Logo
image

কৰ্মহীনতাৰ বিস্ফোৰণ

একেজাঁপে নিবনুৱা বাঢ়িল ১০ শতাংশলৈ

আমাৰ অসম, ১০ আগষ্টঃ অগ্নিপথৰ দৰে আসোঁৱাহপূৰ্ণ আঁচনিৰ জৰিয়তে নিবনুৱা সমস্যাৰ দিশত আংশিকভাৱে হ’লেও সমাধানৰ পথ দেখুৱাই ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনলৈ সাজু হ’বলৈ বিচৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ অস্বস্তি বঢ়ালে চলিত সপ্তাহৰ দেশৰ নিবনুৱা বৃদ্ধিৰ পৰিসংখ্যাই৷ কিয়নো ৭ আগষ্ট পৰ্যন্ত বিগত সপ্তাহত দেশৰ নিবনুৱাৰ হাৰ একেকোবে ৯.৬৬ শতাংশলৈ বৃদ্ধি পাইছে৷ ইয়াৰ পূৰ্বৰ সপ্তাহত এই সংখ্যা আছিল ৬.৭৩ শতাংশ৷ এসপ্তাহৰ দেশত নিবনুৱাৰ হাৰ বৃদ্ধি পালে প্ৰায় ৩ শতাংশ৷ এইবাৰ কেৱল গ্ৰামাঞ্চলতে নিবনুৱাৰ সংখ্যা প্ৰায় ১০ শতাংশৰ ওচৰ পাইছেগৈ৷ দুসপ্তাহ পূৰ্বে গাঁৱৰ নিবনুৱাৰ সংখ্যা আছিল ৫.৯৭ শতাংশ আৰু বিগত সপ্তাহত সেই সংখ্যা ৯.৮৮ শতাংশলৈ বৃদ্ধি পাইছে৷ চহৰাঞ্চলত নিবনুৱাৰ হাৰ হৈছে ৯ শতাংশৰ অধিক৷ ৩১ জুলাই পৰ্যন্ত চহৰৰ নিবনুৱাৰ হাৰ আছিল ৮.৩১ শতাংশ৷ ক’ভিডৰ দ্বিতীয়ঢোত একেকোবে দেশত প্ৰায় ১ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছিল৷ সেয়া আছিল ২০২১ চনৰ মে’-জুলাইৰ ঘটনা৷ তাৰ পাছত এটা বছৰ অতিক্ৰান্ত হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে দাবী কৰা মতে দেশৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত হৈছে৷ সেই অনুসৰি দেশত কৰ্মসংস্থাপনো বৃদ্ধি পাব লাগে আৰু বেকাৰৰ সংখ্যা ক্ৰমাত হ্ৰাস পাব লাগে৷ কিন্তু ‘চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক’নমি’ অৰ্থাৎ চিএম আইই-ৰ ৯ আগষ্টত প্ৰকাশিত পৰিসংখ্যা তাৰ সম্পূৰ্ণ বিপৰীত৷ চি এম আই ইয়ে ৯ আগষ্টত দেশৰ নিবনুৱাৰ যি পৰিসংখ্যা আগবঢ়াইছে, সেয়া আক্ষৰিক অৰ্থতে বেকাৰত্বৰ বিস্ফোৰণ৷ সংখ্যাৰ দিশৰ পৰা দেশত কিমান নিবনুৱা আছে–সেয়া এক প্ৰাসংগিক প্ৰশ্ন৷ দেশত এতিয়া নিবনুৱাৰ সংখ্যা প্ৰায় ৭ কোটিৰ৷ চি এম আই ই-ৰ পৰিসংখ্যা অনুসৰি বিগত বছৰৰ ডিচেম্বৰত দেশত মুঠ নিবনুৱা আছিল ৫ কোটি ৩০ লাখৰ অধিক৷ ইয়াৰে ৩ কোটি ৫০ লাখ নিবনুৱাই সক্ৰিয়ভাৱে কৰ্মসংস্থাপন বিচাৰি আছে৷ ১ কোটি ৭০ লাখৰ কাম কৰাৰ ইচ্ছা আছে কিন্তু কৰ্ম সংস্থাপনৰ সন্ধান চলাই নিৰাশ হৈ এতিয়া তেওঁলাকে সক্ৰিয়ভাৱে কৰ্মসংস্থাপন বিচাৰি থকা নাই৷ যি ৩ কোটি ৫০ লাখে সক্ৰিয়ভাৱে কাম বিচাৰি আছে তাৰ ২৩ শতাংশ অৰ্থাৎ ৮০ লাখ হৈছে বেকাৰ মহিলা৷ ইপিনে যি ১ কোটি ৭০ লাখ সক্ৰিয়ভাৱে কৰ্মসংস্থাপন বিচাৰি নথকাকৈ নিবনুৱা হৈ আছে তাৰ ৯০ লাখ মহিলা৷ তেওঁলোকৰ কাম কৰিবলৈ ইচ্ছা আছিল বা আছে, কিন্তু সঠিকভাৱে আৱেদন নকৰাৰ বাবে তেওঁলোকে এতিয়াও নিবনুৱা হৈ আছে৷ চি এম আই ই-ৰ পৰিসংখ্যা অনুসৰি ২০২১ চনৰ ডিচেম্বৰ পৰ্যন্ত দেশত মুঠ মহিলা নিবনুৱাৰ সংখ্যা হৈছে ১ কোটি ৭০ লাখ৷ অতি স্বাভাৱিকভাৱে বিগত সাতমাহৰ সেই সংখ্যাই ২ কোটিৰ সীমা অতিক্ৰম কৰিছে৷