Logo
image

সংখ্যালঘু পৰিচয় হেৰুৱাব মুছলমান, খ্ৰীষ্টানে

জিলা নহয়, ৰাজ্যৰ ভিত্তিতহে সংখ্যালঘু চিনাক্ত

আমাৰ অসম, ৯ আগষ্টঃ জিলা ভিত্তিত কোনো এটা সম্প্ৰদায়ক সংখ্যালঘু হিচাপে স্বীকৃতি দিয়াটো আইনৰ পৰিপন্থী৷ সেয়া লাগিলে ধৰ্মীয় সংখ্যালঘুৱে হওক বা ভাষিক সংখ্যালঘুৱে হওক৷ কোনো এটা সম্প্ৰদায়ক সংখ্যালঘুৰ স্বীকৃতি ৰাজ্যিক ভিত্তিতহে দিব পৰা যায়৷ এই স্পষ্ট নিৰ্দেশনা উচ্ছতম ন্যায়ালয়ৰ৷ সোমবাৰে ন্যায়াধীশ ইউ ইউ ললিত আৰু এছ ৰবিন্দ্ৰ ভাটৰে গঠিত খণ্ড বিচাৰপীঠে এই নিৰ্দেশনা দিয়ে৷ উল্লেখ্য যে মথুৰাৰ দেবকীনন্দন ঠাকুৰ নামৰ লোক এজনে উচ্ছতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ওপৰত শুনানীলৈ খণ্ড বিচাৰপীঠে স্পষ্ট কৰি দি কয় যে সংখ্যালঘুৰ স্বীকৃতি ৰাজ্যিক ভিত্তিতহে হ’ব৷ জিলা ভিত্তিত নহ’ব৷ সামাজিক-অৰ্থনৈতিক, ৰাজনৈতিক আৰু সংখ্যাগতভাৱে দুৰ্বল বহু ৰাজ্যত হিন্দুক সংখ্যালঘু হিচাপে ঘোষণা নকৰা বুলি ন্যায়ালয়ৰ ওচৰত অভিযোগ কৰিছিল আবেদনকাৰী ঠাকুৰে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০০২ চনত উচ্ছতম ন্যায়ালয়ৰ ১১ জন ন্যায়াধীশৰ দ্বাৰা গঠিত বিচাৰপীঠে সংখ্যালঘুৰ স্বীকৃতি ৰাজ্যিক ভিত্তিত হ’ব লাগিব বুলি ৰায়দান কৰিছিল৷ লগতে বিচাৰপীঠে আৰু স্পষ্ট কৰি দিয়ে যে কোনো এখন ৰাজ্যত যিটো সম্প্ৰদায়ক ভাষিক বা ধৰ্মীয় সংখ্যালঘু হিচাপে ঘোষণা কৰা হয় সেই সম্প্ৰদায়টোৰ নিজৰ শিক্ষা প্ৰতিষ্ঠানত চলোৱাৰ অধিকাৰ আছে৷ ১৯৯৩ চনৰ ২৩ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, পাৰ্চী আৰু জৈন সম্প্ৰদায়ক ৰাষ্ট্ৰীয় পৰ্যায়ত সংখ্যালঘুৰ মৰ্যদা প্ৰদান কৰি নিৰ্দেশনা জাৰি কৰিছিলে৷ আবেদনকাৰীয়ে এই নিৰ্দেশনা প্ৰত্যাহাৰৰ আবেদন জনাই কয় যে লাদাখত হিন্দুৰ জনসংখ্যা ১ শতাংশ, মিজোৰামত ২.৭৫ শতাংশ, লাক্ষাদ্বীপত ২.৭৭ শতাংশ, কাশ্মীৰত ৪ শতাংশ, নাগালেণ্ডত ৮.৭৪ শতাংশ, মেঘালয়ত ১১.৫২ শতাংশ, অৰুণাচলত ২৯ শতাংশ, পাঞ্জাবত ৩৮.৪৯ শতাংশ আৰু মণিপুৰত ৪১.২৯ শতাংশ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে আজি পৰ্যন্ত এই ৰাজ্যসমূহত হিন্দুক সংখ্যালঘু হিচাপে ঘোষণা কৰা নাই৷ ইয়াৰ বিপৰীতে লাক্ষাদ্বীপৰ ৯৬.৫৮ শতাংশ, কাশ্মীৰৰ ৯৫ শতাংশ আৰু লাদাখৰ ৪৬ শতাংশ লোক মুছলিম হোৱাৰ পিছতো এই ৰাজ্যসমূহত মুছলমান আজিও সংখ্যালঘুৰ মৰ্যদা পাই আহিছে৷ ঠিক তেনেদৰে নাগালেণ্ডৰ ৮৮.১০ শতাংশ, মিজোৰামৰ ৮৭.১৬ শতাংশ আৰু মেঘালয়ৰ ৭৪.৫৯ শতাংশ লোক খ্ৰীষ্টান হোৱাৰ পিছতো তেওঁলোকে এই ৰাজ্যসমূহত সংখ্যালঘুৰ মৰ্যদা লাভ কৰি আছে৷ ন্যায়াধীষদ্বয়ৰ স্পষ্টমত মিজোৰাম বা কাশ্মীৰত যদি হিন্দুক সংখ্যালঘুৰ মৰ্যদা দিয়াৰ ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰা হৈছে তেন্তে বিষয়টো আমি বিবেচনা কৰি চাব পাৰে৷ কিন্তু কোনো ধৰণৰ নিৰ্দিষ্ট তথ্য প্ৰমাণ নপোৱা পৰ্যন্ত এই বিষয়ত আমি একো কৰিব নোৱাৰো৷ উল্লেখ্য যে কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও জিলা ভিত্তিত কোনো এটা সম্প্ৰদায়ক সংখ্যালঘুৰ স্বীকৃতি দিয়াৰ প্ৰসংগ সাজেৰে উত্থাপন কৰিছিল৷ উচ্ছতম ন্যায়ালয়ে কোৱাৰ দৰে যদি অদুৰ ভৱিষ্যতে ৰাজ্যিক ভিত্তিত সংখ্যালঘুৰ স্বীকৃতি প্ৰদান কৰা হয় তেন্তে দেশৰ ৯ খন ৰাজ্যত হিন্দুৱে সংখ্যালঘুৰ স্বীকৃতি লাভ কৰাটো নিশ্চিত৷ তেনে ক্ষেত্ৰত একাংশ ৰাজ্যত মুছলমান আৰু খ্ৰীষ্টানে বৰ্তমানে লাভ কৰি থকা সংখ্যালঘুৰ মৰ্যদা হেৰুৱাবলগীয়া হ’ব পাৰে৷ কাৰণ এই সম্প্ৰদায়সমূহে ১৯৯৩ চনৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰিহে সংখ্যালঘুৰ মৰ্যদা লাভ কৰি আছে৷