Logo
image

বড়োলেণ্ডৰ দাবীত দিল্লীত ধৰ্ণা, আঁৰত হাগ্ৰামা?

আমাৰ অসম, ৯ আগষ্টঃ পৃথক বড়োলেণ্ডৰ দাবীত নতুনকৈ জন্ম লোৱা দুটাকৈ সংগঠনে আজি নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ দিল্লী আৰক্ষীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল৷ লগতে সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰো৷ পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, সংগঠন দুটাই আজি যন্তৰ মন্তৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সমবেত হৈছিলহি৷ সাত শতাধিক বড়ো যুৱক-যুৱতীয়ে ‘ডিভাইড আছাম ৫০-৫০’ শ্লোগান দি থকা অৱস্থাত হঠাতে চি আৰ পি এফৰ এটা বৃহত দলক লৈ দিল্লী আৰক্ষীয়ে প্ৰতিবাদস্থলীলৈ উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক আটক কৰে৷  উল্লেখ্য যে, বড়ো নেছনেল ষ্টুডেণ্টছ ইউনিয়ন, অল ইণ্ডিয়া বড়ো পিপলছ নেচনেল লীগ ফ’ৰ বড়োলেণ্ড ষ্টেটহুডৰ উপৰি বড়ো ৰাইটাৰছ একাডেমী, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আৰু ওদালগুৰী ডিষ্ট্ৰিক্ট চিটীজেনছ ৰাইটছ মুভমেণ্ট কমিটীয়েও আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ আয়োজন কৰিছিল৷ আৰু এই ধৰ্ণাৰ মূল দাবী আছিল সুকীয়া বড়োলেণ্ডক কেন্দ্ৰ কৰি৷ তদুপৰি, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত থকা বড়ো অধ্যুষিত গাঁওসমূহকলৈ বড়ো-কছাৰী ৱেলফেয়াৰ অট’নমাছ কাউন্সিল আৰু কাৰ্বি আংলঙৰ বড়ো লোকসকলৰ পাহাড়ী জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীও প্ৰতিবাদকাৰীসকলে আজি উত্থাপন কৰে৷ মন কৰিবলগীয়া যে, প্ৰতিবাদকাৰীসকলৰ মাজত থকা কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ ছানছুমা খুগুৰ বিছমুথিয়াৰীয়ে এই প্ৰতিবেদৰ আগত চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি কয় যে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ভংগ কৰাৰ বাবে অসম চৰকাৰৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে৷ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে আগতীয়াকৈ অনুমতি বিচৰা হৈছিল আৰু প্ৰতিবাদ চলি থকা অৱস্থাত দিল্লী আৰক্ষীয়ে তেওঁলোকক আটক কৰাৰ কাৰ্যই প্ৰমাণ কৰে যে উদ্দেশ্য প্ৰণোদিতভাৱেই তেওঁলোকৰ এই ধৰ্ণা কাৰ্যসূচীত ব্যাঘাত সৃষ্টি কৰিব বিচাৰিছে কোনো এক ৰাজনৈতিক শক্তিয়ে৷ উল্লেখ্য যে, ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা অল ইণ্ডিয়া বড়ো পিপলছ নেছনেল লীগ ফ’ৰ বড়োলেণ্ড ষ্টেটহুডৰ সভাপতি হৈছে প্ৰাক্তন সাংসদ বিছমুতিয়াৰী৷ লক্ষণীয়ভাৱে বড়ো প্ৰতিবাদকাৰীসকলক আটক কৰাৰ সময়তেই যন্তৰ মন্তৰত কাৰ্বি, ডিমাছা আৰু তিৱাসকলৰ ৮টাকৈ সংগঠনেও সংবিধানৰ ২৪৪ [ক] অনুচ্ছেদৰ অধীনত স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত আন এটা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছিল৷ পিছে উক্ত ধৰ্ণা কাৰ্যসূচীত কোনো ব্যাঘাত নিদি আৰক্ষীয়ে কেৱল বড়ো প্ৰতিবাদকাৰীসকলক কিয় লক্ষ্য কৰি ল’লে তাক লৈ বিছমুতীয়াৰীয়ে আজি