Logo
image

বাৰ্মিংহামত গুঞ্জৰিত হ’ল নীলোৎপলৰ সুৰ

আমাৰ অসম, ৭ আগষ্টঃ ইংলেণ্ডৰ বাৰ্মিংহামত কমনৱেলথ গেমছত প্ৰতিনিধিত্ব কৰি অসমক  উজ্বলাই তুলিছে হীমা, লাভলীনা, নয়নমণি, শিৱ, তানিয়া, মৃদুল, পপীহঁতে৷ কিন্তু বাৰ্মিংহামত দেশৰ খেলুৱৈসকলৰ উৎসাহিত কৰি অসমক গৌৰান্বিত কৰি তুলিছে আন এজন সংগীত শিল্পীয়ে৷ ‘মাজুলী’ শীৰ্ষক জনপ্ৰিয় গীতৰ গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী নীলোৎপল বৰাৰ এটা থীমছং এতিয়া কমনৱেলথ গেমছত প্ৰতিধবনিত হৈছে৷ কমৱেল্‌থ গেমছত নীলোৎপল বৰাৰ ‘চাব্বাছ’ শীৰ্ষক থীমছংটোৱে দেশৰ খেলুৱৈসকলক সাহস যোগাইছে৷ কমনৱেল্‌থ গেমছত ভাৰতীয় এথলিট সকলক উৎসাহ যোগোৱাৰ নিমিত্তে গুঞ্জৰিত হৈছে ‘চাব্বাছ’ শীৰ্ষক গানটো৷ ভাৰতীয় এথলিটসকলৰ বাবে তেওঁৰ এই গানটো এনথেম হিচাপে বিবেচিত হৈছে৷ ই নি(য়কৈ অসমৰ বাবে গৌৰৱৰ বিষয়৷ নীলোৎপল বৰাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে এই সংবাদটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে৷ খবৰটো বিয়পি পৰাৰ লগে লগেই অজস্ৰজনে শুভকামনা জনাইছে শিল্পীজনক৷ নীলোৎপলৰ ইতিমধ্যেই বহু কেইটা হিন্দী গানে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে৷ TVF’s Yeh Meri Family ৰ Dhaaga, Aspirants : Season 1 ৰ De Mauka Zindagi, Tripling : Season 2 ৰ Ishq Ka Haafiz, Saas Bahu Achaar Pvt. Ltd 1 Boondo Ka Jharna এই গানকেইটা সংগীত প্ৰেমীৰ মুখে মুখে শুনা যায়৷