Logo
image

ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তত মধ্যবিত্তৰ কপালত ভাঁজ

আমাৰ অসম, ৮ আগষ্টঃ মধ্যবিত্ত পৰিয়ালৰ লোকসকলৰ এটাই সপোন– জীৱনটোত মূৰ গুজিবলৈ এটা ঘৰ নিৰ্মাণ বা এটা ফ্লেট ক্ৰয় কৰাৰ৷ কোনো কোনোৱে আকৌ কম মূল্যৰে এখন চাৰিচকীয়া বাহন কিনিব বিচাৰে৷ পিছে এনে সপোন পূৰণ কৰিবলৈ মধ্যবিত্ত লোকসকলে বেংকৰ কাষ চাপিবলগীয়া হয়৷ কিয়নো বেংকৰ ঋণ অবিহনে ঘৰ নিৰ্মাণ, ফ্লেট ক্ৰয় বা গাড়ী কিনাটো সম্ভৱ নহয়৷ বেংকৰ ঋণৰ ধন পৰৱৰ্তী সময়ত সুদে-মূলে তেওঁলোকে উভতাই দিবলগীয়া হয়৷ ইয়াৰ বাবে বেংক কতৃৰ্পক্ষই সৰু সৰু কিস্তিৰ ব্যৱস্থা কৰি দিয়ে৷ কিন্তু শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপোৰেট বঢ়োৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে, তাৰ ফলত মধ্যবিত্ত লোকসকলৰ সপোন পূৰণ হোৱাটো সহজ নহ’ব৷ কিয়নো ৰেপোৰেট বঢ়োৱাৰ লগে লগে বেংকৰ পৰা লোৱা ঋণৰ সুদৰ পৰিমাণ পূৰ্বতকৈ বহু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ উল্লেখ্য যে সুদৰ হাৰ অনুসৰি ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহক যি ঋণ প্ৰদান কৰে তাক ৰেপোৰেট বুলি কোৱা হয়৷ আনহাতে অন্যান্য বেংকৰ পৰা যি সুদৰ হাৰত ৰিজাৰ্ভ বেংকে ঋণ লয় তাক ৰিভাৰ্ছ ৰেপোৰেট বুলি কোৱা হয়৷ দেশত যেতিয়াই মুদ্ৰাস্ফীতি বাঢ়িবলৈ ধৰে তেতিয়াই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপোৰেট বৃদ্ধি কৰে৷ ইয়াৰ ফলত মুদ্ৰাস্ফীতি কিছু নিয়ন্ত্ৰণলৈ আহে বুলি ধাৰণা কৰা হয় যদিও সাধাৰণ নাগৰিকৰ ওপৰত মাধমাৰ পৰে৷ শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে ৰেপোৰেট ৫০ বেছিচ পইণ্ট বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ফলত নতুন ৰেপোৰেট ৪.৯০ শতাংশৰ পৰা বৃদ্ধি পাই ৫.৪০ শতাংশ হৈছে৷ ইয়াৰ পূৰ্বে যোৱা মে’ আৰু জুন মাহতো ৰিজাৰ্ভ বেংকে ৰেপোৰেট বৃদ্ধি কৰিছিল৷