Logo
image

বোলব’ম ‘অপসংস্কৃতি’ত উত্যক্ত সাধাৰণ ৰাইজ

ঘনে ঘনে অঘটন, উদ্ভণ্ডালিও

আমাৰ অসম, ৯ আগষ্টঃ ক্ৰমাৎ যেন অসমীয়া সমাজ জীৱনত শাওণ মাহৰ প্ৰাসংগিকতা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পাইছে ভাদৰ মাহৰ ব্যস্ততা৷ কিছুদিন আগলৈ ভাদৰ মাহ পৰিলেই অধিকাংশ অসমীয়া লোক ব্যস্ত হৈ পৰিছিল নাম প্ৰসংগক লৈ? নামঘৰে নামঘৰে দেখিবলৈ পোৱা গৈছিল সীমাহীন ব্যস্ততা৷ গাঁৱে গাঁৱে বিৰাজ কৰিছিল উদুলি-মুদুলি পৰিৱেশ৷ মহাপুৰুষ দুজনাৰ তিথিক কেন্দ্ৰ কৰি জাক জমকতাৰে অনুষ্ঠিত হৈছিল বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ য’ত যুৱক প্ৰজন্মৰ যোগদান অপৰিহাৰ্য আছিল৷ কিন্তু শেহতীয়াভাৱে যেন অসমীয়া সমাজ জীৱনলৈ ব্যাপক পৰিৱৰ্তন আনিলে শাওণ মাহত অনুষ্ঠিত ব’লবোমৰ দৰে ধৰ্মীয় অনুষ্ঠানে ৷ শাওণ মাহৰ সোমবাৰে শিৱৰ আৰাধনা বিশেষভাৱে কৰা হয়৷ দেওবাৰে নিশা নিৰ্দিষ্ট স্থানৰ পৰা পানী আিন সোমবাৰে শিৱলিংগত এই পানী ঢালে শিৱভক্তসকলে৷ এই সমগ্ৰ প্ৰক্ৰিয়াটো ব’লবোম হিচাপে শেহতীয়াভাৱে অসমীয়া সমাজ জীৱনতো প্ৰচুৰ জনপ্ৰিয় হৈ পৰিছে৷ বহুতে শাওণ মাহৰ সোমবাৰে উপবাসে থাকি শিৱৰ আৰাধনা কৰে৷ বহুতে আকৌ ব’লবোমলৈ যায়৷ কিন্তু বলবোমক কেন্দ্ৰ কৰি কেৱল নগৰ-চহৰতে নহয় গাঁৱে-ভূঞে একাংশ লোকৰ দৌৰাত্ম্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ উচ্ছস্বৰত সংগীত বজাই নিশাৰ ৰাজপথত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰা আজিৰ তাৰিখত বলবোমৰ অন্যতম পৰিচয় হৈ পৰিছে৷ নিশা শিৱ আৰাধনাৰ নামত আজিৰ তাৰিখত বলবোমত অংশ লোৱা অধিকাংশ যুৱক-যুৱতীয়ে সৃষ্টি কৰে অবাঞ্চিত পৰিৱেশ পৰিস্থিতিৰ৷ হিন্দী গানৰ তালে তালে   ৰাজপথত একাংশ শিৱভক্তই পৰিৱেশন কৰে উদ্দম নৃত্য৷ যাৰ ফলত এতিয়া বলবোমৰ সৈতে থকা আধ্যাত্মিকতা একপ্ৰকাৰ নাটকীয়া হৈ পৰিছে৷ বলবোমত অংশ লোৱা বহু লোক ইতিমধ্যে দুৰ্ঘটনাৰো সন্মুখীন হৈছে৷ কিছুদিন পূৰ্বে কোচ বিহাৰত ১০ জনকৈ বলবোম যাত্ৰী নিহত হয় বিদ্যুৎ স্পৃষ্ট হৈ৷ এইসকল বলবোম  যাত্ৰী যিখন গাড়ীৰে গৈ আছিল তাত থকা ডি জে চেট গাড়ীখনৰ বেটাৰীৰ সৈতে সংযোগ হৈ গোটেই গাড়ীখন বিদ্যুৎস্পৃষ্ট হয়৷ তাৰ ফলত থিতাতে নিহত হয় ১০ জনকৈ লোক৷ দেওবাৰে নিশা গুৱাহাটীৰ বেলতলাত দুই ব’লবোম বাইক আৰোহী তীব্ৰ বেগেৰে বাইক চলোৱাৰ ফলত  ফলত দুৰ্ঘটনাত পতিত হয়৷ এই দুৰ্ঘটনাত অন্য দুজন বলবোম যাত্ৰীও গুৰুতৰভাৱে আহত হয়৷ যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰৰ সন্মুখত দেওবাৰে নিশা একাংশ বলবোম যাত্ৰী হিন্দী গানৰ তালে তালে উদ্দাম নৃত্য কৰি অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰে৷  এতিয়া যেন বলবোমৰ সৈতে আধ্যত্মিকতাৰ সময়ত প্ৰায় নাইকীয়া হৈ পৰিছে৷ বলবোমত অংশ লোৱা একাংশ লোকৰ দৌৰাত্ম্যৰ ফলত নিশাৰ ৰাজপথ সম্পূৰ্ণৰূপে অসুৰক্ষিত হৈ পৰে৷ ৰাজপথত চলাচল কৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হয়৷ অতি উচ্ছ স্তৰত সংগীত বজোৱাৰ ফলত নিশা বহু লোক উজাগৰে কটাবলগীয়া হয়৷ অথচ কিছুদিন পূৰ্বতে অসমৰ সমাজ জীৱনৰ সৈতে বলবোমৰ মুঠে পৰিচয় ঘটা নাছিল৷

