Logo
image

আছুৰ পাছতে হুমকি অখিলৰো

ৰাজ্যত পুনৰ ‘কা’ আন্দোলন!

আমাৰ অসম, ৫ আগষ্টঃ সদৌ অসম ছাত্ৰ সন্থাই ‘কা’বিৰোধী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ পাছতেই পুনৰ ‘কা’ আন্দোলনৰ হুংকাৰ দিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷ উল্লেখ্য, আজি গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলীত ৰাইজৰ দলে চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত পাঠদান, ৰাজহুৱা বিদ্যালয়সমূহ নতুনকৈ প্ৰাদেশিকীকৰণ নকৰাৰ অসম কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে আৰু চৰকাৰী বিদ্যালয়সমূহত শিক্ষাদানৰ মান নিশ্চিত কৰাৰ দাবীত এক প্ৰতিবাদ কৰে৷ প্ৰতিবাদস্থলীত এক শতাধিক প্ৰতিবাদকাৰীক নেতৃত্ব দিয়ে ৰাইজৰ দলৰ উপদেষ্টা ডপ্স ঘনশ্যাম নাথ, দিলীপ বৰা, কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, হৰেশ্বৰ বৰ্মন, সাধাৰণ সম্পাদক চিন্ময় বৰা আৰু ৰাছেল হুছেইনে৷প্ৰতিবাদস্থলীৰ পৰা অসম কেবিনেটৰ এই সিদ্ধান্তক টোগলকী সিদ্ধান্ত বুলি অভিহিত কৰে ৰাইজৰ দলৰ উপদেষ্টা ডপ্স ঘনশ্যাম নাথে৷ শিক্ষাবিদ ডপ্স নাথে লগতে কয় যি সময়ত অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ লগতে শিক্ষাৰ গুণগত মানদণ্ড দিনক দিনে নিম্নগামী হৈ গৈ আছে সেই সময়ত চৰকাৰৰ এই বিফলতাসমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাবলৈ চৰকাৰে মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান বিষয়টো পাঠদানৰ কথা কৈছে৷ আচলতে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ গুণগত মান নিশ্চিত কৰাহে চৰকাৰ দায়িত্ব আছিল৷ চৰকাৰী বিদ্যালয়সমূহত অধিক প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিয়োগ কৰি শিক্ষাৰ মানদণ্ডৰ লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ কামত গুৰুত্ব দিয়ক এই চৰকাৰে৷ প্ৰতিবাদস্থলীত প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান[বিশেষ শাখা] তথা ৰাইজৰ দলৰ উপদেষ্টা দিলীপ বৰাই কয় যে অসম কেবিনেটৰ ভেন্সাৰ স্কুলসমূহ প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্তই অসমৰ চুকে-কোণে থকা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব৷ দিলীপ বৰাই লগতে কয় যে আমাৰ শিক্ষাব্যৱস্থাৰ মূল সমস্যাটো হৈছে ভালকৈ ইংৰাজীৰ লগতে কোনো ভাষাতে গুণগত পাঠদানৰ অভাৱ৷ আচলতে ভৱিষ্যতে ভাল এটা চাকৰি বা নিজৰ ভৰিত নিজে থিয় হ’বলৈ শিক্ষাৰ মাধ্যম হেঙাৰ নহয়, দৰকাৰ মাথো উন্নত শিক্ষা৷ নতুন শিক্ষানীতি, ২০২০ৰ ৪.১৪ৰ অনুচ্চেদ অনুসৰি প্ৰাথমিক শ্ৰেণীৰ পৰাই ছাত্ৰ-ছাত্ৰীসমূহক মাতৃভাষাৰ লগতে ইংৰাজী অৰ্থাৎ দ্বিভাষিক পাঠ্যক্ৰম উপলব্ধ কৰাব লাগিছিল এই চৰকাৰে৷ লগতে অতিকমেও জ্জ্বম শ্ৰেণীলৈ নিজৰ ঘৰুৱা বা মাতৃভাষাতে ছাত্ৰ-ছাত্ৰীসমূহে শিক্ষালাভ কৰিব পাৰে সেই বিষয়েও কৈছে এই শিক্ষানীতিত৷ গতিকে অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই নতুন শিক্ষানীতি, ২০২০কো উলংঘা কৰে৷প্ৰকৃতাৰ্থত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ কপৰ্’ৰেট গোষ্ঠীৰ লগত এক বুজাবুজি কৰি এডু টেক কোম্পানীৰ বাবে এখন বজাৰ মুকলি কৰি দিয়াৰ স্বাৰ্থত এই হঠকাৰী সিদ্ধান্তটো গ্ৰহণ কৰিছে৷ দিলীপ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোঁৱৰাই দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ নিজৰ আন এক টোগলকী সিদ্ধান্তৰ কথা৷ য’ত তেওঁলোকে চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়টো অসমীয়াতে পঢ়াৰ কথা কৈছে৷ এতিয়া আমি কি বুজিম? তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজীত গণিত আৰু বিজ্ঞান পঢ়ি একো একোজন ছাত্ৰ-ছাত্ৰীয়ে আকৌ উচ্ছতৰ মাধ্যমিকৰ পিছত অসমীয়াত এই বিষয়সমূহ কেনেকৈ পঢ়িব? এয়া টোগলকী সিদ্ধান্ত নহয়নে? প্ৰতিবাদস্থলীত উপস্থিত ৰাইজৰ দলৰ অন্যতম সাধাৰণ সম্পাদক ৰাছেল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি কয় যে আমাৰ মুখ্যমন্ত্ৰীজন নিজে কি মাধ্যমত পঢ়া-শুনা কৰা? তেওঁৰ কেবিনেটত থকা মন্ত্ৰীসকল কি মাধ্যমত পঢ়া-শুনা কৰা? তেওঁলোক যোগ্য মন্ত্ৰী নহয় নেকি? আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে পঢ়া কামৰূপ একাডেমীৰ নো কি অৱস্থা৷ কামৰূপ একাডেমীত পৰ্যাপ্ত শিক্ষক আৰু আন্তঃগাঁথনি আছেনে? কথা সেইটোৱে? প্ৰকৃততে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা তেনেই শোচনীয় আৰু যোৱা ২০ বছৰত অধিকাংশ সময় শিক্ষামন্ত্ৰী হৈ থকা আজিৰ মুখ্যমন্ত্ৰী শৰ্মাই সেই সমস্যাৰ পৰা বিদ্যালয়সমূহক পৰিত্ৰাণ কৰিব নোৱাৰি এনেবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চৰকাৰী বিদ্যালয়সমূহৰ দুৰ্গতি এনেই হোৱা নাই৷ তেওঁৰ চৰকাৰৰ ইচ্চাশক্তিৰ অভাৱতে চৰকাৰী বিদ্যালয়সমূহৰ উন্নতি আৰু উন্নতমানৰ শিক্ষা প্ৰদানত অভাৱ হৈছে৷ যাৰ বাবে সাধাৰণ ৰাইজে উন্নত শিক্ষা বিচাৰি আজি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত যাব লগা হৈছে৷ এয়া কোনো মাধ্যমৰ বাবে নহয়৷ চৰকাৰী বিদ্যালয়সমূহৰ দুৰ্গতিৰ বাবেই আৰু ইয়াক ঠিক কৰাৰ চৰকাৰৰ ইচ্চাশক্তিৰ অভাৱৰ বাবেই আজি অভিভাৱকসকল হতাশ হৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ নিজৰ সন্তানক লৈ গৈছে৷ ডিব্ৰুগড় জিলাতো ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি কৱীন্দ্ৰ চেতীয়া ফুকনৰ লগতে পাঁচ শতাধিক লোকে চৰকাৰৰ এই  হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আন এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ উক্ত কাৰ্যসূচীত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে কেৱল এডু টেক কোম্পানীৰ পৰা পাবলগীয়া কমিছনৰ আশাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এডু টেক কোম্পানীবোৰৰ পৰা যাতে ছাত্ৰ-ছাত্ৰীবোৰে যাতে ইংৰাজী ভাষাত টিউচন ল’ব পাৰে তাৰ পৰা এই কোম্পানীবোৰে অধিক মুনাফা লাভ কৰিব পাৰে তাৰেই সুবিধা প্ৰদান কৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নহ’লে নতুন শিক্ষানীতি, ২০২০ উলংঘা কৰি মাতৃভাষাত পাঠদান নকৰি ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞান বিষয় দুটাক পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ নকৰিলেহেঁতেন৷ আমি কেতিয়াও ইংৰাজী বিষয়টোক ভালকৈ পঢ়িব নালাগে বুলি কোৱা নাই৷ চৰকাৰী বিদ্যালয়সমূহত ভালকৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিয়োগ কৰি ইংৰাজী ভাষাটোক পঢ়াওক৷ লগতে নতুন শিক্ষানীতি, ২০২০ অনুসৰি গণিত আৰু বিজ্ঞান বিষয় দুটাক দ্বিভাষিক অৰ্থাৎ মাতৃভাষা আৰু ইংৰাজী ভাষাত পাঠ্যক্ৰম উপলব্ধ কৰাই পাঠদান কৰক৷ কোনো ছাত্ৰ-ছাত্ৰীৰ ভাল ফলাফলৰ বাবে এইখিনিয়ে জৰুৰী, মাতৃভাষাত শিক্ষা৷ আনকি কোঠাৰী আয়োগেও এই কথাই কৈছিল৷ আমি বিশ্বাস কৰো মাতৃভাষাত পঢ়িলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু বেছি ভাল হ’ব৷ এই কথা কোঠাৰী আয়োগেও কৈছিল, নতুন শিক্ষানীতিয়েও কৈছে৷ অসম চৰকাৰে এই সিদ্ধান্তৰ পুনৰ বিবেচনা কৰি উঠাই লওক নহ’লে অসমৰ বিভিন্ন দল-সংগঠন,  সাহিত্য সভা, বৌদ্ধিক মহলৰ লগত এক অভিৱৰ্তন আয়োজন কৰি কথাটো আলোচনা কৰক৷ আমি দাবী কৰো চৰকাৰে ৰাজ্যৰ শোচনীয় শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ অসম বিধানসভাৰ দুদিনীয়া বিশেষ অধিৱেশন আহ্বান কৰিব লাগে৷ আমাৰ দাবীসমূহ মানি নোলোৱালৈ এই প্ৰতিবাদ নিৰৱচ্চিন্নভাৱে অসমৰ বিভিন্ন প্ৰান্তত চলিয়ে থাকিব৷

