Logo
image

শেষনিশা চাংলাঙৰ সেনা শিবিৰত আলফাৰ আক্ৰমণ

আছাম ৰাইফল্‌ছৰ জোৱান গুলীবিদ্ধ

আমাৰ অসম, ১০ আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আলফা আৰু এন এছ চি এনে শক্তি প্ৰদৰ্শনত নামি পৰিছে৷ উত্তৰ-পূবৰ অন্যতম সক্ৰিয় বিদ্ৰোহী সংগঠন দুটাই সেনা বাহিনীৰ ওপৰত আক্ৰমণ কৰি শক্তিৰ উমান দিছে৷ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত আৰু মাত্ৰ ৬টা দিন বাকী থকা অৱস্থাত মঙলবাৰে পুৱতি নিশা আলফা স্বাধীন আৰু এনএছচিএন [ক]ৰ দলে যুটীয়াভাৱে ভাৰত-ম্যানমাৰ সীমান্তৰ অৰুণাচল আৰু নাগালেণ্ডৰ দুটা স্থানত সেনা বাহিনীৰ শিবিৰত বৃহৎ আক্ৰমণ সংঘটিত কৰে৷ অৰুণাচলৰ চাংলাং জিলাৰ পাংছুপাছস্থিত অসম ৰাইফলছৰ শিবিৰত পুৱতি নিশা চলোৱা আক্ৰমণত সেনাৰ এজন জুনিয়ৰ কমিছন অফিচাৰ আহত হ’বলগীয়া হয়৷ পুৱতি নিশা প্ৰায় তিনি বজাত আলফা-এনএছচিৰএনৰ দলটোৱে আছাম ৰাইফলছে তিনিচুকীয়াৰ সীমান্তত নতুনকৈ স্থাপন কৰা শিবিৰটোত অত্যাধুনিক মৰ্টাৰে আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে৷ এই আক্ৰমণৰ পাছতেই ২০-২৫জনীয়া বিদ্ৰোহী দলটোৰ সৈতে সেনাৰ প্ৰায় দুঘণ্টা ধৰি গুলীয়াগুলী হয়৷ আলফা-এনএছচিএনৰ এম্বুশ্বত নায়ক চুবেদাৰ জাৰ্ণাইল সিঙৰ সোঁবাহু আৰু কান্ধত আঘাত পোৱা বুলি সেনাৰ সূত্ৰই নিশ্চিত কৰিছে৷ তদুপৰি সেনাৰ এই প্ৰত্যাক্ৰমণত এজন উগ্ৰপন্থী সদস্য গুলীবিদ্ধ হোৱা বুলি দাবী কৰিছে সেনাই৷ ইফালে আলফা-এনএছচিএনৰ আন এটা দলে ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ চাৰামতিত সেনাৰ কেম্পতো আক্ৰমণ কৰে৷ অৱশ্যে এই আক্ৰমণৰ হতাহতিৰ কোনো তথ্য সেনাৰ ফালৰ পৰা ৰাজহুৱা কৰা নাই৷ ইফালে অৰুণাচলত হোৱা এম্বুশ্বটোৰ নেতৃত্বত আলফাৰ দুৰ্ধৰ্ষ কেডাৰ ৰূপম অসম আছিল বুলি চোৰাংচোৱাই দাবী কৰিছে৷ উল্লেখ্য, আলফাই ১৫ আগষ্টৰ দিনটো সৰ্বাত্মক অসম বন্ধ ঘোষণা কৰিছে৷ আলফাৰ এই আহ্বানৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত এইবাৰ শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদ্‌যাপন হ’ব বুলি মন্তব্য কৰিছিল৷ অৱশ্যে, ইয়াৰ মাজতে চুবুৰীয়া ৰাজ্যখনৰ সীমান্তত আলফাই আছাম ৰাইফলছৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাই বিশেষ তাৎপৰ্যবহন কৰিছে৷ কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাত আছাম ৰাইফলছ আৰু অসম আৰক্ষীয়ে অভিযান চলাই জ্ঞান অসম নামৰ এজন দুৰ্ধৰ্ষ আলফা সদস্যক গুলীয়াই হত্যা কৰিছিল৷ জ্ঞান অসমৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ বাবেই আলফাই আছাম ৰাইফলছৰ ওপৰত এই আক্ৰমণ চলোৱা বুলি ধাৰণা কৰা হৈছে৷ তদুপৰি ১৫ আগষ্টৰ পূৰ্বে অসম তথা চুবুৰীয়া ৰাজ্য কেইখনত উগ্ৰপন্থী সংগঠনৰ আৰু এনে কূটাঘাতৰ আশংকা নুই কৰা নাই চোৰাংচোৱা সংস্থাই৷ স্বাভাৱিকতেই আলফাই পুনৰ সংঘৰ্ষত নামি পৰা বিষয়টোৱে আলফা-চৰকাৰৰ সৈতে প্ৰস্তাৱিত শান্তি আলোচনাৰ মধুচন্দ্ৰিকা অন্ত পৰাটোও নিশ্চিত কৰিছে৷

