Logo
image

আঙুৰ মিঠা! সেও মানিলে প্ৰতিবাদকাৰীয়ে

আমাৰ অসম, ৯ আগষ্টঃ আহোম জাতিক অপমান সংক্ৰান্তীয় বিতৰ্কিত এটা ভিডিঅ’ক লৈ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ বাসগৃহ ঘেৰাও কৰাৰ হুংকাৰ দিয়া আহোম জনগোষ্ঠীৰ ক্ষুব্ধ ছাত্ৰ সংগঠনে অৱশেষত সেও মানিলে৷ বিজেপিৰ প্ৰতিবাদী সমদলত সঁচাকৈয়ে আহোম জাতি মুৰ্দাবাদ শ্ল’গান দিছিল নে, ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰিছিল তাৰ সত্যতা নিৰূপণ কৰিবলৈ বৰ্তমানেও সক্ষম নহ’ল স্মাৰ্ট অসম আৰক্ষী৷ ৰাজ্যৰ এটা বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানত প্ৰচাৰিত বিজেপিৰ বিক্ষোভৰ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই সদৌ তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদকে ধৰি আহোমৰ কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে থানাই থানাই আঙুৰলতা ডেকাক গ্ৰেপ্তাৰৰ দাবীত এজাহাৰো দাখিল কৰিছিল৷ ইফালে, বিজেপিৰ ফালৰ পৰা উক্ত ভাইৰেল ভিডিঅ’টো দুষ্ট চক্ৰৰ সম্পাদিত বুলি দাবী কৰি এই কাণ্ডৰ প্ৰকৃত দোষীক চিনাক্ত কৰাৰ দাবীত ওলোটাই এজাহাৰো দাখিল কৰিছিল৷ কিন্তু স্মাৰ্ট অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিলে যদিও আজিলৈকে ভিডিঅ’টো সঁচাকৈ সম্পাদিত কৰিছিল নেকি, যদি কৰিছিল ইয়াৰ আঁৰত কোন জড়িত তাক চিনাক্ত কৰাত ব্যৰ্থ হ’ল৷ ভাইৰেল ভিডিঅ’টোৰ উৎসৰ সন্ধান উলিওৱাৰ বাবে আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাৰ বাবে সাধাৰণ কাম যদিও ৰহস্যজনক কাৰণত অসম আৰক্ষীয়েও বৰ্তমানলৈ ইয়াৰ সত্যতা ৰাজহুৱা কৰাৰ পৰাও বিৰত আছে৷ তাৎপৰ্যপূৰ্ণভাৱে আহোম জাতিৰ অভিভাৱক বুলি দাবী কৰি অহা সদৌ তাই আহোম ছাত্ৰ সন্থাই আহোমক অপমান কৰাৰ প্ৰতিবাদত ৮ আগষ্টত বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ঘোষণা কৰাৰ বিবৃতি ৰাজহুৱা কৰিছিল৷ আটাছুৰ এই ঘোষণাৰ পাছতেই ছাত্ৰ সংগঠনটোক ভুল বুজাবুজিৰ পৰা আঁতৰি আহিবলৈ মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰি আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দুই বিজেপি নেতা লক্ষ্য কোঁৱৰ আৰু সুশান্ত বৰগোহাঁয়ে হেঙেৰাবাৰীৰ পৰা সংবাদমেল সম্বোধন কৰিছিল৷ ইয়াৰ পাছতেই আঙুৰলতা ডেকাক উদ্ধাৰত নামি মন্ত্ৰী পীয়ূষ হাজৰিকাই ভিডিঅ’টো সম্পাদনা কৰাসকলৰ লগতে সামাজিক মাধ্যমত ভাইৰেল কৰা সকলকো গ্ৰেপ্তাৰ কৰাৰ হুমকি দিয়ে৷ মন্ত্ৰী হাজৰিকাৰ এই হুমকিৰ পাছতেই আটছুৱে সোমবাৰে ঘোষণা কৰা আঙুৰলতা ডেকাৰ বাসগৃহ ঘেৰাও প্ৰতিবাদী কাৰ্যসূচীৰ পৰা বিৰত থকা দেখা গ’ল৷ আঙুৰলতা ডেকাক গ্ৰেপ্তাৰৰ দাবীত ধৰ্ণাত বহা ছাত্ৰ সংগটনটোৱে মন্ত্ৰীৰ লগতে দুই বিজেপি নেতাৰ বুজনিৰ পাছতেই ৰহস্যজনক কাৰণত মৌন হৈ পৰা কাৰ্যক সহজভাৱে লোৱা নাই জনগোষ্ঠীটোৰ লোকসকলে৷ আটাছুৰ শীৰ্ষ নেতৃত্বই ৰাজনৈতিক সংস্থাপন লাভ কৰা বাবেই জাতিটোক অপমান কৰাৰ পাছতো আঙুৰক মিঠা সজাই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা পিছহোঁহকা দিয়া বুলিও সামাজিক মাধ্যমত চৰ্চা হোৱা দেখা গৈছে৷ ইফালে, আটাছুৱে বিজেপিৰ বিৰুদ্ধে আন্দোলনৰ পৰা বিৰত থাকিলেও তাই আহোম যুৱ পৰিষদে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে৷ ইফালে, বৈদ্যুতিন সংবাদ মাধ্যমত প্ৰচাৰিত ভিডিঅ’ত স্পষ্টকৈ আহোম জাতিক মুৰ্দাবাদ শ্ল’গান দিয়া বুলি দাবী কৰি বিভিন্নজনে সংবাদ মাধ্যমত প্ৰচাৰিত উক্ত ভিডিঅ’টোৰ পৰা তদন্ত আৰম্ভ কৰিলেই সকলো ওলাই পৰিব বুলিও মন্তব্য কৰা দেখা গৈছে৷ আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাত ব্যৰ্থ হৈছে যদিও মন্ত্ৰী পীয়ূষ হাজৰিকাই ভাইৰেল ভিডিঅ’টোক লৈ ক্ষোভ ব্যক্ত কৰি ছ’চিয়েল মিডিয়াত আপলোড কৰাসকলকহে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়াত সহজভাৱে লোৱা নাই জনগোষ্ঠীটোৰ সচেতন মহলে৷