ঢেকীয়াখোৱা নামঘৰৰ তোৰণৰ তলত বোলব’ম যাত্ৰীৰ উদ্দাম নৃত্য

যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰৰ ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলত থকা বুলনি চ’ৰাৰ তোৰণৰ তলত শনিবাৰে নিশা একাংশ ব’ল বম যাত্ৰীয়ে উদ্দাম নৃত্য কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ অসমত ভক্তি ধৰ্মৰ অন্যতম প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত ঐতিহাসিক নামঘৰটোৰ তোৰণত এনেদৰে উচ্ছ স্বৰত শব্দ যন্ত্ৰ বজাই উদ্দাম নৃত্য কৰাৰ ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ স্থানীয় সূত্ৰই জনোৱা মতে, শনিবাৰে মাজনিশা যোৰহাটৰ দিশৰ পৰা শিৱসাগৰ অভিমুখে ৰাওনা হোৱা এখন গাড়ী ঢেকীয়াখোৱা নামঘৰৰ ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা তোৰণৰ তলত ৰখাই উচ্ছ স্বৰত ডি জে বজাবলৈ আৰম্ভ কৰে আৰু কেইবাজনো লোকে গানৰ তালে তালে উদ্দাম নৃত্য কৰে৷ ইমানেই উচ্ছ প্ৰাবল্যত শব্দ যন্ত্ৰ বজায় যে নিকটৱৰ্তী লোকসকলৰ নিদ্ৰা ভংগ হয়৷ কোনো লোকে ওলাই আহি আঁতৰৰ পৰা এই কাৰ্য প্ৰত্যক্ষ কৰে যদিও তেওঁলোকৰ কাণ্ড-কাৰখানা দেখি প্ৰতিবাদ কৰিবলৈ সাহস নহ’ল৷ ইফালে কিছু নিলগৰ পৰা এই দৃশ্য কোনো লোকে ম’বাইল যোগে ৰেকৰ্ডিং কৰে আৰু এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীন কলিতাই সংবাদ মাধ্যমক কয়, ‘‘আমি সকলো ধৰ্মকে শ্ৰদ্ধা কৰোঁ৷ কিন্তু ঐতিহাসিক নামঘৰৰ তোৰণৰ তলত কিছুমান লোকে তাণ্ডৱ নৃত্য কৰাৰ দৃশ্য দেখিবলৈ পাইছোঁ৷ এনে কাৰ্য বন্ধ কৰিব লাগে৷ নামঘৰ ভাগৰ ঐতিহ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সকলোকে সহযোগিতা কৰিবলৈ অনুৰোধ জনালোঁ৷’’ ইফালে স্থানীয় লোকসকলেও ঐতিহ্যমণ্ডিত নামঘৰ ভাগিৰ তোৰণৰ তলত এনেদৰে উদ্দাম নৃত্য কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে৷ আনকি সামাজিক মাধ্যমত এই উদ্দাম নৃত্যৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পাছত বিভিন্ন স্তৰৰ লোকে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ব’ল বমৰ নামত উদ্ভণ্ডালি বন্ধ কৰিবলৈ দাবী জনাইছে৷ উল্লেখ্য, পূৰ্বে ভক্তসকলে শাওণ মাহৰ প্ৰতি সোমবাৰে পুৱা নদীৰ ঘাটৰ পৰা সংগ্ৰহ কৰা পৱিত্ৰ পানী ‘কাঁৱৰ’ত ভাৰ লৈ শাৰীপাতি শান্তিপূৰ্ণভাৱে ‘ব’ল বম’ ধবনি দি  শিৱমন্দিৰলৈ যাত্ৰা কৰিছিল৷ বিশেষকৈ উজনি অসমত শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’ল আৰু দেৰগাঁৱৰ সমীপৰ নেঘেৰিটিঙৰ শিৱ দ’ল এনেদৰে সোমবাৰে পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰে৷ তেওঁলোকে কঢ়িয়াই নিয়া পৱিত্ৰ জল শিৱ লিংগত অৰ্পণ কৰি ভগৱান শিৱক আৰাধনা কৰে৷ কিন্তু কেইবছৰমানৰ আগৰে পৰা নতুন পৰম্পৰা আৰম্ভ হৈছে৷ ব’ল বমৰ নামত এক-দুই দিন আগৰে পৰা ব্যাপক উৎসাহ পৰিলক্ষিত হয়৷ আনহাতে ভক্তিৰ ঠাইত উদ্ভণ্ডালি আৰম্ভ হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ একাংশই যান-বাহনত শব্দ যন্ত্ৰ লৈ ভক্তিমূলক গীত অথবা শিৱৰ জয়ধবনিৰ ঠাইত আধুনিক গীত আৰু যন্ত্ৰ সংগীত বজাই শিৱ দ’ললৈ যাবলৈ আৰম্ভ কৰিছে৷ এনেদৰে ধৰ্মৰ নামত হোৱা উদ্ভণ্ডালি সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ একাংশই সামাজিক মাধ্যমত চৰকাৰক দাবী জনাইছে৷

