Logo
image

দীঘল দাড়ি থাকিলেই জেহাদী নেকি? দলৰ বিধায়কৰ ক্ষোভৰ বিপৰীতে আজমল নিমাত

আমাৰ অসম, ৬ আগষ্টঃ জেহাদীক লৈ চলা ৰাজনৈতিক বিতৰ্কই এইবাৰ পালেগৈ বিধানসভাৰ চৌহদ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই সতীৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল এ আই ইউ ডি এফ৷ মন্ত্ৰী পীয়ুষ হাজৰিকাই এ আই ইউ ডি এফৰ বিধায়কক জেহাদীৰ সমৰ্থক বুলি অভিহিত কৰা মন্তব্যৰ বিৰুদ্ধে বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী এ আই ইউ ডি এফৰ বিধায়কসকলে৷ এ আই ইউ ডি এফৰ বিধায়কসকলে মন্ত্ৰী পীয়ুষ হাজৰিকাই বিধানসভাৰ দুজন সদস্যৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবীত বিধানসভাৰ অধ্যক্ষকো স্মাৰক পত্ৰ প্ৰদান কৰে৷ লক্ষণীয়ভাৱে দলৰে দুই বিধায়ক আমিনুল ইছলাম আৰু ৰফিকুল ইছলামক জেহাদী বুলি অভিহিত কৰাৰ পাছতো আশ্চৰ্যজনকভাৱে জেহাদীৰ প্ৰসংগত সম্পূৰ্ণ মৌন হৈ থকা দেখা গৈছে এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলক৷ এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাৰ পাছতো মৌলানা বদৰুদ্দিন আজমলে ৰহস্যজনকভাৱে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থাকে৷ এফালে দলটোৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে যদিও আনফালে আকৌ অজ্ঞাত কাৰণত দলটোৰ মূৰব্বীজনে মৌনতা অৱলম্বন কৰাত ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে৷ উল্লেখ্য, মৰিগাঁৱৰ এখন মাদ্ৰাছাৰ এজন শিক্ষকক জেহাদীৰ কাম-কাজত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম আৰু ৰফিকুল ইছলামে চৰকাৰে আন ইচ্ছু তল পেলোৱাৰ বাবেহে জেহাদীক লৈ   ৰাজনীতিকৰণৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰিছিল৷ কিন্তু এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই বিধায়কদ্বয়ক জেহাদীৰ সমৰ্থক বুলি অভিহিত কৰিছিল৷ বিধানসভাৰ দুজন দলীয় সদস্যৰ সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰিকাই কৰা মন্তব্যত ক্ষোভ ব্যক্ত কৰি বিধায়ক কৰিমউদ্দিন বৰভূঞাই ২৪ ঘণ্টাৰ ভিতৰত পীয়ুষ হাজৰিকাক ক্ষমা খোজাৰ দাবী জনাইছিল৷ কিন্তু ওলোটাই মন্ত্ৰী পীয়ুষ হাজৰিকাই জেহাদীৰ সমৰ্থকৰ ওচৰত ক্ষমা খোজাতকৈ মৰি যোৱাই ভাল বুলি আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ আনকি তেওঁ নালাগে, তেওঁৰ ১৪ গোষ্ঠীয়েও ক্ষমা নোখোজে বুলি কৈ প্ৰমাণ পালে জেহাদীৰ সমৰ্থক