Logo
image

পদ্ম এৰি লণ্ঠনৰ পোহৰেৰে পুনৰ ক্ষমতাৰ পথত নীতিশ

তেজস্বী উপমুখ্যমন্ত্ৰী

নীতিশৰ দুই-তৃতীয়াংশ গৰিষ্ঠতা

আমাৰ অসম, ১০ আগষ্টঃ এঘণ্টাতকৈ কম সময়ৰ ভিতৰত ৰাজ্যপাল ফাগু চৌহানক মঙলবাৰে দুবাৰকৈ সাক্ষাৎ কৰি নীতিশ কুমাৰে বিহাৰৰ ৰাজনীতি পলকতে সলনি কৰি পেলালে৷ প্ৰথমটো সাক্ষাতত বিয়লি চাৰি বজাত তেওঁ বিহাৰৰ ৰাজ্যপালৰ হাতত মুখ্যমন্ত্ৰীৰ পদত্যাগ পত্ৰ তুলি দিলে৷ পাঁচ বজাৰ পূৰ্বে তেওঁ পুনৰ লালুপ্ৰসাদ যাদৱৰ দুই পুত্ৰ তেজস্বী আৰু তেজপ্ৰতাপক দুয়োকাষে লৈ যেতিয়া ৰাজভৱনত প্ৰৱেশ কৰিলে, তেতিয়া তেওঁ ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত দাব জনালে নতুন চৰকাৰ গঠনৰ৷ এই এঘণ্টাৰ ভিতৰত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পদ্মৰ সুগন্ধ এৰি লালুপ্ৰসাদ যাদৱৰ লণ্ঠনৰ পোহৰত আশ্ৰয় লোৱাতো নিশ্চিত কৰিলে৷ এঘণ্টাৰ ভিতৰতে পাঁচ বছৰ ধৰি বিহাৰৰ চৰকাৰৰ অংশ লৈ থকা বিজেপি বিৰোধী দললৈ অৱনমিত হ’ল৷ হাতত ৪৫ জন  বিধায়ক লৈয়ো পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহাটো নিশ্চিত হ’ল নীতিশ কুমাৰৰ৷ ৭৯ জন বিধায়ক থকা লালুপ্ৰসাদ যাদৱৰ আৰজেডি চৰকাৰৰ মূল অংশীদাৰ হৈ পৰিল আৰু উপ মুখ্যমন্ত্ৰীৰ পদত লালু-পুত্ৰ তেজস্বী যাদৱ অধিষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিল৷ পাঁচ বছৰৰ পাছত বিহাৰত পুনৰ চাচা-ভতিজাৰ চৰকাৰ গঠন অৱধাৰিত হ’ল৷ কোৱা বাহুল্য মাথোঁ, ২০০০ চনৰ পৰা ২০২২ চনৰ ভিতৰত উপৰ্যুপৰি অষ্টমবাৰৰ বাবে নীতিশ কুমাৰে এই ঘটনাক্ৰমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাটো নিশ্চিত হ’ল৷ 

মাথোঁ এদিন আগলৈকে বিজেপিৰ সৈতে জোঁট বান্ধি বিগত পাঁচ বছৰ ধৰি সুষমভাৱে চলি থকা বিহাৰৰ ৰাজনৈতিক দৃশ্যপট এনেদৰে মঙলবাৰে কেইঘণ্টামানৰ ভিতৰতে সাল-সলনি হৈ যাব বুলি দেশৰ জনতাই ভাবিবই পৰা নাছিল৷ অন্ততঃ তেনে কোনো ৰাজনৈতিক চমক ঘটিব পাৰে বুলি ভবাৰ সময় কোনেও পোৱা নাছিল৷ প্ৰকৃততে নীতিশ কুমাৰে সেই সময় কাকো দিবলৈ ইচ্ছুক নাছিল৷ যিদৰে তেওঁ ২০১৭ চনত আচম্বিতে আৰজেডিৰ সংগ ত্যাগ কৰি ১২ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত বিজেপিৰ হাতত ধৰি নতুন চৰকাৰ গঠন কৰিছিল, ঠিক সেইদৰে এইবাৰো কোনো ৰাজনৈতিক দলক বিহাৰ বিধানসভাৰ ঘোঁৰা কিনা বেচাৰ সুযোগ নিদিয়াকৈ নীতিশ কুমাৰে নিজৰ গাদী আৰু চৰকাৰ অক্ষত ৰাখিলে৷ উল্লেখ্য, ২০১৫ চনত আৰজেডিৰ সৈতে জোঁট বান্ধি নীতিশ কুমাৰৰ  জেডি [ইউ] দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি চৰকাৰ প্ৰতিষ্ঠা কৰিছিল৷ কিন্তু কেন্দ্ৰত শাসনাধিষ্ঠিত নৰেন্দ্ৰ মোদী চৰকাৰে তেজস্বী যাদৱৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ তুলি নীতিশ কুমাৰৰ চৰকাৰখন অস্থিৰ কৰি পেলোৱাৰ সময়ত তেওঁ আচম্বিতে ২০১৭ চনত আৰজেডিৰ সংগ ত্যাগ কৰি বিজেপিৰ সৈতে জোঁট বান্ধি এন ডি এত বিলীন হৈছিল৷ ২০২০ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনো নীতিশ কুমাৰৰ জে ডি [ইউ] এ প্ৰতিদ্বন্দ্বিতা কৰিছিল এন ডি এৰ জোঁট সংগী হিচাপে৷ সেই নিৰ্বাচনত নীতিশ কুমাৰৰ জে ডি [ইউ] দলে ৪৫ খন আসন পোৱাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল ৭৭ খন আসন৷ তথাপি পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হোৱাত বিজেপিয়ে আপত্তি কৰা নাছিল৷ সেই নিৰ্বাচনত ৭৯ খন আসন লাভ কৰিও চৰকাৰ গঠন কৰিবলৈ অপাৰগ হৈ প্ৰধান বিৰোধীৰ আসনত বহিছিল আৰ জে ডি৷ আৰ জে ডিৰ জোঁট সংগী কংগ্ৰেছে লাভ কৰিছিল ১৯ খন আসন৷ 

দেখাত বাহিৰৰ পৰা বিহাৰ চৰকাৰৰ গতি সুষম যেনেই অনুভৱ হৈছিল৷ কিন্তু ভিতৰি ভিতৰি বিজেপিয়ে নীতিশ কুমাৰৰ ওপৰত প্ৰৱল চাপ প্ৰয়োগ কৰি আছিল৷ অধিক আসন লাভ কৰিও মুখ্যমন্ত্ৰিত্ব আৰু অধিক ক্ষমতা লাভ নকৰা বুলি বিহাৰৰ বিজেপিয়ে বাৰম্বাৰ অভিযোগ তুলি আছিল৷ ফলত চৰকাৰৰ জোঁট সংগী হৈয়ো উভয় দলৰ মাজত ক্ৰমাৎ পাৰ্থক্য বৃদ্ধি পাই আহিছিল৷ নৰেন্দ্ৰ মোদীৰ চৰকাৰে আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বই নীতিশ কুমাৰৰ চৰকাৰক বিভিন্ন বিষয়ত হেঁচা প্ৰয়োগ কৰি আহিছিল৷ ক্ৰমাৎ নীতিশ কুমাৰৰ বাবে সেই চাপ অসহনীয় হৈ পৰিছিল৷ ফলত বিজেপি আৰু জে ডি [ইউ]ৰ মনোমালিন্য বাঢ়ি গৈছিল৷ বিভিন্ন বিষয়ত যেনে, কেন্দ্ৰৰ সংশোধিত নাগৰিকত্ব আইন, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, কাশ্মীৰৰ নীতিৰ বিৰুদ্ধে মতামত ব্যক্ত কৰিছিল নীতিশ কুমাৰৰ দলে৷ শেহতীয়াকৈ বিহাৰত জাতি ভিত্তিক সমীক্ষাৰ সিদ্ধান্ত লোৱাৰ পৰা নীতিশ কুমাৰক বিৰত কৰিবলৈ মোদী চৰকাৰে প্ৰৱল হেঁচা দিছিল৷ কিন্তু নীতিশ কুমাৰে সেই হেঁচা উপেক্ষা কৰি ৰাজ্যত জাতি ভিত্তিক সমীক্ষা সম্পাদন কৰে৷ ইয়াৰ ফলত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে নীতিশ কুমাৰৰ দূৰত্ব ক্ৰমাৎ বৃদ্ধি পায়৷ শেহতীয়াকৈ নীতিশ কুমাৰে মোদী চৰকাৰে আয়োজন কৰা বিদায়ী ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে আগবঢ়োৱা ভোজমেল, নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ আৰু আনকি যোৱা সপ্তাহত আয়োজন কৰা নীতি আয়োগৰ বৈঠকত নীতিশ কুমাৰ অনুপস্থিত থাকি তেওঁ বিজেপিৰ সৈতে আৰু অধিক দিন যে একেলগে থাকিবলৈ বিচৰা নাই সেয়া বুজাই দিছিল৷ তাৰেই ফলশ্ৰুতি হৈছে মঙলবাৰৰ বিহাৰৰ ৰাজনৈতিক পট পৰিৱৰ্তন৷

