Logo
image

মাদ্ৰাছাত চলিল বুলড’জাৰ

বাংলাদেশৰে যোগাযোগ! মুখ্যমন্ত্ৰী

আমাৰ অসম, ৫ আগষ্টঃ ৰাজ্যত গোপনে জেহাদীৰ ভয়ংকৰ নেটৱৰ্ক কিমান দলৈকে শিপাইছে, তথ্যসহ সংবাদ মেলত ইয়াৰ ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ বৃহস্পতিবাৰে দিছপুৰত জেহাদীৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ  সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ক’লে– ‘যোৱা পাঁচটা মাহত অসম আৰক্ষীয়ে ভাৰত উপ-মহাদেশত আল-কায়দাৰে সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ পাঁচটা জেহাদী মডুল ব্লাষ্ট কৰিছে৷’ মুখ্যমন্ত্ৰীৰ মতে এটা সময়ত অসমত ১০ বছৰত পাঁচটা জেহাদী মডুল ব্লাষ্ট হোৱাৰ বিপৰীতে যোৱা পাঁচ মাহতে পাঁচটাকৈ জেহাদী মডুল ব্লাষ্ট হোৱাটো উদ্বেগজনক৷ উল্লেখ্য যে  বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে দিছপুৰত সংবাদমেল সম্বোধন কৰাৰ পূৰ্বেই মৰিগাঁৱৰ মৈৰাবাৰীত এবিটিৰ লগত সম্পৰ্কিত সন্দেহজনক জেহাদী মুফটি মুস্তাফা আহমেদৰ জমিউল হুদা মাদ্ৰাছাত প্ৰশাসনে চলালে বুলডজাৰ- এক্সেভেটৰ৷ বুলডজাৰ চলাই জমিউল হুদা মাদ্ৰাছাখন সম্পূৰ্ণৰূপে ভাঙি পেলায় মৰিগাঁও জিলা প্ৰশাসনে৷ উল্লেখ্য যে ২৮ জুলাইত প্ৰশাসনে ছীল কৰিছিল এই মাদ্ৰাছাখন৷ ইয়াৰ এদিন পূৰ্বে এবিটিৰে সম্পৰ্ক থকাৰ অভিযোগত মাদ্ৰাছাখনৰ প্ৰধান মুস্তাফা আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত সদৰী কৰা অনুসৰি মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু ভূপালত শিক্ষা গ্ৰহণ কৰি মুস্তাফা আহমেদে মৰিগাঁৱৰ পৈত্ৰিক ভূমিত এই মাদ্ৰাছাখন স্থাপন কৰিছিল৷ মুস্তাফাই ভূপালৰ পৰা ইছলামিক আইনৰ সন্দৰ্ভত  ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল৷ মুস্তাফাই স্থাপন কৰা মাদ্ৰাছাত বাংলাদেশৰ লোক আহি গোপনে বাহৰ পাতি আছিল আৰু নিশা নিশা এইসকল লোকে পঢ়ুৱৈ ছাত্ৰসকলক জেহাদীৰ শিক্ষা দিছিল৷ মাদ্ৰাছাত পঢ়া ছাত্ৰসকল স্থানীয় নাছিল, সকলো আৱাসিক আছিল৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জেহাদীৰ ইতিবৃত্ত ব্যাখ্যা কৰি এনেদৰে কয়– ‘আজি কিছুদিনৰ পৰা অসম পুলিচে বৰপেটা, মৰিগাঁও, গোৱালপাৰা, বঙাইগাঁৱত জেহাদীৰ বিৰুদ্ধে অভিযান চলাই আছে৷ এই অভিযানত অসম পুলিচে পাঁচটাকৈ জেহাদী মডুল ব্লাষ্ট কৰিছে৷ এই আটাইকেইটা মডুলেই আনছাৰউল্লা বাংলা টীমৰ৷ এই সংগঠনটোক ইতিমধ্যে বাংলাদেশ চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে৷ বৰপেটা আৰক্ষীয়ে যোৱা চ্ছ্ৰ মাৰ্চত এবিটিৰ টীমৰ ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁলোকৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ আছিল মহম্মদ সুমন ওৰফে চফিউল ইছলাম ওৰফে হাৰুল ৰচিদ৷ মহম্মদ সুমন বাংলাদেশৰ  নাৰায়ণগঞ্জ জিলাৰ বাসিন্দা৷ তেওঁ লগতে বাদশ্বাহ চুলেইমান খান, মহম্মদ নৌছাদ আলী, খাইৰুল ইছলাম, টাইমুৰ ৰহমান খান আৰু মামুনুৰ ৰচিদ গ্ৰেপ্তাৰ হৈছিল৷ মূল অভিযুক্ত সুমনে বাংলাদেশৰ পৰা অবৈধভাৱে পশ্চিমবংগ হৈ অসমত প্ৰৱেশ কৰিছিল৷ ২০১৮ চনত তেওঁ বৰপেটালৈ আহে আৰু প্ৰথমে জামুল হুদা ইছলামিক একাডেমিত আৰবীৰ শিক্ষক হিচাপে কাম কৰে৷ ইয়াৰ পাছত তেওঁ হাউলি ঢাকালীপাৰা মছজিদৰ ইমাম হয়৷  আৰক্ষীয়ে মহম্মদ সুমনৰ পৰা জিহাদী লিটাৰেছাৰ জব্দ কৰে৷ ইয়াৰ  পাছতেই যোৱা ১৪ এপ্ৰিলত বৰপেটা পুলিচে আন এটা এবিটি মডুলৰ শ্লীপাৰচেল নষ্ট কৰে আৰু এই সংক্ৰান্তত ছজন লোকক গ্ৰেপ্তাৰ কৰে৷ তেওঁলোক হ’ল ক্ৰমে– মুছাৰফ হুছেইন, মুফটি চুলেইমান আলী, জাহিদুল ইছলাম আৰু ৰচিদুল ইছলাম৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা ‘জেহাদক অৱহেলা কৰা, তাৰ থেকে বিৰত থকা পৰিণতি’, ‘টুহিদেৰ কালিমা’কে ধৰি বহুসংখ্যক জিহাদী লিটাৰেছাৰ উদ্ধাৰ কৰে৷ এই লিটাৰেছাৰসমূহ  অত্যন্ত চৰম পৰ্যায়ৰ আৰু সভ্যতা ধবংসকাৰী৷ যোৱা ২৭ জুলাইত বৰপেটা পুলিচে পুনৰ ৯জন এবিটি সদস্যক গ্ৰেপ্তাৰ কৰে৷ তেওঁলোক হ’ল ক্ৰমে– জুৱালী খান, ৰফিক ইছলাম, দেৱান হামিদুল ইছলাম, মইনূল হক, কাজিবুৰ হুছেইন, সাহানুৰ আলম, শ্বাহজাহান আলী, মজিবুৰ ৰহমান আৰু হান্নানুল ইছলাম৷ তেওঁলোকৰ পৰা জেহাদী লিটাৰেছাৰৰ  লগতে ৩৬খন অন্য গ্ৰন্থ জব্দ কৰা হৈছে৷ গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত দেৱান হামিদুল ইছলামে বাংলাদেশ ভ্ৰমণ কৰিছিল আৰু তেওঁক বাংলাদেশৰ মোবাইল-ছিমকাৰ্ড ব্যৱহাৰ কৰিছিল৷ তেওঁলোকৰ যোগাযোগৰ মাধ্যম আছিল অত্যাধুনিক৷ ভাৰতত নজনা-নিচিনা বহু এপেৰে তেওঁলোকে কাম চলাইছিল৷ বৰপেটাত এবিটিৰ মডুল উৎখাত হোৱাৰ পাছতে আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত মৰিগাঁৱৰ মৈৰাবাৰীৰ মুস্তাফা ওৰফে মুফটিক গ্ৰেপ্তাৰ কৰা হয়৷ মুফটিৰ পৰা কিতাপউল জিহাদ, ঈদ বাৰ্তাকে ধৰি অত্যন্ত আপত্তিজনক জেহাদী নথি-পত্ৰ উদ্ধাৰ হোৱা বুলি আদি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দাবী কৰে৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত  এতিয়াও ইছলামিক শিক্ষা দি থকা একাংশ কৌমি মাদ্ৰাছা আৰু মছজিদৰ ইমামৰ ওপৰত সন্দেহ প্ৰকাশ কৰে৷ তেওঁ কয় যে বৰ্তমানলৈকে ২৯জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক হয় মাদ্ৰাছা বা মছজিদৰ লগত সম্পৰ্কিত৷ জেহাদৰ প্ৰতি আকৰ্ষিত কবিব পৰা হাই ইলেক্ট্ৰিক সা-সজুলিও তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছে৷ শান্তিপ্ৰিয় মুছলমান ৰাইজৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় কয় যে সন্দেহজনক ইমাম বা মাদ্ৰাছা শিক্ষক বা অচিনাক্ত লোক চলাফিৰা কৰিলে যেন তেওঁলোকে তৎকালীনভাৱে অসম আৰক্ষীক জনায়৷ ইয়াৰ বাবে এক সুকীয়া টলফ্ৰি নম্বৰৰো ব্যৱস্থা কৰা হ’ব৷ বিশেষকৈ বাংলাদেশৰ পৰা ইমাম বা মাদ্ৰাছাৰ আৰবী শিক্ষকৰ ভেশত অহা জেহাদীৰ গতি-বিধিক লৈ  সতৰ্ক হ’বলৈ মুখ্যমন্ত্ৰীয়ে শান্তিপ্ৰিয় মুছলমান ৰাইজৰ প্ৰতি আহ্বান জনায়৷ আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বিশেষ শাখাৰ এডিজিপি হীৰেন নাথো উপস্থিত আছিল৷