শিৱদৌল চৌহদত বোলব’মৰ নামত উদ্ভণ্ডালি

অসমবাসীৰ অতি আদৰৰ আৰু শ্ৰদ্ধাৰ ঢেকীয়াখোৱা নামঘৰৰ পদূলিত একাংশ বোল-ব’ম ভক্তই ডি জে বজাই উদ্দাম নৃত্য কৰাৰ ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তেই এইবাৰ আস্থা, বিশ্বাস আৰু ভক্তিৰ প্ৰতীক শিৱসাগৰৰ শিৱ দৌল চৌহদতো অনুৰূপ কাৰ্য সংঘটিত কৰাৰ ঘটনাই ধৰ্মপ্ৰাণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইতিহাসপ্ৰসিদ্ধ শিৱসাগৰৰ শিৱ দৌলৰ মাহাত্ম্য আৰু ঐতিহ্যক উপহাস কৰি একাংশ বোল-ব’ম ভক্তই দৌল চৌহদত যোৱা নিশা সংঘটিত কৰা আসুৰিক কাৰ্যকলাপক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ৷ আস্থা, বিশ্বাস, ভক্তিৰ পৱিত্ৰতাক একাষৰীয়া কৰি দলৰ প্ৰাংগণত আধ্যাত্মিক নীতি-নিয়মৰ পৰিৱৰ্তে মুকলিকৈ ভাং আৰু সুৰা সেৱন কৰি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ ঘটনাই সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে৷ চূড়ান্ত বিশৃংখলতাৰে দৌল চৌহদত বোল-ব’মৰ নামত একাংশই কৰা উদ্ভণ্ডালিৰ সন্দৰ্ভত আজি দল পৰিচালনা সমিতিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশাসন আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছে৷ উল্লেখ্য যে, দশক দশক জুৰি পৱিত্ৰ শাওন মাহৰ কেওটা দেওবাৰৰ নিশা অনুষ্ঠিত হোৱা বোল-ব’ম যাত্ৰাৰ প্ৰতি শিৱসাগৰৰ প্ৰতিটো শ্ৰেণীৰ ধৰ্ম, বৰ্ণ ৰাইজে অফুৰন্ত সহযোগিতা আগবঢ়াই আহিছে৷ দূৰ-দূৰণীৰ পৰা খালি ভৰিৰে গেৰুৱা বসন পিন্ধি কান্ধত ৰঙীন কাপোৰ মেৰিওৱা ভাৰ লৈ পানী তুলিবলৈ অহা ভক্তসকলক শুশ্ৰূষাৰ কোনোদিনেই ত্ৰুতি কৰা নাই শিৱসাগৰবাসী ৰাইজে৷ মুখেৰে বোল-ব’ম, বোল-ব’ম শীৰ্ষক ধবনি দি অহা গেৰুৱা বসনধাৰী বোল-ব’ম যাত্ৰীসকলক প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে দূৰৈৰ পৰাই সেৱা ভক্তিৰে আদৰণি জনাই আহিছে৷ কিন্তু সম্প্ৰতি