানৰ আকাশমাৰ্গত চীনৰ কেইবাখনো ড্ৰন প্ৰত্যক্ষ হয়৷ কিছুসময় এই ড্ৰসসমূহ উৰি থকাৰ পাছত পুনৰ উভতি যায়৷ আনহাতে ড্ৰনৰ বাহিৰেও টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ৱেবছাইটটো ছাইবাৰ আক্ৰমণৰ চিকাৰ হোৱা বুলি জানিব পৰা গৈছে৷