বিধায়কক গ্ৰেপ্তাৰ কৰাৰো হুংকাৰ দিছিল মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ পীয়ুষ হাজৰিকাৰ এই দাম্ভিক পূৰ্ণ মন্তব্যৰ বিৰুদ্ধে শুকুৰবাৰে এ আই ইউ ডি এফৰ সকলো বিধায়কে বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে৷ দীঘল দাড়ি ৰাখিলেই বা টুপি পিন্ধিলেই জেহাদী নেকি বুলি প্ৰশ্ন কৰি বিধায়কসকলে হাতে হাতে প্লেকাৰ্ড লৈ অনৈতিক ৰাজনৈতিক সিদ্ধিৰ বাবে বিৰোধী বিধায়কক টাৰ্গেট কৰি অপবাদ দিয়া নচলিব বুলিও সকীয়াই দিয়ে৷ মন্ত্ৰী পীয়ুষ হাজৰিকাক বিধায়কৰ পদমৰ্যাদা হানি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত অধ্যক্ষক স্মাৰক পত্ৰও প্ৰদান কৰে এ আই ইউ ডি এফে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই কয়– ‘‘আমি জেহাদীৰ পৃষ্ঠপোষক নহয়৷ উত্তৰ-পূবত এটাও মুছলমানৰ দ্বাৰা পৰিচালিত উগ্ৰপন্থী সংগঠন নাই৷ অমুছলিম সংগঠনেহে উত্তৰ-পূবত সন্ত্ৰাসবাদ বিয়পাইছে৷ মুছলমানে বিয়পোৱা নাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ স্বাৰ্থত এটা সম্প্ৰদায়ক সন্দেহৰ আৱৰ্তলৈ আনিব বিচৰাটো ভাল কথা হোৱা নাই৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী৷ তেওঁ কোনো দলৰ মুখ্যমন্ত্ৰী নহয়৷ কাইলৈ তেওঁ মুখ্যমন্ত্ৰীৰ আসনত নাথাকিলেও, আজি মুখ্যমন্ত্ৰী হিচাপে যি কথা ক’ব সেয়া সদায় থাকি যাব৷ জেহাদীক লৈ তদন্ত সম্পূৰ্ণ নোহোৱাকৈয়ে মাদ্ৰাছাখন ভাঙি দিলে৷ আৰু এতিয়া চৰকাৰে জেহাদীৰ নামত ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলাইছে৷ ৰাজনীতি কৰাৰ বাবেই মাদ্ৰাছাখন ভাঙি পেলোৱা হ’ল৷ সেয়েহে মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ কথা কওক৷ যেতিয়া অসমত মূল্যবৃদ্ধি আকাশলংঘী হৈ পৰে, তেতিয়াই মুছলমানৰ ওচৰত সন্দেহৰ বাতাবৰণ সৃষ্টিৰে ইচ্ছু কৰে৷ অসমৰ ৰাইজৰ সমস্যাসমূহক গুৰুত্ব দিয়ক চৰকাৰখনে৷ পীয়ুষ হাজৰিকা এজন মন্ত্ৰী হয়, তেওঁ পুলিচৰ মালিক নহয়৷ তেওঁ কাক পুলিচৰ ভয় দেখুৱাইছে? সংবিধানৰ শপত লৈ প্ৰতিবাৰেই তেওঁ সংবিধানবিৰোধী কথাই কৈছে৷ দাড়ি থাকিলেই আৰু টুপি পিন্ধিলেই জেহাদীৰ সমৰ্থক নেকি? পীয়ুষ হাজৰিকা নিজেই এজন বিধায়ক হৈ সতীৰ্থ বিধায়কৰ মিছা অভিযোগেৰে অতি অপমানজনক মন্তব্য কৰিছে৷ পীয়ুষ হাজৰিকাৰ অহংকাৰী মন্তব্য অসমৰ ৰাইজে চাই আছে৷ পীয়ুষ হাজৰিকাই আমাৰ দৰে দুখীয়া মানুহৰ ওচৰত ক্ষমা নোখোজে৷ পীয়ুষ হাজৰিকাই ক্ষমা খোজে ফাঁচীবজাৰৰ ধনী ব্যৱসায়ীৰ ওচৰত৷

