Logo
image

গেমনৰ প্ৰস্থান! মহানগৰীত পানী এতিয়া ‘মৰীচিকা’

৭২ শতাংশ কাম কৰি ৯৬ শতাংশৰ ধন লৈ আঁতৰিল

আমাৰ অসম, ৯ আগষ্টঃ গুৱাহাটীবাসীয়ে চলিত আগষ্টৰ পৰা আংক্ষিকভাৱে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ লগতে নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰীয়ে আশা দিছিল যদিও সেই আশাত যেন এতিয়া চেঁচা পানী পৰিল৷ গুৱাহাটীবাসীয়ে অনিৰ্দিষ্ট কালৰ বাবে খোৱাপানী লাভ নকৰা দেখা দিছে৷ কিয়নো পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ ঠিকাদাৰী প্ৰতিষ্ঠান ‘গেমন’ক আধৰুৱা কামৰ মাজতে সোমবাৰে টালি-টোপোলা বান্ধি বিদায় দিলে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে৷ স্বাভাৱিকতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাকৈয়ে প্ৰকল্পটোৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক অব্যাহতি দিয়াত গুৱাহাটীবাসীয়ে সহজে পানী লাভ কৰাটো অনিশ্চিত হৈ পৰিছে৷ উল্লেখ্য, প্ৰায় ৪০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পটোৰ ৯৬ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি দাবী কৰি অহা হৈছিল যদিও শেহতীয়াকৈ জিএমডিএৰ জৰীপত প্ৰকল্পটোৰ মাত্ৰ ৭২ শতাংশ কাম সম্পূৰ্ণ কৰা বুলিহে নিশ্চিত হৈছিল৷ অথচ গেমন ইণ্ডিয়াই জিএমডিএৰ একাংশ শীৰ্ষ বিষয়ববীয়াক মেনেজ কৰি ৯৬ শতাংশ কামৰ ধন মোকলাই নিবলৈ সক্ষম হৈছিল৷ এই লৈ জিএমডিএ আৰু গেমনৰ সংঘাত বৃদ্ধি পোৱাৰ পাছতেই শনিবাৰে জিএমডিএৰ মুখ্য কাৰ্যবাহী বিষয়াই এটা নিৰ্দেশনা যোগে সোমবাৰে দিনৰ ১০ বজাৰ ভিতৰত প্ৰকল্পস্থলী খালী কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ এই নিৰ্দেশ মৰ্মেই গেমনে সোমবাৰে প্ৰকল্পস্থলী পৰিত্যাগ কৰিবলৈ বাধ্য হয়৷ স্বাভাৱিকতেই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক আধাতে অব্যাহতি দিয়াত গুৱাহাটীবাসীয়ে কেতিয়া খোৱাপানী লাভ কৰিব তাক লৈ অনি(য়তা আহি পৰিছে৷ লক্ষণীয় বিষয়টো হৈছে পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ পৰা মুঠ ৫৪টা জ’নৰ ভিতৰত দুটা জ’নত আংক্ষিকভাৱে খোৱাপানী যোগান ধৰি আহিছিল৷ শেহতীয়াকৈ পশ্চিম গুৱাহাটী প্ৰকল্পৰ পৰাই ২০ কোটি টকা অতিৰিক্তভাৱে খৰচ কৰি মধ্য গুৱাহাটীত আংক্ষিকভাৱে পানী যোগানৰ পৰিকল্পনা কৰিছিল৷ চলিত মাহতে সাদিলাপুৰকে ধৰি কাষৰীয়া এলেকাত ৮ হাজাৰ পৰিয়ালক পানী যোগানৰ বাবেও সাজু হৈছিল৷ আনকি মধ্য গুৱাহাটীবাসীয়ে কেতিয়া পানী লাভ কৰিব বাৰে বাৰে ঘোষণা কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নগৰ উন্নয়নমন্ত্ৰী অশোক সিংঘালে৷ কিন্তু এই প্ৰস্তুতিৰ মাজতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক বিতাৰণ কৰা কাৰ্যক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, গেমনৰ পানী যোগান প্ৰকল্পৰ যান্ত্ৰিক পৰিচালনা প্ৰক্ৰিয়াটো ইমানেই অত্যাধুনিক যেন কোনো প্ৰশিক্ষণ অবিহনে সাধাৰণ অভিযন্তাৰ বাবে যন্ত্ৰাংশ ব্যৱহাৰ সহজ বিষয় নহয়৷ আনহাতে জিএমডিএৰ কোনো অভিযন্তাই গেমনৰ অভিযন্তাৰ পৰা প্ৰকল্পৰ যন্ত্ৰাংশ ব্যৱহাৰৰ কাৰিকৰীগত প্ৰশিক্ষণ নোলোৱাৰো অভিযোগ উঠিছে৷ তেনেস্থলত প্ৰকল্পৰ যন্ত্ৰাংশৰ সাধাৰণ বিজুতি ঘটিলেই পানী যোগান প্ৰক্ৰিয়াটো বন্ধ হৈ পৰাৰ আশংকা অধিক৷ তেনেস্থলত, আকস্মিকভাৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠান গেমনক কামৰ পৰা অব্যাহতি দিয়াৰ আঁৰত চৰকাৰৰ গভীৰ ষড়যন্ত্ৰ থকাৰ চৰ্চা হৈছে৷ কিয়নো আধৰুৱাকৈ চুক্তি ভংগ কৰি নিৰ্মাণকাৰী প্ৰতিষ্ঠান গেমনক অব্যাহতি দিলে, পৰৱৰ্তী প্ৰতিষ্ঠানটোৱে জিএমডিএৰ বিৰুদ্ধে ন্যায়ালয়ত দ্বাৰস্থ হ’লে পানী যোগান প্ৰকল্পৰ কাম-কাজত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পূৰ্ণ আশংকা আছে৷ সেয়েহে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক আদালতত দ্বাৰস্থ হোৱাৰ সুযোগ দি পশ্চিম গুৱাহাটীৰ লগতে মধ্য গুৱাহাটীবাসীক পানী যোগান ধৰিব নোৱাৰাৰ কাৰণ হিচাপে আইনী মেৰপেচৰ দুহাই দি গুৱাহাটীবাসীৰ ওচৰত দায় সৰাৰ কৌশল ৰচনা কৰা বুলিও চৰকাৰৰ বিৰুদ্ধে অভিযোগ উঠিছে৷ ফলত গুৱাহাটীবাসীয়ে খোৱাপানীৰ নামত এতিয়া যেন মৰীচিকা খেদি ফুৰিবলগীয়া হৈছে৷