Logo
image

অন্ধ পিতৃ-মাতৃৰ একমাত্ৰ সাৰথি ৫ বছৰীয়া শিশু

আমাৰ অসম, ৬ আগষ্টঃ পানীত পৰা মানুহৰ বাবে খেৰ কুটাই যিদৰে সাৰ ঠিক তেনেদৰে বিপদত পৰা জনৰ বাবে পৰিত্ৰাণৰ যিকোনো বস্তুৱে হ’ব পাৰে স্বস্তি, সকাহ৷ আৰ্ত জনৰ বাবে এটি পাঁচ বছৰীয়া শিশুও হ’ব পাৰে বিপদৰ সাৰথি৷ জীয়াই থকাৰ একমাত্ৰ সম্বল৷ শেহতীয়াভাৱে তেনে এক ঘটনা পোহৰলৈ আহিছে নগাঁও জিলাৰ ৰহাত৷ অন্ধ পিতৃ-মাতৃক লাখুটি এডালৰ সহায়ত এটি শিশুৱে ইঠাইৰ পৰা সিঠাইলৈ ভিক্ষাৰ বাবে লৈ যোৱাৰ এখন ছবি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়া৷ জীৱন সংগমৰ এই জীয়া ছবিখনে সেমেকাই তুলিছে বহুজনক৷ নগাঁও বা ৰহা বাসীৰ বাবে এইখন এখন পৰিচিত ছবি৷ হয়তো এই পৰ্যন্ত চৰকাৰৰ কোনো জনপ্ৰিয় আঁচনিয়ে ঢুকি পোৱা নাই এই দুৰ্ভগীয়া পৰিয়ালটোক৷ যাৰ বাবে পাঁচ বছৰীয়া শিশুটি আজি হৈ পৰিছে সমগ্ৰ পৰিয়ালটোৰ একমাত্ৰ আশা ভৰসাৰ স্থল৷ পৰিয়ালটোৰ আশা, এদিন হয়তো তেওঁলোকৰ ওপৰতো পৰিব ৰজা ঘৰৰ সুদৃষ্টি৷ হয়তো তেতিয়া তেওঁলোকৰ জীৱনৰ পৰা আঁতৰিব অমানিশাৰ কলীয়া ডাৱৰ৷ উল্লেখ্য যে, এই পৰিয়ালটোৰ ঠিকনা হৈছে ৰহাৰ পশ্চিম দীঘলদৰিত৷  গাঁওখনৰ পথাৰৰ মাজত এটা গৰুবাটৰ কাষত এতিয়া বাস কৰে পৰিয়ালটো৷ দৃষ্টিহীন এই পৰিয়ালটোৰ সদস্য পাঁচজন৷ স্বামী ভগেন হীৰা, পত্নী কেতেকী বনিয়া আৰু তিনিগৰাকী কণমানি সন্তানৰ সৈতে জীৱন নিৰ্বাহ কৰি আছে এই পৰিয়ালটোৱে কোনোমতে পৰিয়ালটোৰ একমাত্ৰ ভৰষা তেওঁলোকৰ পাঁচ বছৰীয়া পুত্ৰ সন্তান ৰাহুল হীৰা৷ ৰাহুলৰ হাতত ধৰিয়ে যাতায়ত কৰে পিতৃ-মাতৃয়ে৷ ৰাহুলৰ চকুৰে পৃথিৱী দেখিছে দৃষ্টিহীন পিতৃ-মাতৃয়ে৷ কি দৰে পিতৃ-মাতৃক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লৈ যায় সেই কথা ব্যক্ত কৰিছে সাংবাদিকৰ আগত কণমানী ৰাহুলে৷ ৰে’লৰ অন্য যাত্ৰাৰ সহায়ত ষ্টেচনবোৰ চিনাক্ত কৰে কণমানি ৰাহুলে৷ জন্মসূত্ৰে ভগেন হীৰাৰ ঘৰ ৰহা সমষ্টিৰ জৰাবাৰী মৌজাৰ আমতলা পঞ্চায়তৰ পিপৰা গাঁৱত৷ আৰু কেতেকী বনিয়াৰ জন্ম ৰহা সমষ্টিৰ ৰহা মৌজাৰ দীঘলদৰি গাঁও পঞ্চায়তৰ পশ্চিম দীঘলদৰিত৷ অন্য কেইবাঘৰো লোক গাঁওখনৰ পৰা পথাৰলৈ উঠি যোৱাত কেতেকী আৰু ভগেনেও সংসাৰ পাতিবলৈ শহুৰেকৰ মাটিতে সাজিলে এটা ঘৰ৷ বিধিৰ বিপাকত বানে ঘৰটো ভাগি পেলোৱাত এতিয়া উপায়ন্তৰ হৈ শহুৰেকৰ ঘৰতে আশ্ৰয় লৈ আছে পৰিয়ালটো৷ কোলাত কেঁচুৱা লৈ কেতেকী, ভগেনে পাঁচ বছৰীয়া পুত্ৰ ৰাহুলৰ হাতত ধৰি ভিক্ষা বিচাৰি ফুৰে ৰাজ পথত, মানুহৰ ঘৰে ঘৰে৷ কিন্তু এনেবোৰ মানুহক লাগে চৰকাৰী সাহায্য৷ কিন্তু ক’ব কোনে৷ দিব কোনে৷ কাৰণ তেওঁ লোক যে অন্ধ৷ সহায় বিচাৰি ভগেন হীৰাৰ লগতে স্থানীয় লোকে চৰকাৰ লগতে ৰাইজলৈ জনাইছে আবেদন৷ যদি কোনো হৃদয়বান লোকে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচৰে তেওঁলোকক ৭৫৭৮৯৬০১৩৬ নম্বৰ মোবাইল ফোনত যোগাযোগ কৰিব পাৰে৷ অথবা ধন জমা দিব পাৰে বেংক একাউণ্ট নম্বৰ BANK NAME - BANK OF INDIA ACCOUNT HOLDER NAME-BHOGEN HIRA ACCOUNT NUMBER-505218210001988 IFSC-BKID0005052