Logo
image

ত্ৰিৰংগা দীঘল হ’ল, কাটি দুছেও কৰিলে বিজেপি নেতাই

আমাৰ অসম, ১০ আগষ্টঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপিৰ অনুসূচিত জাতি মৰ্চাই মঙলবাৰে আয়োজন কৰে প্ৰভাতফেৰী শীৰ্ষক ত্ৰিৰংগা যাত্ৰা৷ পুৱা  ৬.৩০ বজাত উক্ত কাৰ্যসূচী ৰূপায়ণৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল৷ সেই মৰ্মে অনুষ্ঠান উদ্বোধন কৰিবলৈ ৰাজ্যিক বিজেপিৰ সদৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা৷ পল, চেকেণ্ড, মিনিটকৈ নিৰ্ধাৰিত সময় অতিক্ৰম কৰি থাকিল৷ কিন্তু অনুষ্ঠানত ভাগ ল’বলৈ কৰ্মী সমৰ্থক নাহে হে নাহে৷ বাধ্য হৈ আয়োজকে ৯ বজালৈ পিছুৱাই দিয়ে প্ৰভাত ফেৰী অনুষ্ঠান৷ অংশগ্ৰহণকাৰীসকলে এখন সুদীৰ্ঘ ত্ৰিৰংগা পতাকা মূৰত লৈ ত্ৰিৰংগা যাত্ৰা ৰূপায়ণ কৰি পৰিকল্পনা কৰিছিল৷ কিন্তু ৯ বজাতো অতি কম সংখ্যক লোক প্ৰভাতফেৰীত ভাগ ল’বলৈ আগবাঢ়ি আহিল৷ কিন্তু যিখিনি লোক আহিছে সেই লোকেৰে এই সুদীৰ্ঘ ত্ৰিৰংগা পতাকাখন মূৰত লৈ ত্ৰিৰংগা যাত্ৰা কৰিব নোৱাৰি৷ বাধ্য হৈ আয়োজকে প্ৰতীকি ত্ৰিৰংগা পতাকাখন কেছিৰে কাটি দুচেও কৰিলে৷ তাৰ পাছত কটা প্ৰতীকি জাতীয় পতাকাৰে ৰূপায়ণ কৰা হয় ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী৷ ইয়াৰ বিপৰীতে অভয়াপুৰীত ১০০ মিটাৰ দৈৰ্ঘ্যৰ প্ৰতীকি ৰাষ্ট্ৰীয় পতাকা লৈ  প্ৰায় দুহেজাৰ ছাত্ৰ-ছাত্ৰীয়ে ৰূপায়ণ কৰে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী৷ অভিয়াপুৰীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৰূপায়ণ কৰে উক্ত কাৰ্যসূচী৷