Logo
image

এজোপা গছ ৰক্ষাৰ বাবে উজাগৰী নিশা কটনিয়ানৰ

আমাৰ অসম, ১০ আগষ্টঃ ‘এই গছডাল কটনৰ সন্মুখৰ পৰিচয়৷ কটনৰ আশে-পাশে যি শীতলতা আছে, যি শান্তি আছে– কেৱল এই গছডালৰ বাবেই আছে৷ কটনিয়ানৰ আড্ডাৰ স্থলী এই গছডাল৷ গুৱাহাটীৰ আন অঞ্চলৰ তুলনাত কটনৰ সন্মুখত গৰম কম, সেইবাবে হয়তো বন্ধৰ দিনকেইটাত বিভিন্নজনে আহি ইয়াতেই ভিৰ কৰেহি৷ শুনিছোঁ নেহৰু পাৰ্কৰ গেট নিৰ্মাণৰ বাবে কাইলৈ গছডাল কাটিবলৈ মানুহ আহিব৷ ইতিমধ্যে দুখনকৈ গেট থকাৰ পাছতো গছ কাটি গেট সজা এই নীতি কাণ্ডজ্ঞানহীন৷ গছডাল নিজেই এক সৌন্দৰ্য৷ সৌন্দৰ্য বিনাশ কৰি সৌন্দৰ্যবৰ্ধনৰ এই কাম গছত গৰু উঠা কথা৷ এই অসহ্য গৰমত গছডাল নাথাকিলে আমাৰ কি অৱস্থা হ’ব ভাবি চাওকচোন৷ এনে সিদ্ধান্তবোৰ কাৰ উৰ্বৰ মস্তিষ্কৰ পৰা আহে, বুজি নাপাওঁ৷ মাননীয় মুখ্যমন্ত্ৰীগৰাকীও প্ৰাক্তন কটনিয়ান৷ তেখেতৰো নিশ্চয় অনেক আড্ডাৰ অন্যতম স্থান আছিল এই গছডালৰ ছাঁ৷ আমাৰ স্পষ্ট দাবী– তেখেতে এই অবিবেচক কাণ্ড ৰোধ কৰিবলৈ প্ৰত্যক্ষ হস্তক্ষেপ কৰক৷ কটনিয়ান একগোট হওক৷ গছডাল বচাব লাগিব, তেতিয়াহে আমিও জীয়াই থাকিব পাৰিম৷’ সোমবাৰে নিশা ঠিক দহ বজাৰ আগে আগে কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই সামাজিক মাধ্যমত দিয়া এই আপডেট মুহূৰ্তৰ ব্যৱধানত ভাইৰেল হৈ পৰে৷ ত্ৰিদিব ভাগৱতী নামৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰজনে তেওঁৰ এই ফেচবুক আপডেটত ‘টেগ’ কৰে আন ১১জন কটনিয়ান ক্ৰমে সুদৰ্শন কৌশিক শৰ্মা, হূষীকেশ দত্ত, নেপুৰ ৰঞ্জন হাজৰিকা, হৃষীকেশ গোস্বামী, প্ৰাঞ্জল সোণোৱাল, শ্বাস্বতী প্ৰিয়দৰ্শিনী, দিগন্ত বৈশ্য, উজ্জীৱিত বৰুৱা, অক্ষত দাস, অভিজিৎ বৰা আৰু দৃষ্টিৰীমা বৰাক৷ কোৱা বাহুল্য যে হাজাৰ হাজাৰ কটনিয়ানৰ বহু ৰং-বিৰঙী স্মৃতিৰ সাক্ষী এই গছডাল সকলোৰে হেঁপাহৰ, আদৰৰ৷ সৌন্দৰ্যবৰ্ধনৰ নামত গছডাল কাটি পেলোৱাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি প্ৰচাৰ চলাৰ লগে লগেই সামাজিক মাধ্যমত আৰম্ভ হয় প্ৰতিবাদ৷ হাজাৰ হাজাৰ কটনিয়ান আৰু প্ৰাক্তন কটনিয়ানৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে সৌন্দৰ্যবৰ্ধনৰ নামত গছ কটাৰ দৰে অবৈজ্ঞানিক কাৰ্যৰ বিৰোধিতা কৰে আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায়৷ মৰমৰ গছজোপা ৰক্ষা কৰাৰ দাবী জনমতলৈ ৰূপান্তৰ কৰিবৰ বাবেই উজাগৰী নিশা কটালে বহু কটনিয়ানে৷ তোলপাৰ লাগিল সামাজিক মাধ্যমত৷ গতি বেগতিক দেখি অসম চৰকাৰে ঘটনাটোত হস্তক্ষেপ কৰে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই কোনো কাৰণতে যাতে গছডাল কাটি পেলোৱা নহয়, তাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে৷ ইফালে, এইগছডালৰ বিষয়ে জানিবৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰে আৰু কোনো কাৰণতে গছজোপা কাটিব নালাগে বুলি স্পষ্ট কৰি দিয়ে৷ জিএমডিএ কতৃৰ্পক্ষয়ো উপায়ুক্তক এই বুলি অৱগত কৰে যে কটনৰ ইতিহাসৰে সংপৃক্ত এই গছডাল কাটি পেলোৱা নহয় আৰু গছডাল অক্ষত ৰাখিয়েই গেট নিৰ্মাণ কৰা হ’ব৷ গছডাল কটাৰ কোনো পৰিকল্পনা গ্ৰহণ কৰা নহয় বুলিও জিএমডিএ কতৃৰ্পক্ষই উপায়ুক্তক জনাই দিয়ে৷ সেইমৰ্মে উপায়ুক্তই সামাজিক মাধ্যমযোগে ঘোষণা কৰে যে কটন বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত থকা এই গছডাল কাটি পেলোৱা নহয়৷ লগে লগে চৰকাৰ আৰু প্ৰশাসনৰ এই সিদ্ধান্তক সকলোৱে আদৰণি জনায়৷ পৰিৱেশ সচেতনতা আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়ত যুঁজ দিবৰ বাবেও উদীয়মান প্ৰজন্মক আহ্বান জনায় বৃহত্তৰ কটন পৰিয়ালে৷ উল্লেখ্য, ৰাজ্যৰ বিভিন্ন ঠাইত, বিশেষকৈ গুৱাহাটীত উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ নামত প্ৰকৃতি ধবংসযজ্ঞ অব্যাহত আছে৷ সাধাৰণ জনতাৰ দাবী আৰু বিজ্ঞানসন্মত যুক্তি ইত্যাদিৰ প্ৰতি চৰকাৰ-প্ৰশাসনে সাধাৰণতে গুৰুত্ব দিয়া দেখা নাযায় যদিও কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ প্ৰকাণ্ড গছজোপা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে দেখুওৱা তৎপৰতাক সকলোৱে ধন্যবাদ জনাইছে আৰু প্ৰকৃতি ৰক্ষাৰ এই মানসিকতা অব্যাহত ৰাখিবলৈ চৰকাৰ-প্ৰশাসনক আহ্বান জনাইছে৷