প্ৰশ্ন উত্থাপন কৰি কয় যে গণতান্ত্ৰিক উপায়েৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰ সকলোৰে আছে৷ সমগ্ৰ ঘটনাৰ আঁৰত তেওঁ অসম তথা শাসকীয় বড়োলেণ্ড চৰকাৰৰ ষড়যন্ত্ৰ থকা বুলি সন্দেহ ব্যক্ত কৰে৷ একাংশ প্ৰতিবাদকাৰীয়ে আনকি বড়ো ছাত্ৰ সংগঠন এবছুও এই ষড়যন্ত্ৰত লিপ্ত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ লক্ষণীয়ভাৱে সুকীয়া বড়োলেণ্ডৰ দাবীত সাত শতাধিক প্ৰতিবাদকাৰীক দিল্লী আৰক্ষীয়ে আটক কৰি স্থানীয় মন্দিৰ মাৰ্গ আৰক্ষী চকীত লৈ যোৱাৰ কিছুসময় পিছতেই এবছু আৰু এন ডি এফ বিৰ ১১ জনীয়া প্ৰতিনিধি দল এটাই কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ত বিটিআৰ চুক্তি ৰূপায়ণকলৈ এখন বৈঠকত মিলিত হয়৷ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা গৃহ বিভাগৰ যুটীয়া সচিব পীয়ূষ গোৱেল আৰু এ কে মিশ্ৰৰ সৈতে হোৱা আলোচনাৰ পাছত এবছুৰ সভাপতি দ্বিপেন বড়োৱে সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বড়ো নেছনেল ষ্টুডেণ্টছ ইউনিয়ন আৰু আন দল-সংগঠনসমূহক আৰক্ষীয়ে বাধা দিয়াৰ বাবে এবছুক দোষ দিয়াটো অতি দুৰ্ভাগ্যজনক৷ তেওঁ আৰু কয় যে গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে৷ পিছে অনুমতিৰ বিষয়টো দিল্লী আৰক্ষী আৰু সংশ্লিষ্ট সংগঠনৰ মাজৰ বিষয়৷ ইয়াত এবছুক জগৰীয়া কৰাটো অনুচিত৷ আনহাতে, ধৰ্ণা কাৰ্যসূচী ৰূপায়ণত দিল্লী আৰক্ষীয়ে বাধা দিয়া কাৰ্যকো বড়োৱে দুৰ্ভাগ্যজনক আখ্যা দিয়ে৷ মন কৰিবলগীয়া যে ২০২০ চনত স্বাক্ষৰিত বিটিআৰ চুক্তিৰ পাছত সুকীয়া বড়োলেণ্ডৰ দাবী তল পৰিছিল৷ বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ নেতাসকলেও প্ৰথমতে সাৰ্বভৌমত্বৰ দাবী পৰিহাৰ কৰি আৰু তাৰ পাছত ত্ৰিপাক্ষিক চুক্তি সম্পাদন কৰি সুকীয়া বড়োলেণ্ডৰ দাবী একপ্ৰকাৰ পৰিহাৰ কৰা পৰিলক্ষিত হৈছে৷ তেনে প্ৰেক্ষাপটত বড়োলেণ্ডত ক্ৰমশঃ অপ্ৰাসংগিক হৈ পৰা প্ৰাক্তন বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ পৃষ্ঠপোষকতাত সুকীয়া বড়োলেণ্ডৰ দাবীত বড়ো নেছনেল ষ্টুডেণ্ট ইউনিয়নৰ নিছিনা নতুন দল-সংগঠন জন্ম লোৱা বুলি সংশ্লিষ্ট মহলে ধাৰণা ব্যক্ত কৰিছে৷ আনকি আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ আঁৰত থকা মানুহজনো হাগ্ৰামা মহিলাৰী বুলি বহুতে সন্দেহ ব্যক্ত কৰিছে৷ ইপিনে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এবছু-এনডিএফবিৰ প্ৰতিনিধিসকলৰ বৈঠকখনত বি টি আৰ চুক্তিৰ আঢ়ৈ বছৰ হোৱাৰ পাছতো চুক্তিৰ বহুকেইটা দফা এতিয়াও ৰূপায়ণ নোহোৱাৰ বিষয়টোত বড়ো নেতৃত্বই উদ্বিগ্নতা ব্যক্ত কৰে৷ এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে বড়োলেণ্ডৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ভূটানী আয়োগক কাৰ্যক্ষম কৰাৰ বাবে তেওঁলোক আজি দাবী উত্থাপন কৰিছে৷ তদুপৰি, আত্মসমৰ্পণকাৰী এন ডি এফ বিৰ কেডাৰসকলক পুনৰ্সংস্থাপন আৰু জে’লত থকা বিদ্ৰোহী নেতাসকলৰ মুক্তিৰ বিষয়টোও খৰতকীয়া কৰাৰ দাবী জনোৱা হৈছে বুলি বড়োৱে জানিবলৈ দিয়ে৷