ৰাম নৌওপজোতে ৰামায়ণ! মুক্তিৰ পূৰ্বেই আমিৰৰ ছবিক লৈ দেশ দুভাগ
আমাৰ অসম, ৮ আগষ্টঃ মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বলীউডৰ এখন ছবি৷ ছবিখনৰ নাম লাল সিং চাড্ডা৷ ১১ আগষ্টত মুক্তি পাবলগীয়া বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ অভিনীত ছবিখন এতিয়া বয়কটৰ দাবীত ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং আৰম্ভ হৈছে৷ নেট দুনীয়াত ছবিখনৰ বয়কটৰ দাবী উঠাৰ অন্যতম কাৰণ হৈছে লাল সিং চাড্ডাৰ ভূমিকাত অভিনয় কৰা অভিনেতা আমিৰ খান৷ হলীউডৰ বিখ্যাত ছবি ‘ফৰেষ্ট গ্ৰাম্প’ক হিন্দীত লাল সিং চাড্ডা নামকৰণেৰে নিৰ্মাণ কৰিছে আমিৰ খানে৷ ১৯৯৪ চনত নিৰ্মীত হলীউডৰ এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল টম হংক্ছে৷ তাৎপৰ্যপূৰ্ণভাৱে আমিৰ খানৰ এই নতুন ছবিখন মুক্তিৰ পূৰ্বে নেটিজেনে সামাজিক মাধ্যমত অভিনেতাজনক দেশদ্ৰোহী সজাই ছবিখন বয়কটৰ ব্যাপক প্ৰচাৰ চলাইছে৷ আমিৰ খানৰ সৈতে সহ অভিনেত্ৰী হিচাপে কৰিণা কাপুৰে অভিনয় কৰা ছবিখন বয়কটৰ আহ৩ানৰ টুইটাৰ ট্ৰেণ্ডিঙত বিজেপি আৰু হিন্দুত্বপন্থী সংগঠনৰ নেতা-কৰ্মীয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰা দেখা গৈছে৷ অভিনেতা আমিৰ খানে ধৰ্মীয় অসহিষ্ণুতাক লৈ পূৰ্বতে কৰা মন্তব্যৰ বাবেই একাংশই অভিনেতাজনৰ নতুন ছবিখন বয়কটৰ আহ৩ান জনোৱা বুলি চৰ্চা লাভ কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিয়াৰ সময়তো ভাৰতক বিভিন্ন চিনেমাৰে উদ্বুদ্ধ কৰি তোলা আমিৰ খানে নিজকে দেশদ্ৰোহী নহয় বুলি দাবী কৰি হাতজোৰ কৰি প্ৰমাণ দিবলগীয়া হৈছে৷ বিতৰ্কত সোমাই পৰা চিনেমাখনৰ কাহিনীটো এনেধৰণৰ– শৈশৱৰ পৰাই মানসিকভাৱে কিছু বাধাগ্ৰস্ত আছিল লাল সিং৷ এই সমস্যাৰ বাবে প্ৰায়ে তেওঁ বন্ধুবৰ্গৰ মাজত লাঞ্ছিত আৰু অৱহেলিত হৈছিল৷ অৱশ্যে লাল সিঙৰ মাক আছিল তেওঁৰ বাবে সাহস আৰু প্ৰেৰণা উৎস৷ মাকেই লাল সিঙক মানসিকভাৱে শক্তিশালী হৈ আন মানুহৰ দৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল৷ পঢ়ি থকা সময়ত এখন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল তেওঁ পঢ়া বিদ্যালয়খনত৷ কিন্তু তাত লাল সিঙক ভাগ ল’বলৈ দিয়া হোৱা নাছিল৷ লাল সিঙৰ বন্ধু গুৰপ্ৰীতে ইয়াত অংশ লৈছিল৷ কিন্তু খেলৰ মাজতে গুৰপ্ৰীতে পৰি দুখ পাইছিল আৰু লালসিঙে বন্ধুৰ দুখ সহ্য কৰিব নোৱাৰি দৌৰি গৈ তেওঁক সহায় কৰিছিল আৰু সেই প্ৰতিযোগিতাত জয়ী হৈছিল গুৰপ্ৰীত৷ সেইদিনাই লালসিঙৰ প্ৰতি থকা মানসিকতা সলনি হৈছিল শিক্ষক আৰু লালসিঙৰ বন্ধু সমাজৰ৷ ইয়াৰ পাছত লাল সিঙে কলেজত অধ্যয়ন কৰিবলৈ গ’ল৷ কলেজতো তেওঁ অকলশৰীয়াকৈয়ে দিনবোৰ পাৰ কৰিবলগীয়া হৈছিল৷ কলেজৰ অন্তিম বৰ্ষত আৰ্মিত নিয়োজিত হোৱাৰ সুযোগ পাইছিল লাল সিঙে৷ লালৰ লগতে তেওঁৰ পুৰণি বন্ধু গুৰপ্ৰীতেও আৰ্মিত যোগদান কৰিছিল৷ কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ত ভাৰত আৰু পাক সেনাৰ মাজত হোৱা আক্ৰমণ-প্ৰত্যাক্ৰমণত তেওঁৰ আন সহকৰ্মীসকলৰ লগতে বন্ধু গুৰপ্ৰীতেও প্ৰাণ হেৰুৱাইছিল৷ গুৰপ্ৰীতক হেৰুৱাই মানসিকভাৱে ভাগি পৰা লাল সিঙে গাঁৱত গুৰপ্ৰীতৰ নামত এখন মিঠাইৰ দোকান খুলিছিল৷ কাৰণ আছিল গুৰপ্ৰীতে আৰ্মিত থকাৰ সময়ত চাকৰি এৰি মিঠাইৰ দোকান খোলাৰ সপোনৰ কথা প্ৰকাশ কৰিছিল লাল সিঙৰ আগত৷ ইফালে, সেই সময়তে লাল সিঙৰ মাকৰ কেন্সাৰ ৰোগত মৃত্যু হৈছিল৷ ইফালে, লাল সিঙৰ এসময়ৰ প্ৰেমিকা ছিমৰণ নামৰ ছোৱালীজনীয়ে মুম্বাইত গয়িকা হ’বলৈ গৈ বিফল হোৱাত আত্মহত্যাৰ দৰে কঠোৰ সিন্ধান্ত ল’ব খুজিছিল৷ লাল সিঙে খবৰটো পাই ছিমৰণক নিজৰ কৰি লোৱাৰ সিন্ধান্ত ল’লে৷ কিন্তু লাল সিঙে ছিমৰণৰ এটা সন্তান থকাৰ কথা জানিব পাৰিলে আৰু লগতে সেই সন্তানটোৰ পিতৃ লাল সিঙেই বুলি জনালে ছিমৰণে৷ লাল সিঙে ছিমৰণ আৰু পুত্ৰ সন্তানক লগত লৈ নতুনকৈ জীৱন আৰম্ভ কৰিলে যদিও অৱশেষত ৰোগাক্ৰান্ত হৈ মৃত্যুক সাৱটিলে ছিমৰণে৷ চলচ্ছিত্ৰখনত লাল সিঙৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে কৰীণা কাপুৰে৷ কিন্তু এই চিনেমাখন বয়কট কৰাৰ মূল কাৰণ হিচাপে অভিনেতা আমিৰ খানে সনাতন ধৰ্মক অপমান কৰাৰ অভিযোগ উঠিছে৷ টুইটাৰত বিভিন্নজনে আমিৰ খানে পূৰ্বতে এবাৰ শিৱলিংগত গাখীৰ ঢলাতকৈ দুখীয়া মানুহক এসাজ খাবলৈ দিয়া উচিত বুলি মন্তব্য কৰাৰ অভিযোগ কৰি আমিৰ খানৰ ছবি চোৱাতকৈ দুখীয়াক এসাজ খোৱাত খৰচ কৰাই ভাল বুলিও সমালোচনা কৰিছে৷ কোনো কোনোৱে আকৌ ১০১৫ চনৰ আমিৰ খান আৰু তেওঁৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ এটা ভিডিঅ’ ভাইৰেল কৰিছে৷ য’ত তেওঁলোকে অসহিষ্ণুতাৰ বাবে ভাৰতত থাকিব নোৱৰা পৰিৱেশৰ উদ্ভৱ হোৱা বুলি কোৱা দেখা গৈছে৷ সেই অভিযোগতে নেটিজেনে আমিৰ খানক দেশদ্ৰোহী অভিহিত কৰি লাল সিং চাড্ডা বয়কটৰ আহ্বান জনাইছে৷ আনহাতে, এই বিতৰ্কৰ মাজতে মুখ্য অভিনেত্ৰী কৰিণা কাপুৰেও আমি কাকো জোৰ কৰা নাই, যিসকলৰ মন আছে, তেওঁলোকে চাব পাৰিব বুলি মন্তব্য কৰিছিল৷ এই বক্তব্যক ক্ষোভ উজাৰি নেটিজেনসকলে কৰিণা কাপুৰে পূৰ্বে ‘মই নিজৰ চিনেমা নিজেই নাচাও’ বুলি কোৱা এটা ভিডিঅ’ ভাইৰেল কৰি লাল সিঙক বয়কটৰ আহ্বান জনাইছে৷ ইফালে, নেটিজেনসকলৰ সুৰতে সুৰ মিলাই আমিৰ খানক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিতৰ্কিত বলীউড অভিনেত্ৰী কংগনা ৰানাৱটে৷ অভিনেত্ৰী কংগনাই লাল সিং চাড্ডা বয়কটৰ আহ৩ানৰ আঁৰত আমিৰ খানৰ প্ৰচাৰৰ কৌশল বুলি মন্তব্য কৰে৷ টুইটাৰত কংগনাই লিখিছে– ‘হিন্দু-মুছলমান কৰি লাভ নাই৷ ভাৰতক ধৰ্মীয় অসহিষ্ণু দেশ বুলি অভিহিত কৰাৰ পাছতো আমিৰ খানৰ হিন্দু দেৱ-দেৱী বিদ্বেষী ‘পি কে’ৰ দৰে ছবি হিট হৈ পৰিছিল৷’ লক্ষণীয়ভাৱে এই বিতৰ্কৰ পাছতেই আমিৰ খানে তেওঁ নিজকে দেশদ্ৰোহী নহয় বুলি দাবী কৰি লাল সিং চাড্ডা চাবলৈ দৰ্শকসকলক অনুৰোধ জনাইছে৷ এই সন্দৰ্ভত তেওঁ কয়– ‘মোক ভাৰতবিদ্বেষী বুলি যদি ভাবিছে, কিন্তু সেয়া ভুল ধাৰণা৷ মোৰ অন্তৰত নিজ দেশৰ প্ৰতি কোনো বিদ্বেষ ভাৱ নাই৷’ আমিৰ খানে দেশৰ জনতাক চলচ্ছিত্ৰখন বয়কট নকৰি উপভোগ কৰিবলৈ আহ৩ান জনাইছে৷ চলচ্ছিত্ৰখনৰ নিৰ্মাণ ব্যয় আছিল ১৮০ কোটি৷ আমিৰ খান প্ৰডাকচনৰ সৌজন্যত নিৰ্মিত এই চলচ্ছিত্ৰখন সম্পূৰ্ণ হাস্যৰসেৰে পৰিপূৰ্ণ আৰু পৰিয়ালৰ উপভোগ্য ছবি বুলি প্ৰকাশ কৰিছে চলচ্ছিত্ৰ সমালোচকে৷ লক্ষণীয়ভাৱে লাল সিং চাড্ডাৰ মুক্তিলৈ মাজত চাৰিটা দিন বাকী থকা অৱস্থাত বক্স অফিচত তোলপাৰ লগাইছে আমিৰখান অভিনীত ছবিখনে৷ বক্স অফিচত অগ্ৰিম টিকট বিক্ৰী কৰি এতিয়ালৈ প্ৰায় জ্জ্ব কোটি টকা উপাৰ্জন কৰিছে লাল সিং চাড্ডাই৷ ইফালে, ১১ আগষ্টৰ একেটা দিনতে অক্ষয় কুমাৰ অভিনীত ‘ৰক্ষা বন্ধন’ ছবিখনো মুক্তি পাব৷ অৱশ্যে ‘ৰক্ষা বন্ধন’ ছবিখনে বক্স অফিচত বৰ্তমানলৈ মাত্ৰ ৩ কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷






