Logo
image

ড্ৰ’নৰ প্ৰশিক্ষণেৰে যুৱক-যুৱতীক সংস্থাপনৰ বাট

আমাৰ অসম, ১০ আগষ্টঃ ৰূপান্তৰৰ দিশে আৰু এখোজ৷ এইবাৰ ড্ৰ’ন প্ৰশিক্ষণেৰে নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাট মুকলি কৰাৰ প্ৰয়াস কৰিছে অসম চৰকাৰে৷ মূলতঃ সেই উদ্দেশ্যেই ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ অনুমোদন সাপেক্ষে গুৱাহাটীৰ বৰঝাৰৰ বিমানবন্দৰৰ সমীপৱৰ্তী বঙৰাস্থিত অসম চৰকাৰৰ এমট্ৰনৰ অধীনত পৰিচালিত ‘টেক চিটী’ত স্থাপন কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু দেশৰ ২৪সংখ্যক ড্ৰ’ন পাইলট প্ৰশিক্ষণ বিদ্যালয়৷ বিদ্যালয়খনত মানৱবিহীন বিমান বা ড্ৰ’ন বহুমুখী উদ্দেশ্যত কিদৰে ব্যৱহাৰ কৰি স্বাৱলম্বী হব পাৰি বা ইয়াক জীৱিকা নিৰ্বাহৰ বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ দিয়া হ’ব৷ টেক চিটিত থিয়ৰী শিক্ষা প্ৰদান কৰা হব যদিও আকাশত দ্ৰোণ উৰুৱাৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হব জালুকবাৰীৰ সমীপৰ সাতমাইলত থকা অসম বন বিদ্যালয় চৌহদৰ খেলপথাৰত৷ আনহাতে মঙলবাৰে প্ৰশিক্ষণ বিদ্যালয়খন উদ্বোধন কৰে অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি, বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই৷ এই উপলক্ষে এমন্ত্ৰনৰ পৰিচালন সঞ্চালক এছ সুন্দৰৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা এমন্ত্ৰনৰ প্ৰাক্তন পৰিচালন সঞ্চালক মহেন্দ্ৰ কুমাৰ যাদৱে৷ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই কয়– টেক চিটীত স্থাপন কৰা ড্ৰোণ পাইলট প্ৰশিক্ষণ বিদ্যালয়খনত  যুৱক-যুৱতীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী বিভাগত কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব বা নিজাকৈ কাম কৰিব পাৰিব৷ ৰাজ্য তথা দেশ - বিদেশৰ বহু অভিজ্ঞতা থকা উদ্যোগী ব্যক্তি আছে৷ আমি সেইসকলক অনুসৰণ কৰি আগবাঢ়ি যাব লাগিব তেতিয়াই তেওঁলোকৰ ওচৰ চাপিব পাৰিম বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই৷ অনুষ্ঠানত এমন্ত্ৰনৰ অধ্যক্ষ তথা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোণ প্ৰশিক্ষণ বিদ্যালয় বঙৰা টেক চিটিত স্থাপন হোৱাত যুৱক-যুৱতীসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিব৷  টেক চিটিয়ে পৰৱৰ্তী সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত বিভিন্ন প্ৰকল্প প্ৰস্তুত কৰিব বুলি ভাষণ প্ৰসঙ্গত কলিতাই উল্লেখ কৰে৷ অনুষ্ঠানত বিদ্যালয়ত প্ৰশিক্ষণৰত শিক্ষাৰ্থী সকলক  প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ অনুষ্ঠানত  এমট্ৰনৰ উপাধ্যক্ষ ৰিতু বৰণ শৰ্মা, সঞ্চালক মণ্ডলীৰ সদস্য পংকজ পাঠক,  অসম চৰকাৰৰ আই টি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, সচিব নন্দিতা দত্ত, সঞ্চালক স্বপ্ননীল পাল, লণ্ডনস্থিত কৰছাইটৰ মুখ্য কাৰ্যবাহী বিষয়া ৰব ৱাট, কাৰ্যবাহী জেৰি বছম,  অসম চৰকাৰৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে৷  প্ৰশিক্ষণ বিদ্যালয়ৰ জৰিয়তে ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীসকলৰ মাজলৈ লৈ যোৱাৰ লক্ষ্য স্থিৰ কৰিছে এমট্ৰনে৷ এই বিদ্যালয়ে যুৱক যুৱতীসকলৰ জীৱিকা আৰু সংস্থাপনৰ ক্ষেত্ৰতো এক নতুন পথ মুকলি কৰাৰ লগতে সমাজৰ উন্নতিৰ ক্ষেত্ৰতো অৰিহণা জনাব বুলি আশাবাদী এমট্ৰনৰ কতৃৰ্পক্ষ৷ এতিয়ালৈকে দেশত মুঠ ২৩খন দ্ৰোণ বিদ্যালয় স্থাপনত অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে অনুমোদন দিছে৷  মঙলবাৰৰ পৰা গুৱাহাটীৰ এমট্ৰন দ্ৰোণ বিদ্যালয় উদ্বোধন হোৱাৰ লগে লগে দেশৰ দ্ৰোণ মানচিত্ৰত অসমৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি এমন্ত্ৰন কতৃৰ্পক্ষই জানিবলৈ দিছে৷ ইফালে অসম বন বিদ্যালয়ৰ খেলপথাৰত বিয়লি প্ৰশিক্ষাৰ্থী সকলক দ্ৰোণ উৰুৱাৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়৷ এই কাৰ্যসূচীত এমন্ত্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, উপাধ্যক্ষ ৰিতু বৰণ শৰ্মা, প্ৰাক্তন পৰিচালন সঞ্চালক মহেন্দ্ৰ কুমাৰ যাদৱ, পৰিচালন সঞ্চালক এছ সুন্দৰকৈ ধৰি কেবাজনো বিষয়া উপস্থিত থাকে৷