বাংলাদেশৰ সন্ত্ৰাসবাদীৰ পৰা আহিছিল ধন!

বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন আনচাৰুল্লাহ বাংলা চুমকৈ এ বি টিৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত মৈৰাবাৰী চহৰীয়াগাঁৱৰ জমিউল হুদা মাদ্ৰাছখন  ২৮জুলাইত জিলা প্ৰশাসনে ছীল কৰাৰ পাছত আজি মৰিগাঁও জিলা প্ৰশাসনে ছীল কৰা মাদ্ৰাছাখন সম্পূৰ্ণৰূপে উৎখাত কৰে৷ উল্লেখ্য যে, এই মাদ্ৰাছাখনৰ শিক্ষক মুফ্‌তি মোস্তাফাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আৰু কেইবাজনো মৌলবী গ্ৰেপ্তাৰ কৰি জেৰা কৰা হৈছিল৷ মুফ্‌তি মোস্তাফাই বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ পৰা ২০১৯চনৰ পৰা ধনৰ লেনদেন কৰি আহিছিল৷ তদুপৰি, ২০১৯চনত মুফ্‌তি মোস্তাফাই এই জমিউল হুদা মাদ্ৰাছত বহিঃৰাষ্ট্ৰৰ সন্দেহযুক্ত সন্ত্ৰাসবাদী সংগঠন জেহাদী সংগঠনৰ সদস্যক আশ্ৰয় প্ৰদান কৰিছিল বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছে৷ মৈৰাবাৰী আৰক্ষীয়ে এই মাদ্ৰাছাখনৰ যাৱতীয় তথ্য-পাতিৰ লগতে মুফ্‌তি মোস্তাফাৰ পাচবুক, পাৰ-পত্ৰ, বেংকৰ পাচবুক ম’বাইল ফোন আদি জব্দ কৰিছিল৷ আজি পুৱাৰ পৰা মৰিগাঁও জিলা প্ৰশাসনে আৰক্ষীৰ এটা বৃহৎ দল লৈ কটকটীয়া নিৰাপত্তাৰ মাজত মাদ্ৰাছাখন ভাঙি চূৰমাৰ কৰে৷ মাদ্ৰাছা উৎখাত কৰাৰ সময়ত স্থানীয় কোনো লোকক ঘটনাস্থলীত সোমাবলৈ দিয়া নাই৷ এই মাদ্ৰাছাখন সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ সক্ষম হোৱা জিলা প্ৰশাসনে যোৱা ২৮জুলাইত ছীল কৰাৰ পাছত ইয়াতে পঢ়ি থকা কণ-কণ ছাত্ৰসকলকো সোধা-পোছাৰ বাবে থানালৈ অনা হৈছিল৷ ২০১৮চনত স্থাপন কৰা এই মাদ্ৰাছাখনৰ মুফ্‌তি মোস্তাফাই বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য আমিৰুদ্দিন আৰু মামুল ৰছিদৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য লাভ কৰাৰ পাছত আৰক্ষীয়ে মুফ্‌তি মোস্তাফাই জেহাদীৰ বিশাল নেটৱৰ্ক গঢ়িবলৈ চেষ্টা কৰি আছে বুলি সন্দেহ কৰে৷ আজি মৰিগাঁও জিলা প্ৰশাসনে মাদ্ৰাছাখন সম্পূৰ্ণৰূপে ভাঙি চূৰমাৰ কৰাৰ পাছত আৰক্ষী অধীক্ষকজনে কয় জেহাদী লিংক থকাৰ অভিযোগ থকাৰ বাবেই মাদ্ৰাছাখন উৎখাত কৰা হ’ল৷