Logo
image

ঠংচিৰ সমৰ্থনত জনমত বাঢ়িছে আয়োজন চাইকেল যাত্ৰাৰো

আমাৰ অসম, ৮ আগষ্টঃ অসম সাহিত্য সভাৰ এগৰাকী সভাপতি হিচাপে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ নাম চৰ্চালৈ অহাৰ পিছতে উৎফুল্লিত হৈ পৰিছে অসমবাসী৷ সকলোৰে এটাই আশা ঠংচিয়ে অসম সহিত্য সভাক এক নতুন গতি দিবলৈ সক্ষম হ’ব৷ তাৰোপৰি অসম অৰুণাচলৰ মাজৰ সমন্বয়ৰ সেতু অধিক সুদৃঢ় হ’ব  ঠংচি যদি অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ পদ অলংকৃত কৰে৷ অৱশ্যে ইয়াৰ মাজতে দুই একে জ্যেষ্ঠ সাহিত্যিকজনৰ বিৰুদ্ধে বিৰূপ মন্তব্য নকৰা নহয়৷ কিন্তু এনে মন্তব্য কৰা প্ৰতিজন লোকে ইতিমধ্যে তীব্ৰ গৰিহণাৰ সন্মুখীন হৈছে বিদ্যৎ সমাজৰ পৰা৷ য়েছে দৰজে ঠংচি অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ আসনত বহুৱাব লাৰে বুলি সামাজিক মাধ্যমত শক্তিশালী জনমত গঢ় লৈ উঠাৰ সময়তে ৰাজ্যৰ এজন সমাজকৰ্মী, সহিত্যপ্ৰেমী তথা সচেতন নাগৰিক আবিদ আজাদে সম্পূৰ্ণ ব্যক্তিগত উদ্যোগত গ্ৰহণ কৰিছে এক অভিনব পদক্ষেপ৷ ‘আমাৰ অসম’ৰ সৈতে হোৱা বাৰ্তলাপৰ সময়ত আজাদে কয়– ঠংচি অসম সাহিত্য সভাৰ সভাপতি হোৱাটো মনে প্ৰাণে কামনা কৰো৷ তেওঁ পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সেতু৷ সেয়ে আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰখি আৰু সাহিত্যিক য়েছে দৰজে ঠংচিৰ প্ৰতি সমৰ্থন জনাই ১৩, ১৪ আৰু ১৫ আগষ্টত অৰুণাচলৰ পাছিঘাটৰ পৰা গুৱাহাটীলৈ এক চাইকেল যাত্ৰাৰ পৰিকল্পনা কৰিছে৷ এইটো হঠাতে হোৱা এক পৰিকল্পনা৷ অসম আৰু অৰুণাচলৰ মাজৰ যি সাহিত্যৰ সেতু সেয়া চিৰস্মৰণীয় কৰাৰ অসমীয়াৰ এয়াই অন্তিমটো সুযোগ বুলি ভাৱো৷’ উল্লেখ্য যে অন্য এজন বন্ধুৰ সৈতে দুয়ো এই চাইকেল যাত্ৰাৰ পৰিকল্পন কৰিছে আবিদ আজাদে৷ পাছিঘাটৰ পৰা চাইকেল চলাই ডিব্ৰুগড়, দেৰগাঁও, নগাঁও হৈ গুৱাহাটীত উপস্থিত হোৱাৰ পৰিকল্পনা কৰা হৈছে৷ শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত নিজৰ এই পৰিকল্পনা সদৰি কৰাৰ পিছতে ব্যাপক সহাৰি লাভ কৰিছে আবিদ আজাদে৷ অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ বাবে সাহিত্যিক য়েছে দৰজে ঠংচিৰ সমৰ্থনত হবলগীয়া এই চাইকেল যাত্ৰাত অংশ ল’ব বিচৰিছে বহু জনে৷ যাত্ৰাপথৰ বিভিন্ন ঠাইত আদৰণি অনুষ্ঠানো অনুষ্ঠিত কৰিব বিচাৰিছে সাহিত্যিক জনৰ অনুৰাগীসকলে৷ এই চাইকেল যাত্ৰাৰ দ্বাৰা অসমবাসীৰ মনত ঠংচিৰ সমৰ্থনত শক্তিশালী জনজাগৰণ সৃষ্টি কৰিব বিচাৰিছে আবিদ আজাদে৷