ৰাতি দেখা সপোনৰ আধাৰত কেবিনেটত সিদ্ধান্ত লয় মুখ্যমন্ত্ৰীয়েঃ অখিল

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই স্বেচ্ছাচাৰী শাসন চলাইছে৷ সকলো কামতে কৃতিত্ব বিচাৰি ফুৰা মুখ্যমন্ত্ৰীয়ে ৰাতি সপোনত দেখা সপোনবোৰকে পিছদিনা ৰাইজৰ সন্মুখত দাঙি ধৰে৷ ডিব্ৰুগড়ত আজি অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ ডিব্ৰুগড় চহৰৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিজৰ ভাষণত ৰাজ্য চৰকাৰৰ কেবিনেটে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষা পঢ়ুৱাৰ বাবে লোৱা সিদ্ধান্তক ঘোৰ বিৰোধিতা কৰি কয়, অসমীয়া ভাষা নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ আসনত দীৰ্ঘকাললৈ অধিষ্ঠিত হ’বলৈ ড॰ হিমন্ত বিশ্ব শৰ্মাই দিল্লী আৰু নাগপুৰক সন্তুষ্ট কৰিবলৈকে এইধৰণৰ জনবিৰোধী সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীজনে কেবিনেটত লোৱা প্ৰতিটো সিদ্ধান্ত একচ্ছত্ৰী আৰু ৰাতি সপোনত দেখা সিদ্ধান্ত৷ অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাৰ ব্যৱস্থা কৰিব লাগে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতি ৪.১৪ নং অনুচ্ছেদত স্পষ্টভাৱে উল্লেখ আছে৷ নতুন শিক্ষানীতিত ইংৰাজী মাধ্যমত পঢুৱাৰ লগতে অসমীয়া মাধ্যমো পঢ়ুৱাৰ ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ আছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দিল্লী আৰু নাগপুৰৰ আশীসধন্য হ’বলৈকে নতুন শিক্ষানীতিৰ উৰ্ধত কাম কৰিছে বুলি কটাক্ষ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ নিজৰ ভাষণত গগৈয়ে আৰু কয়, সকলো কামতে নিজৰ স্বাৰ্থ নিহিত হৈ থাকে মুখ্যমন্ত্ৰীজনৰ৷ কমিছনৰ অংক যোগ হৈ থাকে মুখ্যমন্ত্ৰীজনৰ প্ৰতিটো সিদ্ধান্তত৷ ভাৰতত চলি থকা বৃহৎ বৃহৎ ক’চিং ইনষ্টিটিউটসমূহক অসমলৈ ৰঙা দলিচা পাৰিবলৈকে অসমীয়া মাধ্যমত ইংৰাজী ভাষা জাপি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ তুলিছে৷ ৰাইজৰ দলৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি অমূল্য আহোমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত প্ৰায় তিনি শতাধিক যুৱক-যুৱতী তথা পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে৷ ইয়াৰ পাছতে আমোলাপট্টিস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজৰ দলে অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী ভাষাত পঢ়ুৱাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মান নিশ্চিত কৰা, গণিত আৰু বিজ্ঞান ভাষাত দ্বি-ভাষিক পাঠ্যক্ৰম প্ৰস্তুত কৰা, মাতৃভাষাত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত নতুন শিক্ষানীতি-২০২১ ৪.১৪ আৰু ১.১ অনুচ্ছেদৰ নিৰ্দেশনা বাহাল ৰখা আৰু বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰা সিদ্ধান্ত বাতিলৰ দাবী উত্থাপন কৰে৷ আনহাতে, আজি অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী আৰু প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন, উপ-সভাপতি দীপক শইকীয়া, মুখপাত্ৰ জ্ঞানশ্ৰী বৰা, জাতীয় যুৱ বাহিনীৰ ৰাজ্যিক সভাপতি লক্ষ্যজ্যোতি গগৈকে ধৰি ভালেকেইজন বিষয়ববীয়াই৷  ইফালে প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিকে সোধা প্ৰশ্নত জেহাদীৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে৷ জেহাদী আৰু যিমান ধৰ্মীয় সন্ত্ৰাসবাদী সংগঠন আছে সকলোকে সমূলঞ্চে নিৰ্মূল কৰাটো জাতিটোৰ বাবে মংগলজনক বুলি মন্তব্য কৰি জেহাদীৰ বিৰুদ্ধে অভিযানৰ পূৰ্ণ সমৰ্থন আছে কিন্তু, জেহাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ মুছলমানৰ বিৰুদ্ধে চলোৱা অপ্ৰপচাৰক ঘৃণা কৰোঁ বুলি মন্তব্য কৰিছে৷