স্বাধীনতা দিৱস সমাগত, তৎপৰতা বাঢ়িছে আলফাৰ

শান্তি প্ৰক্ৰিয়া ব্যৰ্থ হোৱাৰ ইংগিত দি সুদীৰ্ঘ ৭ বছৰৰ ব্যৱধানত দেশৰ স্বাধীনতা দিৱসৰ দিনটো আলফাই [স্বা] সৰ্বাত্মক বন্ধ ঘোষণা কৰাৰ পাছত ১৫ আগষ্টলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত আজি ধলপুৱাতে ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত হয় আলফা আৰু নগা বিদ্ৰোহী সংগঠন এনএছচিএনৰ সৈতে নিৰাপত্তা বাহিনীৰ তুমুল সংঘৰ্ষ৷ জানিব পৰা মতে, আজি পুৱা প্ৰায় ৪.৪৪ বজাত ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচু-পাছত ১৯ আছাম ৰাইফলছৰ শিবিৰৰ পৰা মাত্ৰ কেইশমিটাৰমান নিলগত আছাম ৰাইফলছৰ এটা তহলদাৰী গোটক সন্দেহজনক আলফা [স্বা] আৰু এনএছচিএনৰ [কে-ৱাই এ] যৌথ দলে আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত বেছ কিছুসময়ৰ বাবে প্ৰচণ্ড গুলীয়াগুলী হোৱা বুলি সূত্ৰত প্ৰকাশ৷ জানিব পৰা মতে, উগ্ৰপন্থীৰ দলে অত্যাধুনিক ৰাইফলৰ উপৰি গধুৰ মাৰণাস্ত্ৰও ব্যৱহাৰ কৰিছিল৷ সংঘৰ্ষত সেনাৰ এজন জুনিয়ৰ কমিশ্যনড্‌ অফিচাৰ [জেচিঅ’] পৰ্যায়ৰ বিষয়া আহত হোৱা বুলি সেনা বাহিনীৰ সূত্ৰই সদৰি কৰিছে৷ গুলীয়াগুলীৰ মাজতে উগ্ৰপন্থীৰ দলটো নিৰাপদে আঁতৰি যাবলৈ সক্ষম হয়৷ ইফালে এই ঘটনাৰ পাছৰ পৰা সেনাই সমগ্ৰ অঞ্চলটোত ব্যাপক অভিযান আৰম্ভ কৰিছে৷ উল্লেখ্য যে, শেহতীয়াকৈ উজনি অসমত আলফাৰ [স্বা] তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ চোৰাংচোৱাৰ সূত্ৰই স্বাধীনতা দিৱসৰ আশে-পাশে আলফাই উজনিত কূটাঘাত সংঘটিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰাৰ পাছত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে৷ ম্যানমাৰৰ পৰা যাতে উগ্ৰপন্থীয়ে প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷ ইয়াৰ মাজতে আজি নিচেই পুৱাতে ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত হয় সন্দেহজনক আলফা আৰু এনএছচিএন বিদ্ৰোহীৰ সৈতে নিৰাপত্তা বাহিনীৰ প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা৷