আটাছু নেতা যাদৱ কোঁৱৰক ক্ষমা খোজাৰ দাবী কলিতা জনগোষ্ঠী সন্মিলনৰ

‘আটাছু নেতা যাদৱ কোঁৱৰক ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী জনাইছে কলিতা জনগোষ্ঠীৰ সন্মিলন, অসমে৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত কলিতা জনগোষ্ঠী সন্মিলন, অসম আৰু সদৌ কলিতা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে বিষয়ববীয়াসকলে৷ সংবাদ মেলত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সাধাৰণ সম্পাদক বিষ্ণু পাটগিৰিয়ে কয়- বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই এটা সমদলত অংশগ্ৰহণ কৰি আহোম জনগোষ্ঠীক মুৰ্দাবাদ ধবনি দিয়া বিষয়ত ৰাজ্যত থকা ৭০ লাখ কলিতা জনগোষ্ঠীৰ লোকক টাই আহোম ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক যাদৱ কোঁৱৰে ৪ আগষ্টত সংবাদ মেলৰ জৰিয়তে তুচ্ছ তাচ্ছিল্য কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ৷ তেওঁ ৰাজনৈতিক নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে যি মন্তব্য দিয়ে তাত আমাৰ ক’ব লগীয়া একো নাই৷ কিন্তু কলিতা জনগোষ্ঠীক আক্ৰোশ মূলকভাৱে সংবাদ মেলৰ জৰিয়তে ‘ঢেকেৰী’ বুলি কোৱাৰ লগতে কলিতা জনগোষ্ঠীৰ কোনো ইতিহাস নাই বুলি উপলুঙা কৰে৷  উজনি অসমৰ এটা জনগোষ্ঠীয় সংগঠনৰ নেতাই বিজেপি নেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ কলিতা জনগোষ্ঠীক অসাংবিধানিক, অশ্লীল আৰু অপমানসূচক শব্দৰে যিদৰে তিৰস্কাৰ কৰিলে লগতে নামনি অসমৰ লোকসকলক অৰুচিকৰ ভাষাৰে তাচ্ছিল্য কৰা কাৰ্য গৰিহণাৰযোগ্য৷ ইমানতে শেষ নকৰি আটাছু নেতাজনে বিশিষ্ট ইতিহাসবিদ সূৰ্য কুমাৰ ভূঞা, ড॰ বাণীকান্ত কাকতি, মণিৰাম দেৱান আদি কলিতা সমাজৰ চিৰ নমস্য ব্যক্তিসকলকো কটু ভাষাৰে সমালোচনা কৰে৷ ইয়াৰ পাচতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত নেতাজনে সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য বুলি বিষয়টো গাপ দিব বিচাৰে৷ গোটেই ঘটনাক্ৰম সন্দৰ্ভত চালি জাৰি চাই কলিতা জনগোষ্ঠীৰ দুই সংগঠনৰ হৈ আমি গৰিহণা দিছোঁ৷ গোটেই ঘটনাটোৰ সত্যাসত্য অদ্যপি নিৰূপণ নহ’ল যদিও ইয়াক লৈ বিভিন্ন সংগঠনৰ ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে৷ আমাৰ সংগঠন অসমৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি সমানে শ্ৰদ্ধাশীল আৰু কাকো হেয় কৰি অসমীয়া জাতিৰ মাজত ভাঙোন অনাৰ তীব্ৰ বিৰোধী৷ আমাৰ জনগোষ্ঠী কোনো বিশেষ ৰাজনৈতিক দলৰ ভোটবেংক নহয়৷ তেওঁলোকৰ কাৰ্যসূচীৰ লগত আমাৰ কোনো সম্পৰ্ক নাই৷ তেওঁ অহেতুকভাৱে কলিতা জনগোষ্ঠীক বিষয়টোৰ মাজলৈ টানি আনি তীব্ৰ বিদ্বেষ আৰু ঘৃণাৰে আমাক যিদৰে ওপচাই পেলালে সেয়া কোনো খন্তেকীয়া আবেগিক মন্তব্য নহয় বৰঞ্চ দীৰ্ঘদিন ধৰি তেওঁলাকৰ মনৰ মাজত লুকাই থকা ঈৰ্ষাৰ প্ৰতিফলন মাত্ৰ, সেয়া তেওঁৰ মন্তব্যত আৰু সংবাদ মেলৰ পৰিবেশৰ পৰা স্পষ্ট হৈছে৷ ইতিহাসৰ পুৰণি ঘা খুচুৰি ঐক্যবদ্ধ অসমীয়া জাতিটোক থানবান কৰাৰ হকে কোনো কাম কৰিবলৈ কলিতা জনগোষ্ঠীৰ লোকসকল ইচ্ছুক নহও নহলে তেনে বহু কটু কথাৰে আমিও প্ৰত্যুত্তৰ দিলোহেতেন৷ পাঁচ হাজাৰ বছৰীয়া ইতিহাস সমৃদ্ধ কলিতা সকলে সদায়ে দেশ আৰু জাতিৰ স্বাৰ্থত তেনে বহু অপমান সহ্য কৰিও নীৰবে অসমীয়া সমাজখনক ঐক্যবদ্ধ আৰু সমৃদ্ধিশালী কৰি ধৰি ৰাখিছে তাক দোহৰাৰ প্ৰয়োজন নাই৷ আমাৰ স্পষ্ট স্থিতি আটাছূৰ শীৰ্ষ নেতাজনৰ বক্তব্য কোনো কাৰণত তেওঁৰ ব্যক্তিগত মতামত নহয়৷ সেয়া সংবাদমেলখন আয়োজন কৰাত ইতিমধ্যে প্ৰমাণিত হৈছে৷ গতিকে ইয়াৰ বাবে আটাছু নামৰ সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই কলিতা জনগোষ্ঠীৰ ওচৰত মাৰ্জনা বিচাৰিব লাগিব৷ ইয়াৰ অন্যথা গোটেই ঘটনাক্ৰম সন্দৰ্ভত আমাৰ দুয়োটা সংগঠন ক্ৰমে কলিতা জনগোষ্ঠী সন্মিলন আৰু সদৌ কলিতা ছাত্ৰ সন্থাই আমাৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈ আৰু ন্যায়িক প্ৰক্ৰিয়াৰ মাজলৈ যাবলৈ বাধ্য হ’ব৷ ইয়াৰ দ্বাৰা কোনো কাৰণত অসমৰ জাতি জনগোষ্ঠী সমূহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হলে অথবা ভাঙোনমুখী প্ৰক্ৰিয়া আৰম্ভ হলে তাৰবাবে সম্পূৰ্ণ জগৰীয়া হ’ব আটাছুৰ নেতৃত্ব৷ যাদৱ কোঁৱৰে ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে আইনী ব্যৱস্থা লোৱা হ’ব৷ আমি আহোম জনগোষ্ঠীক সন্মান কৰোঁ৷ সেয়েহে এই সংবাদ মেল যোগে ৪৮ ঘণ্টাৰ ভিতৰত আটাছুৰ নেতৃত্বক নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰি কলিতা জনগোষ্ঠীৰ ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিবলৈ পুনৰবাৰ আহ্বান জনালোঁ৷’ সংবাদ মেল যোগে সদৌ কলিতা ছাত্ৰ সন্থাৰ সভাপতি নৱজিৎ বৰ্মন, সাধাৰণ সম্পাদক দেৱকুমাৰ ডেকা,  কলিতা জনগোষ্ঠী, অসমৰ বিষয়ববীয়া উপস্থিত থাকি আটাছুৰ নেতাজনক ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ বাবে দাবী জনায়৷

তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ বিৰুদ্ধে তামুলপুৰত গোচৰ

তাই আহোম ছাত্ৰ সন্থাই সংবাদ মাধ্যমৰ জৰিয়তে বিজেপি দলৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ কলিতা জনগোষ্ঠী সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ তামুলপুৰ জিলা সমিতিয়ে৷  ছাত্ৰ সংগঠনটোৰ মুখপাত্ৰ যাদৱ কোঁৱৰে এখন সংবাদ মেলযোগে আঙুৰলতা ডেকাক ইতিহাস নথকা এটা জনগোষ্ঠীৰ লোক বুলি কোৱাৰ লগতে বিভিন্ন বাক্যবানেৰে জনগোষ্ঠীটোক চূড়ান্ত অপমান কৰা বুলি অভিযোগ তুলি সদৌ অসম আলপাইন কলিতা জনগোষ্ঠী সন্মিলনৰ অন্তৰ্গত তামুলপুৰ জিলা কলিতা জনগোষ্ঠী সন্মিলনে কালি সন্ধিয়া তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ ওচৰত যাদৱ কোঁৱৰ নামৰ মুখপাত্ৰজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷ আনহাতে, তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদৱ কোঁৱৰক কলিতা জনগোষ্ঠীৰ ওচৰত শীঘ্ৰেই ক্ষমা খুজিবলৈও দাবী জনাইছে বুলি তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মোহন কলিতাই জানিবলৈ দিছে৷

আন জনগোষ্ঠীক তুচ্ছ-তাচ্ছিল্য কৰা নেতাৰ বক্তব্যৰ সৈতে আটাছুৰ সম্পৰ্ক অস্বীকাৰ

আঙুৰলতা ডেকাই আহোম জাতিক অপমান কৰাৰ অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এটা চেটেলাইট চেনেলত দাঙি ধৰা বক্তব্যত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ [আটাছু] গোলাঘাট জিলা সমিতিক প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় সমিতিৰ সদস্য যাদৱ কোঁৱৰে আন এটা জনগোষ্ঠীক তুচ্ছ-তাচ্ছিল্য কৰা কাৰ্যৰ সৈতে তাই আহোম ছাত্ৰ সন্থাৰ কোনো সম্পৰ্ক নাই বুলি আজি সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ এক বিবৃতিত স্পষ্ট কৰি দিয়া হয়৷ আটাছুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু যুটীয়া সম্পাদক স্বাক্ষৰিত বিবৃতিটোত কোৱা হয় যে যাদৱ কোঁৱৰৰ লগত উক্ত চেনেলৰ অনুষ্ঠানত আটাছুৰ গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি ভীমকান্ত গোহাঁই আৰু সাংগঠনিক সম্পাদক দীপক গগৈও উপস্থিত থাকে যদিও এই তিনিওজনে গোলাঘাট জিলা সমিতিৰ সম্পূৰ্ণ অজ্ঞাতেই উক্ত কাৰ্যসূচীত ভাগ লৈছিল৷ সাতৰাজ সামৰি এক ৰাজ কৰি চু্যকাফাৰ নীতি-আদৰ্শৰে আগবাঢ়ি ছশ বছৰীয়া ৰাজত্বৰে ইতিহাসৰ পাত সোণালী আখৰেৰে জিলিকাই তোলা এটা জাতিয়ে কেতিয়াও অসমৰ এটা বিশেষ জনগোষ্ঠীক  লৈ এনে কটু মন্তব্য নকৰে৷ তেওঁলোকৰ উক্ত নিজা বক্তব্যৰ সৈতে তাই আহোম ছাত্ৰ সন্থা কোনো কাৰণত জড়িত নহয় বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়া হয়৷