কষ্টকৰ পদযাত্ৰাৰ পৰিৱৰ্তে মিনি ট্ৰাকত উচ্ছ শক্তিশালী জেনেৰেটৰ তুলি তীব্ৰ স্বৰত ডি জে বজাই যান-বাহন আইন উলংঘাৰে বহন ক্ষমতাতকৈ অধিক ব্যক্তি, শিশুক তুলি অনা বিপদজনক যাত্ৰা কৰা একাংশ বোল-ব’ম ভক্তই কালি নিশা দৌল চৌহদৰ লগতে নগৰৰ দৌলমুখ চাৰিআলিত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছিল৷ একাংশই অতি কষ্টৰে আস্থা, বিশ্বাসক সন্মুখত লৈ ভক্তি ভাৱেৰে আধ্যাত্মিক কাম-কাজসমূহ কৰাৰ বিপৰীতে একাংশই সৃষ্টি কৰিছিল এক অনাহুত পৰিস্থিতিৰ৷ সুৰাপান কৰি, ঢলং-পলং খোজেৰে দৌলত প্ৰৱেশ কৰা এই একাংশই শিৱ দৌল, দেৱী দৌল, বিষ্ণু দৌল চৌহদত কৰিছিল উদ্দাম নৃত্য৷ ইয়াৰ বিপৰীতে আন একাংশই মুকলিকৈ ভাঙৰ ব্যৱহাৰ কৰা কাৰ্যইও সৰ্বসাধাৰণ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে৷ কিন্তু একে সময়তে অতি দুৰ্ভাগ্যজনকভাৱে আস্থা, বিশ্বাস, ভক্তিৰ এক অনন্য প্ৰতীক হোৱাৰ লগতে দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দৌল চৌহদত একাংশ সুৰাপায়ী ভক্তই য’তে-ত’তে প্ৰস্ৰাৱ কৰা কাৰ্যইও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সচেতন মহলে এইক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে আস্থা, বিশ্বাসৰ নামত একাংশ ভুৱা বোল-ব’ম ভক্তই অনাগত দিনত যাতে দৌল চৌহদৰ পৱিত্ৰতাত যাতে কালিমা সানিব নোৱাৰে তাৰ প্ৰতি কঠোৰ হ’বলৈ দাবী জনাইছে৷ আনহাতে, সকলো সময়ত দৌল উন্নয়ন সমিতিৰ সুৰক্ষাকৰ্মীয়ে দৌল চৌহদ গিজগিজাই ৰাখে তেনে সময়ত বোল-ব’মৰ নামত এনে ঘটনা সংঘটিত হোৱাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷ বিষয় সন্দৰ্ভত দৌল উন্নয়ন সমিতিয়ে গা এৰা মনোভাৱ দি সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰাতকৈ ৰাইজক এই দিশত ব্যৱস্থা ল’বলৈ আহ্বান জনোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

বোল-ব’ম যাত্ৰাত যোৱা বঙাইগাঁৱৰ যুৱকৰ সলিল সমাধি

বোল-ব’ম যাত্ৰাত গৈ সলিল সমাধি ঘটিল বঙাইগাঁৱৰ এজন যুৱকৰ৷ বঙাইগাঁও ভাকাৰিভিটা ১৭ ৱাৰ্ডৰ বাসিন্দা দীপংকৰ ৰায় [ ২৬ ] নামৰ যুৱকজনে কালি নিশা প্ৰায় ১ বজাত ঘৰৰ পৰা ওলাইছিল বোল-ব’ম যাত্ৰালৈ৷ লগৰীয়া দলৰ সৈতে ওলোৱা এই বোল-ব’ম যাত্ৰাৰ দলটো গৈছিল বিজনীৰ নিকটৱৰ্তী আই নৈলৈ৷ দলটো আই নৈলৈ যোৱাৰ পাছত দীপংকৰ নামৰ যুৱকজন নিৰুদ্দেশ হৈ পৰিছিল৷ পাছত আজি বিয়লি ভাগত আই নৈৰ ডাউকীঝাৰত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ যুৱকজনে আই নদীত গা ধুবলৈ এনে অঘটন ঘটা বুলি সন্দেহ কৰা হৈছে৷ ইপিনে যুৱকজনৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ভাকাৰিভিটা অঞ্চলত৷

বোল-ব’মলৈ যোৱা কিশোৰ ৰঙানদীত সন্ধানহীন

লখিমপুৰ নগৰৰ চান্দমাৰিৰ এজন কিশোৰ যোৱা নিশা ৰঙানদীৰ সোঁতত উটি যায়৷ যোৱা নিশা চান্দমাৰিৰ আশিক¸ কুমাৰ ঠাকুৰ [১৩] নামৰ কিশোৰজনে বোল-ব’মলৈ বুলি গৈ পুৱতি নিশা ২ মান বজাত ৰঙানদীত সন্ধানহীন হৈ পৰে৷ আৰক্ষীৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে আজি দিনৰ ভাগত কিশোৰজনৰ সন্ধান চলায় যদিও কিশোৰজনৰ কোনো সন্ধান নোলাল৷ কিশোৰ ছাত্ৰজনৰ এনে নিখোজত চান্দমাৰি অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে পৰিয়ালটোৱে শোকত ম্ৰিয়মান হৈ পৰিছে৷ কিশোৰজনে আন কেইবাজনৰ লগত বোল-ব’মলৈ বুলি যোৱাৰ পাছত পুৱতি নিশা ৰঙানদীত এনেদৰে কিশোৰটি সন্ধানহীন হয়৷ উল্লেখ্য যে, দেওবাৰে নিশা বোল-ব’ম দলৰ লগত ৰঙানদীলৈ গৈছিল উত্তৰ লখিমপুৰ চহৰৰ চান্দমাৰিৰ চন্দন শৰ্মা, আশিক কুমাৰ ঠাকুৰ আৰু গণেশ মন্দিৰৰ সমীপৰ আশ্ৰাফুল আহমেদ৷ তিনিও কিশোৰে নিশা ৰঙানদীৰ বুকুত গা ধুবলৈ যোৱাৰ সময়তে আশিক কুমাৰক ৰঙানদীৰ সোঁতে উটুৱাই নিয়ে৷ অৱশ্যে সৌভাগ্যক্ৰমে আন দুজন কিশোৰ ৰক্ষা পৰে৷