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিক এই ৰাজনৈতিক যুদ্ধত বিজেপিৰ অস্ত্ৰৰেই বধ কৰিলে৷ কিয়নো বিজেপিয়ে বিহাৰকো মহাৰাষ্ট্ৰৰ দৰে কৰিবলৈ আগবাঢ়িছিল৷ নীতিশ কুমাৰৰ দলৰ ৰামচন্দ্ৰ প্ৰসাদ সিং ওৰফে আৰ চি পি সিঙক মহাৰাষ্ট্ৰৰ শিৱসেনাৰ একনাথ সিন্দেৰ দৰে বিহাৰত ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰিছিল বিজেপিয়ে৷ এবছৰৰ পূৰ্বে আৰ চি পি সিঙক মোদী চৰকাৰৰ কেবিনেটত লোৱা হৈছিল৷ তেওঁক দিয়া হৈছিল তীখা দপ্তৰৰ মন্ত্ৰিত্ব৷ সেই আৰ চি পি সিঙক বিজেপিয়ে বিহাৰত নীতিশ কুমাৰৰ জে ডি [ইউ] দলটো ভাঙিবলৈ ব্যৱহাৰ কৰিছিল৷ তাৰ উমান পাই নীতিশ কুমাৰে আৰ চি পি সিঙৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে আৰু যোৱা ৬ জুলাইত তেওঁ মোদী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়৷ কেইদিনমান পূৰ্বে তেওঁ জে ডি [ইউ] দলো ত্যাগ কৰিবলগীয়া হয়৷ ফলত বিহাৰত বিজেপিৰ মহাৰাষ্ট্ৰৰ দৰে ৰাজনৈতিক পট পৰিৱৰ্তন কৰাৰ পৰিকল্পনা ব্যৰ্থ হয়৷ অভিজ্ঞ ৰাজনীতিক নীতিশ কুমাৰে বিজেপিৰ সেই পৰিকল্পনাৰ উমান পাই আৰ জে ডিৰ সৈতে আলোচনা কৰে আৰু চৰকাৰত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ আৰ জে ডিৰ সৈতে নীতিশ কুমাৰৰ চৰকাৰত অংশ ল’বলৈ মান্তি হয় বিহাৰত জোঁট সংগী হৈ থকা কংগ্ৰেছ দলেও৷ ফলত নীতিশ কুমাৰৰ বাবে মঙলবাৰৰ পদত্যাগ আছিল কেৱল আনুষ্ঠানিকতা মাত্ৰ৷ নীতিশ কুমাৰে বুধবাৰে অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব৷ নীতিশ কুমাৰৰ এই চৰকাৰত উপ-মুখ্যমন্ত্ৰী হ’ব লালুপ্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ৷ চৰকাৰত অংশগ্ৰহণ কৰিব কংগ্ৰেছ দলেও৷ নীতিশ কুমাৰ আৰু তেজস্বী  যাদৱে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ হাতত ১৬৪ বিধায়কৰ সমৰ্থন আছে৷ মুঠ ২৪৩ জনীয়া বিহাৰৰ বিধানসভাত এখন আসন খালী হৈ থকাৰ বাবে চৰকাৰ গঠন কৰিবলৈ ১২২ বিধায়ৰ সমৰ্থনেই যথেষ্ট৷ সেই হিচাপত মুঠ ৭ টা দলৰ মহাজোঁটবন্ধন চৰকাৰৰ হাতত দুই তৃতীয়াংশ বিধায়কৰ সমৰ্থন আছে৷ নিশাটোৰ ভিতৰতে  বিৰোধীৰ আসনত বহিবলৈ বাধ্য হোৱা বিজেপিয়ে নীতিশ কুমাৰে তেওঁলোকক আৰু বিহাৰৰ জনতাক বিশ্বাসঘাটকতা কৰা বুলি মন্তব্য কৰিছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, নৰেন্দ্ৰ মোদীৰ প্ৰৱল বিৰোধী হিচাপে জনজাত নীতিশ কুমাৰে ২০১৫ চনত এন ডি এৰ সংগ এৰিছিল কেৱল নৰেন্দ্ৰ মোদীক এন ডি এই প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰাৰ বাবে৷ প্ৰকৃততে  বিজেপিৰ সাম্প্ৰতিক নেতৃত্বৰ সৈতে কোনোদিনেই নীতিশ কুমাৰৰ সদভাৱ নাছিল৷ মোদী-শ্বাহ যুটীক চকু পাৰি দেখিব নোৱৰাৰ বাবেই নীতিশ কুমাৰে ২০১৫ চনত  তেওঁৰ ঘোৰ ৰাজনৈতিক শত্ৰু লালুপ্ৰসাদ যাদৱৰ সৈতে হাত মিলাইছিল৷ এতিয়া পুনৰ তেওঁ ৰাজনৈতিক শত্ৰুক বন্ধুৰ মৰ্যাদা দিছে একমাত্ৰ বিজেপিৰ দমনমূলক স্থিতি আৰু জেডি [ইউ]ক  ধবংস কৰাৰ পৰিকল্পনা ৰোধ কৰাৰ বাবে৷ সেয়ে বুধবাৰৰ পৰা বিহাৰৰ ৰাজনীতিত  দেখা যাব চাচা-ভতিজাৰ চৰকাৰ৷