Logo
image

মুখ্যমন্ত্ৰীৰ মতৰ বিপৰীতে বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী বিজেপি সাংসদৰ

আমাৰ অসম, ৬ আগষ্টঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মতে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যাদা নালাগে৷ কেৱল মথাউৰি, ৰাস্তা নিৰ্মাণৰ বাবে পৰ্যাপ্ত পুঁজিহে লাগে৷ পিছে শাসকীয় দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ দাবী– অসমৰ বান সমস্যা কেবল অসমৰ বিষয় হব নোৱাৰে৷ অসমৰ বানপানী চুবৰীয়া ভূটান, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ সৈতে জড়িত আছে৷ সেয়েহে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যাদা প্ৰদান কৰিব লাগে৷ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিৰ ঠিক বিপৰীতত অৱস্থান কৰি পোনেপোনে সংসদৰ মজিয়াত শইকীয়াই শুকুৰবাৰে এই দাবী উত্থাপন কৰে৷ লোকসভাৰ শূন্যকালত ‘জনগণৰ গুৰুত্ব থকা জৰুৰীকালীন বিষয়’ত বানসমস্যাৰ কথা উল্লেখ কৰি সাংসদ শইকীয়াই কয়– বিজেপিয়ে বানমুক্ত অসমৰ শ্লোগান দি আহিছে৷ সেয়েহে অসমক বানমুক্ত কৰিব লাগিব৷ শইকীয়াই উত্থাপন কৰা এই দাবী এতিয়া যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে৷ তেওঁৰ স্পষ্ট  দাবী অসমৰ বান সমস্যা কেৱল অসমৰ বিষয় হৈ থকা নাই৷ চুবৰীয়া ভূটান, চুবৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ পৰা অহা পানীয়ে অসমত বানপানী সৃষ্টি কৰে৷ সেয়েহে সমগ্ৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ প্ৰয়োজন আছে৷ আৰু ইয়াৰ বাবে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যাদা দিব লাগে৷ লক্ষণীয়ভাৱে সাংসদজনে কেৱল অসম বুলি নহয় দেশৰ সকলো প্ৰান্তৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যাদা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছে৷ আনহাতে কেৱল বানপানীয়েই নহয়, গৰাখহনীয়া আৰু ভূমিস্খলনকো ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যাদা দিব লাগে বুলি শইকীয়াই সদনৰ মজিয়াত দাবী কৰে৷ ইয়াৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ সংশোধন কৰি কেন্দ্ৰই অসমকে ধৰি সমগ্ৰ দেশৰ বান, খহনীয়া আৰু ভূমিস্খলনক ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যাদা দিবলৈ আহ্বান জনাই৷ দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৯ চনত এবাৰ সংশোধন কৰা হৈছিল৷ এতিয়া আকৌ এবাৰ এই আইনখন সংশোধন কৰাৰ প্ৰয়োজন হৈ পৰিছে৷ তেওঁ কয় যে বান সমস্যা এখন বিশেষ ৰাজ্যৰ একক সমস্যা হব নোৱাৰে৷ যেনে অসমৰ বানপানীৰ বাবে চুবৰীয়া ভূটানৰ নদীসমূহ দায়ী৷ এইক্ষেত্ৰত তেওঁ দেশখনে সময়ে সময়ে কুৰিছু নদীৰ পৰা পানী এৰি দিয়াৰ কথা সদনক অবগত কৰে৷ একেদৰে চুবৰীয়া অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ পৰা অহা পানীও অসমত কেনেকৈ বানপানীৰ পৰিস্থিতি সৃষ্টি কৰে সেই কথাও তেওঁ সদনৰ মজিয়াত দাঙি ধৰে৷ সাংসদ শইকীয়াৰ বক্তব্য— প্ৰতি বছৰ অসমত বানপানীয়ে তাণ্ডৱ চলাই আহিছে৷ এই বছৰ ৰাজ্যখনৰ ২২খন জিলাৰ ২১ লাখ লোক বানৰ কৱলত পৰিছে৷ ২০০ৰো অধিক লোকৰ মৃত্যু ঘটিছে৷ বানত উটি গৈছে লাখ লাখ  পোহনীয়া জীৱ-জন্তু৷ কোটি কোটি টকাৰ সা-সম্পত্তিও বিনষ্ট হৈছে৷ অসমৰ উপৰি অৰুণাচল প্ৰদেশ আৰু মণিপুৰত ভূমিস্খলন এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ সেয়েহে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ সংশোধন কৰি সাংসদজনে আজি বানপানী, খহনীয়া আৰু ভূমিস্খলনক ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰৰ ওচৰত  দাবী জনায়৷ ইয়াৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ দেশৰ বান সমস্যাৰ সমাধান সম্ভৱ বুলি তেওঁ শূন্যকালত মন্তব্য কৰে৷ লক্ষণীয়ভাৱে নিজৰ বক্তব্য দাঙি ধৰাৰ সময়ত সাংসদজনে বিজেপিয়ে বান মুক্ত অসমৰ শ্লোগান দিয়াৰ কথাও চৰকাৰক মনত কৰি দিয়ে৷ ‘‘আমি বান মুক্ত অসমৰ শ্লোগান দি আহিছো৷ ভাৰত চৰকাৰৰ জৰিয়তে অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ্চল বান মুক্ত হওক এয়াও মোৰ কামনা’’— মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে লোকসভাৰ শূন্যকালত এনেদৰে নিজৰ মত ব্যক্ত কৰে যদিও বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে মৰ্যাদা প্ৰদানৰ কোনো প্ৰয়োজন নাই বুলিহে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অলপতে নতুন দিল্লীত সাংবাদিকৰ আগত সজোৰে মত ব্যক্ত কৰিছিল৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মতে, বানপানী মোকাবিলা কৰাৰ বাবে আমাক পুঁজিৰ প্ৰয়োজন হব পাৰে৷ ৰাস্তা নিৰ্মাণ কৰাৰ বাবে, মাথাউৰি নিৰ্মাণৰ বাবে আমাক পুঁজি লাগে৷ ৰাষ্ট্ৰীয় সমস্যাৰ মৰ্যাদা দিয়াৰ কি আছে? মুঠতে বানপানী প্ৰতিহত কৰিব লাগে৷ কোনো এটা শব্দকলৈ ব্যস্ততা থাকিলে নহব৷ পিছে আজি লোকসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এই স্থিতিৰ বিৰুদ্ধাচাৰণ কৰাহে পৰিলক্ষিত হল সাংসদ দিলীপ শইকীয়াই৷