Logo
image

৯৯ অ-ৰাজপত্ৰিত কৰ্মচাৰীক লোকসেৱা বঁটা

আমাৰ অসম, ৬ আগষ্টঃ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ  পূণ্য তিথি উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি উদ্‌যাপন কৰা লোক কল্যাণ দিৱসত ৰাজ্যৰ ৯৯ গৰাকী অ-ৰাজপত্ৰিত কৰ্মচাৰীক প্ৰদান কৰা হয় লোকসেৱা বঁটা৷ গুৱাহাটীৰ দিছপুৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদ্‌যাপন কৰা লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত ভাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অ-ৰাজপত্ৰিত কৰ্মচাৰীসকলক প্ৰদান কৰে লোকসেৱা বঁটা৷ উল্লেখ্য, কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শনৰ লগতে কৰ্ম সংস্কৃতি, নিয়মানুৱৰ্তিতা তথা দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰা অ-ৰাজপত্ৰিত বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ সেৱাৰ স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বঁটা ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰিছে৷ এইবাৰ এনে ৯৯ গৰাকী অ-ৰাজপত্ৰিত বিষয়া-কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান কৰা হৈছে৷ এনে প্ৰতিগৰাকী বঁটাপ্ৰাপকৰ চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধি হোৱাৰ লগতে তেওঁলোকক একোখনকৈ স্মাৰকপত্ৰসহ ২৫ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ অনুষ্ঠানত ইয়াৰে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে নিৰ্বাচিত ১০ গৰাকী অ-ৰাজপত্ৰিত বিষয়া-কৰ্মচাৰীক লোকসেৱা বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ব্যক্তিত্ব, স্বাধীনতা সংগ্ৰাম, কেবিনেট মিছনৰ আঁচনি ব্যৰ্থ কৰাত লোৱা ভূমিকা তথা এখন আধুনিক অসম নিৰ্মাণৰ ভেটি স্থাপনত তেওঁৰ অৱদান আদি সম্পৰ্কত বিস্তৃতভাৱে আলোকপাত কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে গোপীনাথ বৰদলৈৰ জীৱনটো আছিল ৰাজহুৱা সেৱাৰ বাবে আৰু তেওঁ সমগ্ৰ জীৱন অসমৰ ৰাজনৈতিক, সামাজিক তথা অৰ্থনৈতিক উত্তৰণৰ অৰ্থে উৎসৰ্গা কৰিছিল৷ এগৰাকী ৰাজনৈতিক নেতা হিচাপে বৰদলৈৰ নেতৃত্বৰ সাৰ্থকতাৰ সৰ্বোৎকৃষ্ট নিদৰ্শন হৈছে কেবিনেট মিছনৰ আঁচনি ব্যৰ্থ কৰাত তেওঁ প্ৰদৰ্শন কৰা বিচক্ষণতা৷ অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই প্ৰস্তাৱ ব্যৰ্থ কৰাত বৰদলৈৰ ভূমিকা আৰু অৱদান কৃতজ্ঞ অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে৷ কেবিনেট মিছনৰ প্ৰস্তাৱ সফল হোৱা হ’লে অসমৰ মানচিত্ৰ আৰু ইতিহাসেও আন ৰূপ ল’লেহেঁতেন৷ কেন্দ্ৰীয় কংগ্ৰেছৰ নিৰ্দেশকো অমান্য কৰি অসমক জগাই তোলা আৰু পৰোক্ষভাৱে কেবিনেট মিছনৰ সেই সমগ্ৰ আঁচনিকে ব্যৰ্থ কৰাৰ প্ৰধান কৃতিত্ব নিঃসন্দেহে বৰদলৈৰ৷ সেই সময়ত মহাত্মা গান্ধীৰ সহায়ৰ দৰেই সৰ্বভাৰতীয় নেতা হিচাপে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সমৰ্থনো গোপীনাথ বৰদলৈ আৰু অসমৰ ৰাইজৰ বাবে  সহায়ক হৈছিল৷ দেশ বিভাজন আৰু স্বাধীনতাৰ পিছতো অসমৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে বৰদলৈয়ে যুঁজ অব্যাহত ৰাখিছিল৷ নগাপাহাৰ, মিজো পাহাৰ জিলা, খাছিয়া-জয়ন্তীয়া পাহাৰ, গাৰো পাহাৰ আৰু মিকিৰ পাহৰৰ শাসন ব্যৱস্থা সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তভুৰ্ক্ত কৰা অথবা অসমৰ ভৈয়ামত বসবাস কৰা জনজাতীয় লোকসকলক ‘প্লেইনছ্‌ ট্ৰাইবেল’ হিচাপে সুকীয়া সাংবিধানিক  স্বীকৃতিৰ ব্যৱস্থা কৰা আদি প্ৰতিটো ক্ষেত্ৰতে বৰদলৈয়ে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি চিৰকাললৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলবাসীৰ অন্তৰত সুকীয়া চাপ এৰি যাবলৈ সক্ষম হৈছে৷ তেওঁ আৰু কয়–চৰকাৰ এখনক যেতিয়া ৰাইজে লোকসেৱাৰ মাধ্যম হিচাপে নাভাবে বৰং বোজা হিচাপেহে গণ্য কৰে, তেনে অৱস্থাত গণতন্ত্ৰ কেতিয়াও সফল হ’ব নোৱাৰে৷ যিকোনো সমস্যা আৰম্ভণিতে যদি মোকাবিলা কৰিব পৰা যায় তেতিয়া তেনেবোৰ সমস্যা জটিল ৰূপে আত্মপ্ৰকাশ কৰিব নোৱাৰে৷ এনে চিন্তা সন্মুখত ৰাখিয়েই ৰাজ্য চৰকাৰে সদ্ভাৱনা প্ৰকল্প আৰম্ভ কৰিছিল যাতে অসম সচিবালয়ক এখন আদৰ্শ কৰ্মস্থলী তথা ৰাজহুৱা সেৱা প্ৰদানৰ নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিব পৰা যায়৷ তেওঁ সদৰি কৰে যে এই সদ্ভাৱনা প্ৰকল্পৰ অধীনত ৰাজ্য চৰকাৰে জনসাধাৰণৰ পৰা যিমান অভিযোগ লাভ কৰিছিল সেই সকলোবোৰৰ ১০০ শতাংশই  কালি সন্ধিয়ালৈকে নিষ্পত্তি কৰা হৈছে৷ তেওঁ কয় যে এই সময়ছোৱাত সচিবালয়ত প্ৰায় ৩.২৪ লাখ ফাইলৰ ২.৭৫ লাখ ফাইল নিষ্পত্তি কৰা হৈছে৷ ইয়াৰে কিছু সংখ্যক ফাইল স্থায়ীভাৱে ৰখা হ’ব, কিছু সংখ্যক ফাইল আৰ্কাইভত ৰখা হ’ব৷ আনহাতে ভৱিষ্যতে প্ৰয়োজন নথকা কিছু সংখ্যক ফাইল নষ্ট কৰি পেলোৱাৰ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানতে আনুষ্ঠানিকভাৱে আৰম্ভ কৰে৷ ভাষণ প্ৰসংগত তেওঁ ঘোষণা কৰে যে অসম সচিবালয়ৰ প্ৰতিটো ভৱনতে এগৰাকীকৈ ন’ডেল বিষয়া নিযুক্ত কৰি সমগ্ৰ সচিবালয় পৰিসৰত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব৷ তেনেদৰে সচিবালয়ত কৰ্মৰত মহিলা কৰ্মচাৰীসকলৰ যিসকলৰ শিশু আছে তেওঁলোকৰ সুবিধাৰ্থে শিশুৰ ওমলা ঘৰ [ক্ৰেছ]ৰ ব্যৱস্থা, ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া আৰু অসম অসামৰিক সেৱাৰ বিষয়াৰ জিৰণি তথা বাৰ্তালাপৰ সুবিধাৰ্থে বিশেষ কক্ষ নিৰ্মাণ আৰু সচিবালয়ৰ কৰ্মচাৰীসকলৰ যাতায়াতৰ সুবিধাৰ্থে বিনামূলীয়া বাছসেৱা প্ৰৱৰ্তন কৰা হ’ব বুলিও তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত সাধাৰণ প্ৰশাসন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মুখ্য সচিব জিষ্ণু বৰুৱা, অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, প্ৰশাসনিক সংস্কাৰ বিভাগৰ প্ৰধান সচিব অৰ্চনা বাৰ্মা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