Logo
image

গড্‌ছে দেশপ্ৰেমী! শিশুহঁতক প্ৰশ্ন দি পানী জুখি চালে হিন্দুত্ববাদীয়ে

আমাৰ অসম, ৮ আগষ্টঃ নাথুৰাম গডছেক দেশবাসীৰ সন্মুখত নতুনকৈ পৰিচয় কৰাই দিয়াৰ নিশ্চয় কোনো প্ৰয়োজন নাই৷ দেশবাসীৰ বাবে গড্‌ছেৰ এটাই পৰিচয়– তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰিছিল৷ কেৱল হত্যা কৰাই নহয়, এই নৃশংস কাৰ্যৰ সমৰ্থনত যুক্তিও দাঙি ধৰিছিল গড্‌ছেই৷ যাৰ ফলত দীৰ্ঘদিন ধৰি দেশবাসীৰ মনত গড্‌ছে হৈ আছে এজন কলংকিত লোক৷ কিন্তু কট্টৰ হিন্দুত্ববাদী গড্‌ছেক কেন্দ্ৰ কৰি শেহতীয়াভাৱে যথেষ্ট সক্ৰিয় হৈ পৰিছে একাংশ হিন্দুত্ববাদী দল-সংগঠন আৰু তেওঁলোকৰ নেতা-কৰ্মী৷ আনকি গড্‌ছে সন্দৰ্ভত দীৰ্ঘ সময় ধৰি দেশবাসীৰ মনত থকা বিৰূপ মনোভাব এতিয়া কি পৰ্যায়ত আছে তাক জুখি চাবলৈ পৰোক্ষভাৱে বিভিন্ন পন্থা আৰু কৌশল অৱলম্বন কৰিছে কিছু হিন্দুত্ববাদী দল-সংগঠন আৰু ব্যক্তি বিশেষে৷ এই ক্ষেত্ৰত যুৱ প্ৰজন্ম আৰু কিশোৰ-কিশোৰীক লক্ষ্য কৰি লোৱা হৈছে৷ অতি সাৱধানে আৰু কৌশলপূৰ্ণভাৱে যুৱ প্ৰজন্মৰ মাজত গড্‌ছে সন্দৰ্ভত ধনাত্মক চিন্তা-চৰ্চা বিয়পাই দিয়াৰ বাবে তেওঁলোকে চেষ্টা চলাই আছে৷ এই দীঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে মুকলি কৰা হৈছে বিভিন্ন ইউটিউব চেনেল, য’ত পৰিকল্পিতভাৱে প্ৰচাৰ চলোৱা হৈছে নাথুৰাম গড্‌ছেৰ গুণ-গৰিমাৰ৷ তেওঁক জনপ্ৰিয় আৰু গ্ৰহণযোগ্য কৰি তোলাৰ বিশেষ আয়োজন চলিছে৷ ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে অ’টিটি প্লেটফৰ্মৰ দৰে জনপ্ৰিয় মাধ্যমো৷ নাথুৰাম গড্‌ছে সন্দৰ্ভত যুৱ প্ৰজন্মৰ, ছাত্ৰ-ছাত্ৰীসকলৰ ধাৰণা কি সেই কথাৰ উমান লোৱাৰ উদ্দেশ্যে কৌশলেৰে কাম কৰি আছে একাংশ হিন্দুত্ববাদী সংগঠনে৷ সমগ্ৰ দেশতে অতি সংগোপনে চলি থকা এনে পৰিকল্পিত অভিযানৰ অংশৰূপে ‘য়ুথ ইণ্ডিয়া ফাউণ্ডেশ্বন’ আৰু ‘হিন্দু জাগৰণ, অসম’ নামৰ সংগঠন দুটাই দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা ‘অমৃত মন্থন প্ৰশ্নমালা’ প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলক সোধা হৈছে নাথুৰাম গড্‌ছে সন্দৰ্ভত এক বিতৰ্কিত প্ৰশ্ন৷ হিন্দু জাগৰণ, অসমৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত ইতিমধ্যে অনুষ্ঠিত হৈছে এনে প্ৰতিযোগিতা৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা প্ৰতিযোগিতাৰ প্ৰশ্নত সন্নিৱিষ্ট কৰা হৈছে নাথুৰাম গড্‌ছে সম্পৰ্কীয় প্ৰশ্ন৷ এনে এটা প্ৰশ্নত সোধা হৈছে– ‘নাথুৰাম বিনায়ক গড্‌ছে দৰাচলতে কেনে আছিল?’ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিয়া হৈছে চাৰিটা বিকল্প উত্তৰ৷ ইয়াৰে প্ৰথমটো সন্ত্ৰাসবাদী, দ্বিতীয়তো দেশপ্ৰেমিক, তৃতীয়টো হত্যাকাৰী আৰু চতুৰ্থটো ৰাষ্ট্ৰনেতা৷ কোমল বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব৷ দৰাচলতে এনেধৰণৰ প্ৰশ্নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মনৰ অৱস্থাৰ  বুজ লোৱাৰ চেষ্টা চলোৱা হৈছে– হিন্দুত্ববাদী সংগঠনৰ দ্বাৰা৷ ‘নাথুৰাম গডছে দৰাচলতে কোন আছিল?’ এই প্ৰশ্নটো ছাত্ৰ-ছাত্ৰীক সোধাটোৱেই যুক্তিসংগত নহয়৷ সমগ্ৰ দেশবাসীয়ে গড্‌ছেক মহাত্মা গান্ধীৰ হত্যাকাৰীৰূপে জানে৷ প্ৰশ্নটোত যি চাৰিটা বিকল্প উত্তৰ দিয়া হৈছে তাত দেশপ্ৰেমিক বা ৰাষ্ট্ৰনেতা শব্দ দুটা উল্লেখ কৰাটো কাৰ্যতঃ উদ্দেশ্যপ্ৰণোদিত৷ য়ুথ ইণ্ডিয়া ফাউণ্ডেশ্বন আৰু হিন্দু জাগৰণ, অসম নামৰ সংগঠন দুটাই যৌথভাৱে অসমৰ বিদ্যালয়সমূহৰ শিশু-কিশোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অব্যাহত ৰখা নাথুৰাম গড্‌ছে সন্দৰ্ভত এনে পৰীক্ষা-নিৰীক্ষাক কেন্দ্ৰ কৰি ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সচেতন মহলে ইতিমধ্যে এই কথা ভালদৰে বুজি পাইছে যে এনেধৰণৰ প্ৰশ্ন আৰু কাম-কাজৰ জৰিয়তে হিন্দুত্ববাদ আৰু নাথুৰাম গড্‌ছে আদি প্ৰসংগত পানী কিমান তললৈ বা ওপৰলৈ গৈছে সেয়া জুখি চাব খুজিছে হিন্দুত্ববাদী সংগঠনে৷