Logo
image

ফাঁচীবজাৰৰ ব্যৱসায়ীৰ ঘৰত নটিচ ওলোমাই গ’ল মমতাৰ চিআইডিয়ে

আমাৰ অসম, ৮ আগষ্টঃ ঝাৰখণ্ডৰ হৰ্ছট্ৰেণ্ডিং-কাণ্ডৰ শিপা গুৱাহাটীৰ ফাঁচী বজাৰত৷ পশ্চিমবংগ আৰক্ষীয়ে ঝাৰখণ্ডৰ তিনি কংগ্ৰেছ বিধায়কৰ বাহনৰ পৰা নগদ ৪৯ লাখ টকা উদ্ধাৰ কৰা ঘটনাৰ তদন্তৰ বাবে গুৱাহাটীৰ এজন ব্যৱসায়ীক জেৰাৰ বাবে তলব কৰিছে পশ্চিমবংগ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই [চিআইডি]৷ বংগৰ চি আই ডিৰ মুখ্য কাৰ্যালয় ভৱানী ভৱনলৈ তলব কৰি চমন জাৰি কৰা ব্যৱসায়ীজন ফাঁচী বজাৰৰ অশোক ধানুকা বুলি জানিব পৰা গৈছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ঝাৰখণ্ডৰ অ-বিজেপি চৰকাৰ ভাঙিবৰ বাবে গুৱাহাটীত বৈঠক অনুষ্ঠিত কৰি কলকতালৈ উভতি যোৱা ঝাৰখণ্ডৰ তিনি কংগ্ৰেছ বিধায়ক ইৰফান আনচাৰী, ৰাজেশ কাচ্ছপ আৰু নমন বিশাল কাংগাৰিক হাৱালাৰ জৰিয়তে টকা দিছিল কলকাতাৰে মহেন্দ্ৰ আগৰৱালা নামৰ এজন ব্যৱসায়ীয়ে৷ ইয়াৰ পাছতেই ৩০ জুলাইত ঝাৰখণ্ড অভিমুখে ৰাওনা হোৱাৰ সময়তে নগদ ধনসহ পশ্চিমবংগ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল বিধায়ককেইজন৷ এই ঘটনাৰ তদন্ত কৰি বংগ চি আই ডিয়ে প্ৰথমে আটক কৰা ব্যৱসায়ী মহেন্দ্ৰ আগৰৱালাক জেৰা কৰাৰ পাছতেই গুৱাহাটীৰ পাঁচ ব্যৱসায়ী উক্ত ধনৰ লেনদেনত জড়িত থকাৰ কথা স্বীকাৰ কৰে৷ আনকি মহেন্দ্ৰ আগৰৱালাৰ পৰা লাভ কৰা গুৱাহাটীৰ ব্যৱসায়ীৰ ফোন নম্বৰত বংগ আৰক্ষীয়ে যোগাযোগ কৰাৰ চেষ্টা চলোৱাৰ পাছতো কোনো সঁহাৰি লাভ নকৰাত অৱশেষত উক্ত ব্যৱসায়ীৰ সন্ধানত গুৱাহাটীত বাহৰ পাতে চি আই ডিৰ এটা দলে৷ ধৃত ব্যৱসায়ী মহেন্দ্ৰ আগৰৱালাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই দেওবাৰে বংগৰ চি আই ডিয়ে জেৰাৰ বাবে তলব কৰে গুৱাহাটীৰ ফাঁচীবজাৰৰ ব্যৱসায়ী অশোক ধানুকাক৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বংগৰ চি আই ডিৰ এটা দল অশোক ধানুকাক চমন দিবৰ বাবে তেওঁৰ ফাঁচীবজাৰ বাসগৃহত উপস্থিত হৈছিল যদিও আগতীয়াকৈ অসম আৰক্ষীয়ে ধানুকাৰ বাসগৃহ ঘেৰাও কৰি ৰাখে আৰু বংগৰ চি আই ডিৰ দলটোক ঘৰৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰে৷ উপায়ন্তৰ হৈ চি আই ডিয়ে ব্যৱসায়ী ধানুকাৰ বাসগৃহৰ দেৱালত চমন ওলোমাই উভতি যায়৷ বংগ চি আই ডিয়ে অশোক ধানুকাক কাইলৈ অৰ্থাৎ সোমবাৰে পুৱা ১০ বজাত কলকাতাস্থিত বংগ চি আই ডিৰ মুখ্য কাৰ্যালয় ভৱানী ভৱনত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে৷ ঝাৰখণ্ডৰ হৰ্ছট্ৰেণ্ডিং-কাণ্ডক লৈ গুৱাহাটীৰ ব্যৱসায়ীক জেৰাৰ বাবে তলব কৰাৰ কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকা বংগৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ব নে নাই, সেয়া হ’ব লক্ষণীয়৷ ইফালে, ঝাৰখণ্ডৰ বিধায়কৰ বাহনত ধন উদ্ধাৰ হোৱা ঘটনাত বংগ চি আই ডিয়ে জেৰাৰ বাবে তলব কৰা ফাঁচী বজাৰৰ ব্যৱসায়ী অশোক ধানুকা ৰাজনৈতিকভাৱে প্ৰভাৱশালী বুলি অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