জেহাদীৰ সমৰ্থনকাৰীক ক্ষমা নোখোজোঁঃ পীয়ূষ

“মই কেতিয়াও জেহাদীক সমৰ্থন কৰা লোকৰ ওচৰত ক্ষমা নোখোজোঁ”–জেহাদীৰ সৈতে এআইইউডিএফৰ সম্পৰ্ক থকা বুলি কোৱাৰ বাবে ক্ষমা খুজিবলৈ দলটোৰ তৰফৰ পৰা জনোৱা দাবী সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তথ্য আৰু জনসংযোগ, সামাজিক ন্যায় আৰু সবলীকৰণ তথা জলসম্পদ দপ্তৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি যোৰহাটত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে৷ উল্লেখ্য, মন্ত্ৰীজনৰ বক্তব্য সম্পৰ্কত বিধান সভাত প্ৰতিবাদ কৰা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হাজৰিকাই পুনৰ কয়, “তেওঁলোকে বিধানসভাত কৰক, পাহাৰত কৰক, সাগৰত কৰক নাইবা বাংলাদেশত কৰক–তেওঁলোকে য’তেই ইচ্ছা প্ৰতিবাদ কৰক৷ কিন্তু মই ক্ষমা নোখোজোঁ৷ জেহাদীৰে সম্পৰ্ক থকাসকলৰ ওচৰত মই কেতিয়াও ক্ষমা নোখোজোঁ৷” ইফালে জেহাদীক কলিতে সমুলাঞ্চে নাশ কৰিব বুলিও মন্ত্ৰী হাজৰিকাই হুংকাৰ দিয়ে৷ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত অসম চৰকাৰে অনুষ্ঠিত কৰা লোক কল্যাণ দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিবলৈ অহা মন্ত্ৰী হাজৰিকাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লগতে কয় যে যিসকল ভাল কৰ্মচাৰী সেইসকলক পুৰস্কৃত কৰা হ’ব আৰু যিসকল বেয়া কৰ্মচাৰী সেইসকলক জে’ললৈ পঠোৱা হ’ব৷ যোৰহাট জিলাৰ ৪ জন কৰ্মচাৰী ক্ৰমে বীৰেন বৰা, ৰাজেন বৰা, গুঞ্জানন শ্যাম আৰু অৰুণজ্যোতি গগৈক পুৰস্কাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীজনে কয় যে এনে পুৰস্কাৰৰ ফলত তেওঁলোক উৎসাহিত হোৱাৰ লগতে আন কৰ্মচাৰীয়েও ভাল কামৰ বাবে প্ৰেৰণা পাব৷

কৰিমউদ্দিন জেহাদী সংগঠনৰে জড়িত! সিংঘালৰ সন্দেহ

অসমত জেহাদী সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘালে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ শুকুৰবাৰে শিলচৰত মন্ত্ৰীজনে কয় যে,  ইতিমধ্যে এবিটিৰ কাৰ্যকলাপৰ সৈতে একাংশ লোকৰ সম্পৰ্ক থকা দেখা গৈছে৷ সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যিকোনোধৰণৰ জেহাদী কাৰ্যকলাপ সহ্য কৰা নহ’ব৷ জেহাদী চিনাক্ত কৰা হ’ব ঘৰে ঘৰে আৰু উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী অশোক সিংঘালে৷ ইফালে, এ আই ইউ ডি এফ দলৰ সোণাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিনৰ বক্তব্য সন্দৰ্ভত তেওঁ কয় যে, কৰিম উদ্দিনৰ জেহাদী সংগঠনৰ সৈতে জড়িত আছে বুলি সন্দেহ কৰিছে৷ বিধায়ক কৰিম উদ্দিনে সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে যে মন্ত্ৰী পীয়ূষ হাজৰিকাই ক্ষমা খুজিব লাগে৷ এই প্ৰেক্ষাপটত তেওঁ কয় যে, মন্ত্ৰী পীয়ূষ হাজৰিকাই কিয় ক্ষমা খুজিব লাগে৷ এআইইউডিএফ স্বৰ্গৰ পৰা নামিছে নেকি যে তেওঁলোকে যি বিচাৰিব তাকেই কৰিব লাগিব নে বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ৷ মন্ত্ৰীয়ে কয়, মই বিচাৰোঁ এআইইউডিএফ অসমৰ মাটিৰ পৰা নোহোৱা হওক৷ ইপিনে সমগ্ৰ ভাৰতত কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘালে কয়, এইবোৰ কংগ্ৰেছৰ নাটক৷