Logo
image

ৰাজহৰ আশাত চৰকাৰে বঢ়াব সুৰা বিপণীৰ সংখ্যা

আমাৰ অসম, ৯ আগষ্টঃ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বঢ়াব বিচাৰিছে সুৰা বিপনীৰ সংখ্যা৷ ইয়াৰ অংশৰূপে ৰাজ্যৰ সকলো বাৰ ৪৫ দিনৰ ভিতৰত অফলাইন কৰাত অনুমোদন জনাইছে অসম কেবিনেটে৷ সোমবাৰে জনতাত ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত মতে সকলো বাৰ অফলাইন কৰাৰ  হ’ব ৪৫ দিনৰ ভিতৰত৷ উপায়ুক্তসকলক গ্ৰামাঞ্চলত অন লাইচেন্সক অফ লাইচেন্স কৰাৰ ক্ষমতা দিয়া হৈছে৷ এতিয়াৰে পৰা গ্ৰামাঞ্চলত নাথাকিব কোনো বাৰ৷  ৰাজ্যত কেৱল ৱাইন শ্বপ থাকিব৷ বাৰবোৰক শ্বপলৈ  পৰ্যবসিত কৰা হ’ব৷ তদুপৰি কেবিনেটত  গ্ৰহণ কৰা সিদ্ধান্ত মতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ আইনৰো সংশোধন কৰা হৈছে৷ পাটোৱাৰী আৰু মণ্ডল, আমিন সকলেও লাভ কৰিব ৩ টা ইক্ৰিমেণ্ট৷ ‘আসাম লজিষ্টিক-২০২২’ গ্ৰহণ কৰিছে অসম চৰকাৰে৷ এই পলিচিৰ অধীনত যিকোনো কাম  সুচাৰুৰূপে কাম কৰিব পাৰিব৷  অসম মটৰ ভেহিকল ২০০৩ ৰ সংশোধন কৰা হৈছে৷ এই সংশোধনীৰ অধীনত যিবোৰ গাড়ী জব্দ কৰা হ’ব গাড়ী ৯০ দিনৰ পাছত সেই গাড়ী নিলাম কৰিব পাৰিব৷ পঞ্চায়ত সম্প্ৰসাৰণ বিষয়া আৰু  এচিষ্টেণ্ট বিডিঅ’সকলে ১৩ বছৰত প্ৰমোচন পাব৷ পূৰ্বতে ১৫ বছৰ আছিল৷ পেঞ্চনাৰসকলৰ বাবে আইনৰ কিছু সংশোধন কৰা হৈছে৷  মণিপুৰত মৃত্যু আৰু নিখোজ হোৱা ২০ জনক ২ লাখ টকাকৈ দিয়া হ’ব আৰু আহত ৫জনক ২৫ হাজাৰকৈ টকা দিয়া হ’ব৷  ৭/২০ আগষ্টত বানত ঘৰ নষ্ট হোৱাসকলক ক্ষতিপুৰণ দিয়া হ’ব৷  তেতিয়া সম্পূৰ্ণৰূপে ভাঙি যোৱা ঘৰ আছিল ৫৫৩২টা৷ পাহাৰ এলেকাত ঘৰ ভঙা লোকে ১লাখ ১৯০০ টকা পাব৷ ৯৫ হাজাৰ টকা পাব ভৈয়ামত বাস কৰাসকলে৷ ১২৩ কোটি টকা বানত ঘৰ ক্ষতি হোৱাসকলক প্ৰদান কৰা হ’ব৷ সকলোৰে একাউণ্টত সোমাব উক্ত ধন৷ কেবিনেটত সমাগত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰা সন্দৰ্ভতো সিদ্ধান্ত লয়৷ সেই মতে মন্ত্ৰী ৰঞ্জিত দাসে বঙাইগাঁৱত, অতুল বৰাই ডিব্ৰুগড়ত, উৰ্খাও গৌড়া ব্ৰহ্মই বিশ্বনাথত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, পৰিমল শুক্লবৈদ্যই কাছাৰত, কেশৱ মহন্তই গোলাঘাটত, ৰণোজ পেগুৱে ধুবুৰীত, অশোক সিংহলে শোণিতপুৰত,  অজন্তা নেওগে যোৰহাটত, পীয়ূষ হাজৰিকাই নগাঁৱত, বিমল বৰাই শিৱসাগৰত, নন্দিতা গাৰ্লোছাই বৰপেটাত, জয়ন্ত মল্ল  বৰুৱাই নলবাৰীত, যোগেন মহনে লখিমপুৰত আৰু মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়াত পতাকা উত্তোলন কৰিব৷